পাপৰ বোজা
জাতিৰাম কামান
মৰতত দস্যু ৰত্নাকৰৰ অত্যাচাৰ বেছি হোৱাত সৰগৰ পৰা ত্ৰিমূৰ্তি নামিল সন্ন্যাসীৰ বেশত। ৰত্নাকৰে দস্যুগিৰি কৰা ঘন জংঘলৰ মাজে সন্ন্যাসৰূপী ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰে আহি থাকোতে লুটিবলৈ জোপ লৈ থকা দস্যু ৰত্নাকৰে তিনি সন্ন্যাসীক আগভেটা দি হাতত ধন সোন যি আছে তুৰন্তে তাৰ হাতত অৰ্পন কৰিবলৈ তৰ্জন গৰ্জন কৰিলে। ৰত্নাকৰৰ ভীতি প্ৰদৰ্শনত ভীতিগ্ৰস্ত নহৈ ধীৰ স্থিৰ হৈ থাকি তিনি সন্ন্যাসীৰ মাজৰে এগৰাকীয়ে গুৰু গম্ভীৰ স্বৰে ৰত্নাকৰক ক'লে_'সিমান উত্ৰাৱল নহবা বাচা, আমি তোমাক ধন সোন যি লাগে সকলো দিম। আমাৰ হাতত যিমান আ অলংকাৰ আছে, ধন টকা পইচা আছে সকলো তোমাক বিনা দ্বিদ্বাই দিম।কিন্তু ইয়াৰ আগতে তুমি আমাৰ কিছু কথাৰ উত্তৰ দিব লাগিব। ৰত্নাকৰ পুনৰ গৰজি উঠিল_কি কব লগা আছে বেগতে কোৱা।মোৰ হাতত ফাল্টু সময় নাই। তিনি সন্ন্যাসীৰ মাজৰে এগৰাকীয়ে পুনৰ ক’লে - বাচা ৰত্নাকৰ, তুমি যে ডকাইতি কৰি মানুহক লুটি পুতি খাই আছা, লুট পাত কৰি মানুহক হত্যা পৰ্য্যন্ত কৰি পৰিয়ালক পোহ পাল দি আছা, তোমাৰ পাপকৰ্মৰ ভাগ জানো তোমাৰ পুত্ৰ কন্যা পৰিবাৰে লৈছে?ৰত্নাকৰে গৰ্জি উঠিল - নাজানো; মই সিহঁতক সুধা নাই কেতিয়াও। সন্ন্যাসীৰ মাজৰে এগৰাকীয়ে পুনৰ ক’লে- বাচা ৰত্ন, তুমি প্ৰথমে ঘৰত গৈ সুধি আহাগৈ তোমাৰ পৰিয়ালৰ মানুহক যে সিহঁতে তোমাৰ পাপকৰ্মৰ ভাগ লবনে নলয়! তাৰ পাছত তুমি আমাক লুটি মাৰি কাটি যি কৰা কৰিবা। ৰত্নাকৰে তিনি সন্ন্যাসীক গছত বান্ধি থৈ ঘৰমুখী হল প্ৰশ্নৰ উত্তৰ বিচাৰি। ঘৰত পত্নী, পুত্ৰ কন্যাৰ উত্তৰ শুনি ৰত্নাকৰ বৰ হতাশ হল! মনত অত্যন্ত আঘাত পালে। বাৰে বাৰে কানত বাজি থাকিল পত্নীয়ে তাক ভেকাহি মাৰি তীৰ্যক বাণ মৰা কথালৈ - ‘কিনো গৰজ পৰিছে তোমাৰ পাপৰ ভাগ লবলৈ? তুমি কৰা অপৰাধ তুমিয়েই লোৱা। মোৰ আৰু লৰা ছোৱালীৰ মূৰ নাখাবা। তুমি জহন্নামে যোৱা যদি যোৱা।