Type Here to Get Search Results !

মিচিং ভাষা শিক্ষাৰ প্ৰাৰম্ভিক চিন্তা!

 


মিচিং ভাষা শিক্ষাৰ প্ৰাৰম্ভিক চিন্তা!


জাতিৰাম কামান


   চলিত মাহৰ দ্বিতীয় দিনা অৰ্থাৎ ২০২৫ বৰ্ষৰ ২ এপ্ৰিল তাৰিখে ২০০ খন মিচিং অধ্যুষিত অঞ্চলৰ প্ৰাথমিক বিদ্যালয় সমূহত অসম চৰকাৰৰ নিৰ্দেশত মিচিং ভাষাৰে পাঠদান কৰাৰ কাৰ্যসূচী আৰম্ভ হৈ গৈছে। কাৰ্যসূচীৰ সংগতি ৰাখি অসমৰ মিচিং অধ্যুষিত বিভিন্ন অঞ্চলৰ ৰাইজ তথা ছাত্ৰ সমাজ উৎসাহেৰে ওলাই অহা দেখা গৈছে। এয়া সুখৰ কথা। কথাতে কয় নহয় নাই মোমাইতকৈ কণা মোমায়েই ভাল। Something is better than nothing. প্ৰাৰম্ভিক পৰ্য্যায়তেই সিমান বেছি আশা কৰাও বৰ ঠিক নহয়। মিচিং ভাষা শিক্ষাৰ বাবে অত্যুৎসাহী হৈ অধিক হাৰত সামগ্ৰিক ভাৱে কাম আৰম্ভ কৰিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱণা নুই কৰিব নোৱাৰি! পৰীক্ষামূলক ভাৱে চৰকাৰ তথা শিক্ষা বিভাগে বহু ভাৱি চিন্তি দুশখন প্ৰাথমিক বিদ্যালয়ত বুনিয়াদী স্তৰত পাঠদানৰ কাম শুভাৰম্ভ কৰাৰ সিদ্ধান্ত হয়তু লৈছে! সামগ্ৰিক ভাৱে ব্যাপক স্তৰত পাঠদান আৰম্ভ কৰাৰ বাবে হয়তু আমাৰ আন্তৰ্গাঁথনিৰ অভাৱ, উপযুক্ত পৰিমাণে সকলো বিষয় সামৰি পাঠ্যপুঠি প্ৰণয়ন ও যোগানৰ হয়তু অভাৱ, হেজাৰৰো অধিক স্কুলত পাঠদান কৰাবৰ বাবে প্ৰয়োজনীয় শিক্ষকৰ অভাৱ আৰু সৰ্বোপৰি মিচিং আগম কৗবাং (মিচিং সাহিত্য সভা) সমন্বিতে অসমৰ শিক্ষা বিভাগ সিমানখিনি স্কুল সামৰিবলৈ সদ্যহতে হয়তু প্ৰস্তুত নহয়! এয়া আমাৰ ব্যক্তিগত ধাৰণাহে!আমাৰ ভাৱনা সম্যক নহবও পাৰে!

   ইযিকিনহওক, যিখিনি চৰকাৰ তথা শিক্ষা বিভাগে সদিচ্ছাৰে দিছে, যিমানখিনি স্কুল বাচি উলিয়াই পাঠদানৰ বাবে নিৰ্দেশনা জাৰি কৰিছে, তাতেই সন্তুষ্ট হৈ পাঠদানৰ কাৰ্যসূচী আৰম্ভ কৰাৰ বাদে গত্যন্তৰ নাই আৰু এয়াই সৰল মিচিং ৰাইজে আন্তৰিকতাৰে আদৰিছে আৰু কৰিছে।অকন মানতে অধিক পোৱাৰ দৰে সন্তুষ্টি লভিছে আৰু তাতেই ভূমিপুত্ৰ সৰল মিচিং ৰাইজৰ উদাৰ চৰিত্ৰ প্ৰকাশ পাইছে। যিমানখিনি পাইছে তাকেই দক্ষতাৰে সৈতে সুন্দৰ ভাৱে আগবঢ়াই নিয়াই বহুত।

    যিহেতু আনুষ্ঠানিক পাঠদান কাৰ্য আৰম্ভ হল যেতিয়া আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হব ছাত্ৰ ছাত্ৰীসকলক বৰ সাৱধানে শিক্ষাদান আৰম্ভ কৰাতোহে। অত্যুৎসাহী হৈ যধে মধে যাতে ভুল শব্দ বাক্যৰে পাঠদানৰ কাম আৰম্ভ নকৰে। আগম মিগাং নাহেন্দ্ৰ পাদুন দেৱে কবৰ দৰে - ভুল শিক্ষাৰে পাঠদান কৰি ফুল কুমলীয়া ছাত্ৰ ছাত্ৰী সকলক যাতে বিমোৰত নেপেলায়! প্ৰথম দিনাৰ পাঠদানত তেনে বেমেজালি কিছু পৰিলক্ষিত হৈছে।

    মিচিং ভাষাত পাঠদানৰ পৰিপ্ৰেক্ষিতত মিচিং আগম কৗবাঙৰ নেতৃত্বত বাকী জাতীয় সংগঠন সমূহ বাহ্যিকভাৱে কিছু ক্ষীপ্ৰতাৰে আগবঢ়া দেখা গৈছে,এয়া শুভলক্ষণ। কিন্তু তাতেই সন্তুষ্টি লভি বহি থাকিলে নহব, আৰু অধিক কৰণীয় আছে যিখিনি এতিয়াও হৈ উঠা নাইকিয়া।

