শিক্ষাৰ মাধ্যম হিচাপে মিচিং ভাষাত পাঠদানৰ সন্দৰ্ভত
হৰেন্দ্ৰনাথ দলে
চলিত এপ্ৰিল মাহৰ পৰা মিচিং অধ্যুষিত অঞ্চলসমূহত প্ৰাথমিক বিদ্যালয় পৰ্য়ায়ত আমাৰ মিচিং ল'ৰা-ছোৱালীয়ে তিনিটা মাধ্যমত পঢ়া-শুনা কৰিব। একাংশ মিচিং মাধ্যমত, একাংশ অসমীয়া মাধ্যমত আৰু আন একাংশ ইংৰাজী মাধ্যমত। আপোনালোকৰ সকলোৰে অৱগত যে মিচিং আৰু অসমীয়া মাধ্যম হ’ল চৰকাৰী খণ্ডৰ বিদ্যালয় আৰু মিচিং অধ্যুষিত অঞ্চলবোৰত গঢ় লৈ উঠা ইংৰাজী মাধ্যমৰ বিদ্যালয়বোৰ হ’ল ব্যক্তিগত খণ্ডৰ বিদ্যালয়। এই তিনিটা মাধ্যমৰ ভিতৰত আটাইতকৈ চালুকীয়া মাধ্যমটোৱেই হ’ল মিচিং ভাষাৰ মাধ্যম। অসমীয়া ভাষা শতিকাযোৰা চৰ্চা, অধ্যয়ন আৰু গৱেষণা প্ৰক্ৰিয়াৰে প্ৰতিষ্ঠিত ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীভূক্ত ভাষা। তদুপৰি অসমীয়া ভাষাই ইতিমধ্যে ধ্ৰুপদী ভাষাৰ মৰ্যাদাও লাভ কৰিছে। আনহাতে ইংৰাজী ভাষা আন্তঃৰাষ্ট্ৰীয় ভাষা। ইংৰাজী ভাষা ভাৰতীয় মানুহৰ মাতৃভাষা নহয় যদিও শৈক্ষিক আৰু প্ৰশাসনিক ক্ষেত্ৰত ইংৰাজী ভাষাৰ চাহিদা কোনেও নুই কৰিব নোৱাৰে। প্ৰতিষ্ঠিত ভাষা সমূহৰ প্ৰসঙ্গ উত্থাপন কৰাৰ অন্তৰালৰ মূল উদ্দেশ্য হ’ল এই প্ৰতিষ্ঠিত ভাষাবিলাকৰ বৌদ্ধিক সমতা ৰক্ষা কৰিব পৰাকৈ আমি মিচিং ভাষাত পাঠদান কৰিব পাৰিব লাগিব; নহ’লে মিচিং ভাষাৰ মাধ্যমত শিক্ষা গ্ৰহণ কৰা ল’ৰা-ছোৱালী বৌদ্ধিকভাৱে কুঙা হ’লে মাতৃ-ভাষা প্ৰীতিৰো মূল্য নাথাকিব। সেয়েহে মিচিং আগম কেবাঙে সুচিন্তিভাৱে চৰকাৰৰ লগত আলোচনা কৰি মিচিং ভাষাৰ মাধ্যম প্ৰবৰ্তনৰ বিষয়টো আগুৱাই নিব পাৰিব লাগিব। প্ৰস্তাৱিত ২০০খন বিদ্যালয়ত আন্তঃগাঁথনি আৰু মাষ্টৰ নোহোৱাকৈ মাথাত মিচিং ভাষাৰ মাধ্যমৰ কিতাপৰ টোপোলা লৈ আদৰণি জনোৱা কাৰ্যসূচীবোৰ পৰিহাৰ কৰি নতুন শিক্ষা নীতিৰ আধাৰত প্ৰযোজ্য বিদ্যায়তনিক দিশৰ গুৰুত্বপূৰ্ণ কথাবোৰত অধিক মনোনিবেশ কৰা বাঞ্ছনীয়। নহ’লে মিচিং ভাষাৰ শিক্ষাৰ মাধ্যমো আধাবাটতে হেৰুৱাৰ সম্ভাৱনাই অধিক।
Mising Anu Lutad, Epril, 2025