আমাক তালৈ নাটানিবা। মাকৰ কথাত পুত্ৰ কন্যাও হাত উজান দিলে। সিহঁতে কোৱা কথাবোৰে ৰত্নাকৰক শেলে বিন্ধাদি বিন্ধিলে! সিহঁতৰ তিতকাৰি মৰা কথাবোৰ শুনি কান গৰম হৈ গল! এক্কে কোবে গুছি আহি তিনি ফকীৰক গছৰ পৰা বন্ধনমুক্ত কৰি তেওঁবিলাকৰ চৰণত পৰি বিনাব ধৰিলে - ‘হে বিজ্ঞসকল - তোমালোকনো কোন?মোক আজিলৈকে তেনে কথা সোধাৰ ধৃষ্টতা কোনো পথাচাৰীয়ে কৰা নাই। ভয়ত থৰহৰি কম্পমান হৈ হাতৰ কানৰ গহনা পাতি, ধন সোন বিনা বাক্যব্যয়ে মোক অৰ্পন কৰি নিজ বাটে বাট বোলে। তোমালোকে কিন্তু ভয় ভীত নহৈ মোক ওলোটাই সন্মোহনী বাণ মাৰি কাহানিও নভৱা কথা পৰিজনক সুধি আহিবলৈ পাচিলা। মন্ত্ৰমুগ্ধ হৈ তোমালোকে যি কৈছা তাকেই মানি লৈ সেই কামেই কৰি আহিছো! ইয়াৰ আগেয়েতো তেনে ঘটনা কাহানিও হোৱা নাই? কি আচৰিত?এয়া কেনে ধৰণৰ মনৰ পৰিৱৰ্তন? সন্ন্যাসীৰ বেশত কোন তোমালোক? হে মহানুভৱ! কোৱা বেগতে,আচলতে তোমালোক কোন ? সন্ন্যাসীৰ মাজৰে এগৰাকীয়ে পুনৰ গুৰু গম্ভীৰ স্বৰে ৰত্নাকৰক উদ্দ্যেশি ক’লে - আমাৰ কথা পাছে পৰে জানিবা ৰত্নাকৰ।তাৰ আগতে কোৱা - তোমাৰ পাপকৰ্মৰ ভাগ তোমাৰ পৰিয়ালে নোলোৱাৰ পাছতো তুমি এই একেই পাপকৰ্ম কৰি পৰিয়ালক পোহ পাল দি থাকিবানে বাৰু? কথা শুনি দস্যু ৰত্নাকৰে খঙেৰে উত্তৰ দিলে_কেতিয়াও নহয়, মান্যবৰ। সিহঁতৰ বাবে মই পাপ ঘটি ৰৌ ৰৌ নৰকত কিয় অকলে ফচি মৰিম ? মোৰ পাপৰ ভাগ নলয় যেতিয়া মই পাপকৰ্ম কৰি সিহঁতক খুৱাই বুৱাই ঘৰত ৰখাৰ কি গৰজ পৰিছে। নকৰোঁ মই পাপকৰ্ম; অতদিনে সিহঁতৰ পেটৰ জ্বালা মাৰিবলৈ অতকন আনৰ অনিষ্ট কৰিলো, অপকৰ্ম কৰিলো, আজিৰ পৰা নকৰো, নকৰো; কষ্মিনকালেও নকৰো। আবেগৰ বশৱৰ্তী হৈ ৰত্নাকৰৰ মুখে সৰ সৰকৈ বাগৰি গল কথাবোৰ। ৰত্নাকৰৰ সুমতি অহা যেন দেখি তিনি সন্ন্যাসীয়ে ইজনে সিজনক চোৱা চুই কৰি সমস্বৰে কৈ উঠিল - বাচা ৰত্নাকৰ, তোমাৰ সন্দেহ অমূলক নহয়! আমি নৰৰূপী ত্ৰিমূৰ্তি স্বয়ং ব্ৰহ্মা বিষ্ণু মহেশ্বৰ! তোমাক গতি লগাবলৈ আমি মৰতলৈ এইবেশে আহিব লগা হ’ল। কথা শুনি ৰত্নাকৰে তিনিমূৰ্তিক সাস্তাংগে প্ৰণিপাত কৰি কৰযোৰে মিনতি কৰি কব ধৰিলে - হে প্ৰভু! ভগৱন্ত!! ঈশ্বৰ!!! এই নৰাধম, পাপী ৰত্নাকৰৰ মিনতি