 সেই প্ৰয়োজনীয় কামবোৰ আগতেই হব লাগিছিল। হ’লেও কোনো আপত্তি নাই।এতিয়াও পলম হোৱা নাই। এতিয়াও কৰিব পৰা সময় যথেষ্টখিনি আছে। Better late than never কি কি কৰিব পৰা কাম আছে তাৰ মাষ্টাৰ প্লেন এটা তৈয়াৰ কৰি লব পাৰি যাতে সময়ত চৰকাৰী কামবোৰ সহজসাধ্য হৈ উঠে।

  প্ৰথমে কৰিব পৰা কামটো হ’ল প্ৰয়োজনীয় পাঠ্যপুথি সমূহ ছাত্ৰ ছাত্ৰীসকলক যোগান ধৰিব পৰাকৈ যথেষ্ট পৰিমাণে মজুত ৰখা। ইয়াত পাঠ্যপুথি মানে আৰ্হিপাঠ/কুঁহিপাঠ/আদৰ্শপাঠ/ধাৰাপাঠকে আদি কৰি বুনিয়াদী স্তৰত শিকাৰ উপযোগীকৈ নীতিশিক্ষা, সাধুকথা, নেওঁতা, ব্যাকৰণ, সাধাৰণ জ্ঞান, বিজ্ঞান, সমাজ বিদ্যা, পৰিৱেশ বিদ্যা, ভূগোল, বুৰঞ্জী ইত্যাদি পাঠ্যপুথি সমূহ মিচিং ভাষাত অতি সৰল আৰু সাৱলীল ভাৱে প্ৰস্তুত কৰি প্ৰণয়ন কৰাতো যুগুত, যাতে হাগোতে পকৰ বিচৰা অৱস্থাৰ সন্মুখীন হ’ব লগা অৱস্থা নহয়! আমাৰ বোধেৰে আগম কৗবাঙে সেইবোৰ দিশ চালি জাৰি নিশ্চয় চাইছে! আমি জনাৰ উপায় নাই,যিহেতু আমি বাহিৰৰ মানুহ। দ্বিতীয় আৰু আটাইতকৈ প্ৰয়োজনীয় কামটো হ’ল ইতিমধ্যে আগম কৗবাঙৰ দ্বাৰা পতা মিচিং ভাষাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰতিযোগী সকলক adhoc ভিত্তিত অগ্ৰাধিকাৰ দি কিছু জলপানীৰে উক্ত স্কুলসমূহত পাঠদানৰ ব্যৱস্থা কৰিব পাৰি। পাঠদানৰ বেতন হিচাপে অসম চৰকাৰৰ সহযোগত temporary grand-in-aid দি MAC য়ে এই উদ্যোগ ল’ব পাৰে।

   তৃতীয় কৰিব লগা কামটো হল_শিক্ষক বাচনি আৰু নিযুক্তিৰ বাবে প্ৰয়োজনীয় আঁচনিৰ প্ৰস্তুতকৰণ। বৰ্তমানে অবৈতনিক ভাৱে স্বেচ্ছাই পাঠদান কাৰ্য্য আৰম্ভ কৰিছে যদিও স্থায়ী মিচিং বিষয় শিক্ষক পদ নিযুক্তি অনিবাৰ্য। কাজেই, দুশ স্থায়ী মিচিং ভাষা শিক্ষক পদ নিযুক্তিৰ হেতু অসমৰ শিক্ষা বিভাগ আৰু আগম কৗবাঙৰ যৌথ উদ্যোগত মিচিং টেট শিক্ষক পদৰ বাবে আছুতীয়াকৈ পৰীক্ষা পতাৰ চৰ্ত ৰাখিব লাগিব MAK এ যাতে অনতি পলমে সেই কাম সমাধা হয়। পূৰ্বে আগম কৗবাঙে চৰকাৰৰ সহযোগত তেনেদৰেই ২৫০ গৰাকী স্থায়ী মিচিং ভাষা শিক্ষক নিযুক্তি দিছিল যিসকলৰ পদ পৰৱৰ্তী কালত সাধাৰণ শিক্ষকৰ পদলৈ ৰূপান্তৰিত কৰা হল।চতুৰ্থতে অসম চৰকাৰৰ অধীনত মিচিং ভাষা কোষ এটা সচিব পৰ্য্যায়ত ৰখাৰ আবেদন ৰাখি মিচিং আগম কৗবাঙে চৰকাৰৰ দ্বাৰস্থ হব পাৰে যাতে মিচিং ভাষা শিক্ষাৰ পাঠদান তথা বিদ্যাতনিক চৰকাৰী কামবোৰ সামগ্ৰিক ভাৱে সেই কোষ বা শাখাৰ যোগেদি সমাপন কৰিব পৰা যাব।

   আৰু বহুখিনি খুটিনাটি আছে, সদ্যহতে ওপৰত উল্লেখিত কামবোৰেই যথেষ্ট, যদিহে চৰকাৰৰ সদিচ্ছাত সেই কামবোৰ শীঘ্ৰেই হৈ উঠে।


Mising Anu Lutad, Epril, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper