মিচিং বৰ্ণৰ ক্ৰম আৰু নতুন পঠনশৈলীৰ সন্দৰ্ভত
দুষ্যন্ত নৰহ
মিচিং বৰ্ণৰ ক্ৰম আৰু নতুন পঠনশৈলীৰ ক্ষেত্ৰত সময়ৰ সৈতে খোজ মিলাই আমি শিক্ষকসকলেও আপডেট হৈ থাকিব পাৰিলে ভাল। মিচিং বৰ্ণৰ ক্ৰম আৰু পঠনশৈলী সলনি হোৱা বিষয়টো ইতিমধ্যে ছয় বছৰ অতিক্ৰম কৰিলে। পূৰ্বৰ শৈলী অনুসৰি এটা বৰ্ণৰ নাম দুটা হ’লে হয়। যেনে K বৰ্ণটোকে ধৰি লোৱা হওক । এটা শ্ৰেণীত এগৰাকী শিক্ষকে উল্লখিত বৰ্ণটোক k বুলি চিনাকি কৰাই দিয়াৰ পাছত আন এটা শ্ৰেণীত সেই একেই বৰ্ণটোকে ক বুলি পৰিচয় কৰাই দিয়া হ’লে এটা বৰ্ণৰ দুটা নাম থাকিলে হয়। তেতিয়া হয়তো কণ কণ মইনাহঁত শিক্ষাৰ আদিপাঠতেই দোধোৰ-মোধোৰ অৱস্থাত পৰিলে হয়। বোধ হয় এনেবোৰ সমস্যা দূৰ কৰিবৰ বাবেই বিজ্ঞসকলৰ পৰামৰ্শমৰ্মে কেবাঙৰ সৰ্বসন্মতিক্ৰমে মিচিং বৰ্ণৰ ক্ৰম আৰু পঠনশৈলীৰ সাল-সলনি কৰা হৈছে। নতুন পঠনশৈলীমতে এতিয়া শিক্ষাৰ্থীসকলৰ এই সমস্যা নিশ্চিতভাৱে দূৰ হ’ব। কিয়নো ইংৰাজী ভাষাৰ পাঠদানত A বৰ্ণটো A হ’ব আৰু মিচিং ভাষাৰ পাঠদানতো A বৰ্ণটো A হ’ব। এইক্ষেত্ৰত একে আকাৰ আকৃতিৰ বৰ্ণটোৰ নাম একে থাকিল। বিশেষকৈ প্ৰাথমিক পৰ্যায়ত শিক্ষাদান ব্যৱস্থাটোৱেই হৈছে শিশুকেন্দ্ৰিক। শিক্ষা ব্যৱস্থাটোক শিশুসকলে সহজে বুজিব পাৰিব লাগিব। সেয়ে আমি ক’ব পাৰোঁ মিচিং ভাষাৰ বৰ্ণক্ৰম আৰু পঠনশৈলীটো ইংৰাজীৰ সৈতে একে হৈ পৰাত শিক্ষাৰ্থীসকলে নতুন শৈলীটো অতি সহজে আয়ত্ব কৰি ল’ব পাৰিব। এইক্ষেত্ৰত প্ৰতিটো বৰ্ণৰ বিপৰীতে থকা একো-একোটা ধৱনিক সতৰ্কতাৰে ল’ৰা-ছোৱালীৰ সৈতে পৰিচয় কৰাব লাগিব।
আৰম্ভণিতে শিশুসকল বৰ্ণ বা ধৱনিৰ সৈতে পৰিচয় হোৱাৰ বিপৰীতে আমাৰ চৌপাশে থকা ফল-মূল, গছ-গছনি, নানান বস্তু-বাহানিবোৰৰ লগতেহে প্ৰথমে পৰিচয় ঘটে। যেনে সচৰাচৰ দেখি থকা এটা Appun ক এগৰাকী শিশুৱে সহজে চিনি উলিয়াব পাৰিব। Appun, Appun, Appun বুলি কেইবাৰো ক’বলৈ শিকোৱাৰ পাছতহে সেই শব্দটোৰ প্ৰথম বৰ্ণটো যে আ ধ্বনি কৰিছে ইয়াক আমি শিশুসকলৰ মন-মগজুত লাহে লাহে সংৰোপণ কৰিব লাগিব। এনেকৈ আগবঢ়িলে শিশুসকল নিশ্চিতভাৱে বৰ্ণৰ পাছে পাছে ধ্বনিসমূহ সহজে আয়ত্ব কৰিব পাৰিব।
মিচিং লিপি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ২৬ টা ইংৰাজী বৰ্ণমালাৰ ৬ টা (C, F, Q, V, X, Z) বৰ্ণ বাদ পৰিছে যি কেইটা বৰ্ণই মিচিং ভাষাক প্ৰতিনিধিত্ব নকৰে। এইক্ষেত্ৰত পাঁচটা বৰ্ণ যেনে É,Í, Ng, Ny, : মিচিং লিপিত সংযোজন হৈছে। সেইবাবেই মিচিং লিপিক সংশোধিত ৰোমান লিপি বুলি কোৱা হৈছে। ইয়াত : (য়াৰগদ) ৰ বিশেষ ধ্বনি নাই যদিও স্বৰধ্বনিৰ পাছত বহি ই দীৰ্ঘ স্বৰ ধ্বনিৰ ৰূপ লয়।
মিচিং বৰ্ণক্ৰম আৰু পঠনশৈলী সলনি কৰাটো সৰ্বসন্মতিক্ৰমে লোৱা মিচিং আগম কেবাঙৰ সিদ্ধান্ত। অৱশ্যে কেবাঙে লোৱা সিদ্ধান্তত কাৰোবাৰ মতানৈক্য থাকিলেও বিৰোধ কৰাটো নীতি নহয়। মতানৈক্য থাকিলেও মতান্তৰ ঘটিব নালাগে। এনে কৰিলে জাতিটোৰ ক্ষতি হ’ব। দিচাং টায়ে ছাৰে কোৱাৰ দৰে ভাষাও গতিশীল। এইক্ষেত্ৰত মিচিং ভাষাও সময়ে সময়ে আলাপ-আলোচনাৰ যোগেদি সংশোধন হৈ গৈ থাকিব। আহক, মিচিং আগম কেবাঙে গ্ৰহণ কৰা বৰ্ণক্ৰম আৰু নতুন পঠনশৈলীক মান্যতা দি আৰু সেইমৰ্মে পাঠদানৰ ব্যৱস্থা কৰি ভাষাটোক সৰ্বগ্ৰহণযোগ্য কৰি তোলো।
লিখোঁতে লিখোঁতে দীঘল হৈ গ’ল যদিও লিখিবলৈ বহু কথাই থাকি গ’ল। ক’ৰবাত অজানিতে ভূল-ক্ৰুটি ৰৈ গ’লে আঙুলিয়াই দিলে উৎসাহিত হ’ম।
Mising Anu Lutad, Epril, 2025