স্বীকাৰ কৰা। এই পাপীক উদ্ধাৰ কৰা প্ৰভু। পৰিত্ৰাণৰ উপায় দিয়া। কাতৰ ৰত্নাকৰৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ নিজা ৰূপ ধৰা নাৰায়ণে ক’লে - উঠা উঠা, বাচা ৰত্নাকৰ। এতিয়া তুমি সৌ বোৱতি গংগাত স্নান কৰি আহাগৈ। মা গংগাই তোমাৰ পাপবোৰ ধুই নিকা কৰিব। লগতে দাড়ি গোফ আৰু চুলি কাটি আহাগৈ বুলি ৰত্নাকৰক তাগিদা দিলে। আমি তোমাৰ বাবে ৰৈ থাকিম। দস্যু ৰত্নাকৰে গংগাত গৈ স্নান কৰি দাড়ি চুলি কাটি অপেক্ষা কৰি থকা ত্ৰিমূৰ্তিৰ আগে পুনৰ সম্ভ্ৰমেৰে প্ৰণিপাত কৰিলে। ত্ৰিমূৰ্তিয়ে ক’লে - বাচা ৰত্নাকৰ, দস্যু গুছি এতিয়াৰ পৰা তুমি স্বাভাৱিক জীৱন যাপন কৰিবা। তপস্যা কৰি সিদ্ধি লাভ কৰিবা। তুমি মহৰ্ষি ৰূপে অন্য নামে জগতত পৰিচিত হবা। তোমাক আশীৰ্বাদ কৰিছোঁ! বুলি কৈয়েই ত্ৰিমূৰ্তি থিতাতে সেই ঠাইৰ পৰা অন্তৰ্ধান হল! ৰত্নাকৰ তাতেই প্ৰস্তৰ দৰে থিৰ হৈ চাই থাকিল। সেই বৃক্ষৰ তলিতে বহি পৰি ধ্যানত মগ্ন হল অনিৰ্দিষ্ট কাললৈ। দিন বাগৰি, সপ্তাহ পষেক হ’ল, পষেক হৈ মাহ হ’ল, মাহ গৈ বছৰ হ’ল। বহু বছৰ ঠাইতে তপস্যা কৰি থাকোঁতে বল্মিকে (উঁই হাফলু) গায়ে মূৰে বাঁহ ল’লে। বহু বছৰ ধ্যানত মগন হৈ থাকোতে বল্মিকে শৰীৰত বাঁহ লোৱা বাবে তপস্যাত ৰত ৰত্নাকৰৰ নাম হৈ পৰিল বাল্মিকী। বাল্মিকী মুনি। পাছলৈ ঋষি বাল্মিকী আৰু ৰামায়ণ ৰচনা কৰাৰ পাছত যুগ যুগান্তৰে পৰিচিত হল মহৰ্ষি (মহা+ঋষি) বাল্মিকী ৰূপে।
মহৰ্ষি বাল্মিকীৰ মুখেই সেই প্ৰথম শ্লোক, আদি শ্লোক মুখেদি আপুনা আপুনি নিৰ্গত হৈছিল নিদাৰুন ব্যাধৰ কাড়ত ক্ৰৌঞ্চ পখীৰ সকৰুণ মৃত্যু কাতৰ যন্ত্ৰণাত! বাল্মিকীৰ ক্ৰোধ আৰু শোক মিশ্ৰিত মুখে উদ্ভুত হৈছিল সেই আদিশ্লোক -
“মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বতীঃ সমাঃ।
যৎক্ৰৌঞ্চমিথুনাদেকমবধীঃ
কামমোহিতম্।”
ভাৱাৰ্থঃ হে নিষাদ (ব্যাধ, চিকাৰী) তুমি প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰিবা। কাৰণ, তুমি কামাগ্ন ক্ৰৌঞ্চ (বক জাতীয় চৰাই, এবিধ বগলী) পখীজোৰৰ এটিক বধ কৰিছা।
দস্যু ৰত্নাকৰে অৰ্জা পাপৰ বোজা পৰিয়াল পৰিজনে লোৱা নাছিল। আজিও বহু ৰত্নাকৰৰ পাপৰ ভাগ পৰিয়ালে নলয়। পাপৰ ভাগ লোৱা হ’লে দুৰ্নীতিগ্ৰস্ত নেতা, বিষয়া কৰ্মচাৰীৰ শাস্তি গোটেই পৰিয়ালে বহন কৰিলেহেঁতেন! দুৰ্নীতিগ্ৰস্ত জনেহে কাৰাগাৰত বন্দী হয়। জেলৰ ভাত খাব লগা হয়। নিজৰ দুষ্কৰ্মৰ শাস্তি পত্নী পুত্ৰ কন্যা সহিতে ভােগ নকৰে। দুৰ্নীতিৰ আশ্ৰয় লৈ ধন সম্পত্তিৰ পাহাৰ গঢ়ি দোষী সাব্যাস্ত হ’লে অকলেই জেললৈ যাব লগাত পৰে। ঘৰ পৰিয়ালক লগত নিনিয়ে আৰু আইনেও ইয়াক অনুমতি নিদিয়ে। তেন্তে কিহৰ গৰজত পৰি পৰিয়াল পৰিজনৰ বাবে দুৰ্নীতিৰ আশ্ৰয় লৈ সম্পত্তিৰ পাহাৰ গঢ়িব লাগেনো? আনৰ মুখৰ ভাত কাঢ়ি কিহৰ তাড়নাত ব্যয়বহুল অট্টালিকা, ব্যয়বহুল গাড়ী, প্ৰাইভেট স্কুল, চাহ বাগান, হোটেল, ফ্লেট, হস্পিটেল আদি ক্ৰয় কৰিব লাগে, নিৰ্মাণ কৰিব লাগে? কাৰ কাৰণে ঘটিছে, কোনে খাব? দেশনীতি, ৰাজনীতি আদি কৰক সাধাৰণ জনতাৰ অভাৱ অভিযোগৰ সমস্যা সমাধানৰ বাবে। দেশৰ ৰাজনীতি দেশৰ ৰাইজৰ বাবেহে কৰা হয়, ৰাইজৰ ধন চুচি মাজি নিজে থুলন্তৰ হ’বলৈ নহয়। দেশৰ ৰাজনীতিকসকল যদি নিকা হয়, কমিচন নাখায়, ঘোচখোৰ নহয় তেন্তে কোনো চৰকাৰী বিষয়া কৰ্মচাৰীৰ মাই কা লালৰ সাধ্য নাই দুৰ্নীতিৰে টকাৰ পাহাৰ গঢ়িবলৈ। এজন মন্ত্ৰী ঠিকাদাৰ বা বেপাৰীয়েই লক্ষ কোটি মানুহে খাব পৰা ধন সম্পত্তি হস্তগত কৰি পেলায়!ৰাইজৰ প্ৰতিনিধি হৈ লুটি পুটি খাই নিজৰ বাবে, পৰিয়ালৰ বাবে ধন সম্পত্তি অৰ্জা ৰাজনীতিকে কেতিয়াও ৰাইজৰ নেতা হব নোৱাৰে। তেওঁবিলাক ৰাইজৰ নামত ৰাজনেতা হোৱা বেপাৰীহে। তেনেবোৰ ৰাজনীতিৰ বেপাৰী যেতিয়ালৈকে দেশ শাসন কৰি থাকিব তেতিয়ালৈকে দেশৰ উন্নতি নহয় ই ধুৰূপ জানিব।
ৰাজকোষৰ ধন যদি মন্ত্ৰী, ঠিকাদাৰ, বেপাৰীৰ দ্বাৰা আত্মসাৎ নহয় তেন্তে স্কুল কলেজ, ৰাস্তা-ঘাট, হস্পিটেল, খেতি বাতি, কৃষক জনতা, ছাত্ৰ ছাত্ৰী ইত্যাদি একোৰেই সমস্যা নহব। দেশ সুন্দৰ পথেদি সুন্দৰভাৱে গতি কৰি থাকিব। সমস্যাটো হ’ল ৰাজনীতিত গান্ধী কিম্বা শাস্ত্ৰীৰ অভাৱ!
আচ্ছা,এটা কথা বুজি পোৱা নাই!সেই একেই ৰাজনীতি কৰা, মুখ্যমন্ত্ৰীৰ গাদীত বহা শৰৎ চন্দ্ৰ সিংহই অকল পুৰণা ছুটকেচ খন লৈ দিছপুৰৰ জনতা ভৱনৰ পৰা ওলাই আহিছিল। আকাশ ঢাকিবলৈ ঘৰৰ ছাদ এখনো নাছিল যিজনে একালত গোটেই অসমক শাসন কৰিছিল। অসমক ৰাজ কৰা মানুহজনৰ গুৱাহাটীত এডোখৰ মাটি নাছিল।
দেশৰ ৰাষ্ট্ৰ প্ৰধান হোৱা ৰাষ্ট্ৰপতি, মিছাইলমেন এ পি জে আব্দুল কালাম ৰাষ্ট্ৰপতি ভৱন এৰোতে চুটকেছত ভৰাই আনিছিল পিন্ধা কাপোৰ কানি কেইজোৰ মান মাত্ৰ। দেশত তেনে মহান ব্যক্তিৰ হাতত ক্ষমতাৰ বাঘজৰী থাকিলে কস্মিনকালেও দেশৰ মানুহে এসাজ ভাতৰ বাবে হাঁহাকাৰ কৰিব লগা অৱস্থা নহ’ব। দেশ প্ৰগতিৰ চৰম শিখৰত উন্নীত হব। নিত্য ব্যৱহাৰ্য সামগ্ৰী পানীৰ দামত পাব, সকলোতে জয় জয় ময় ময় অৱস্থা হব।আম্বানী পত্নীয়ে দিনতে কোটি টকা খৰছ কৰা ঈছপৰ গল্পৰ দৰে অবিশ্বাস্য কাহিনীবোৰ ৰাইজে শুনাৰ অৱকাশ নাথাকিব। আমাক তেনে এখন দেশেই লাগে_যত ৰাজকোষৰ টকাৰ সদোপযোগ হৈ ৰাজহুৱা কামত খৰছ হয়।
কিন্তু আমি পাইছো কেনে এখন দেশ?যত ৰাইজৰ প্ৰতিনিধি হৈ ৰাইজকেই লুটি পুটি খাই দেশত অৰাজকতাৰ সৃষ্টি কৰা হয়। চামুচেৰে দি বেলচা মাৰি ৰাইজৰ পৰা লয়। চ্যুট পেন্ট নালাগে পিন্ধিবলৈ ভাল কাপোৰ এযোৰ নথকা ৰাজনেতা ৰাতিৰ ভিতৰতে অগাধ সম্পত্তিৰ মালিক হয়। মাত্ৰ পাঁচ বছৰতেই গাড়ী বাৰী নাৰীৰে ভৰপূৰ হৈ চৈধ্য পুৰুষে খাব পৰাকৈ কোৰোণাৰে ধন চপায়।সিফালে দিনে দিনে সাধাৰণ ৰাইজৰ লাওলোৱা অৱস্থা!আমাক তেনে এখন দেশ নালাগে।তেনে বোৰ ৰাজনেতা নালাগে।
আমাক লাগে দেশৰ বাবে পকেটৰ টকা খৰছ কৰি ৰাইজৰ হকে কাম কৰা নেতা।নিজৰ পকেট গৰম কৰিবলৈ কৰা ৰাজনেতা নহয়।ৰাইজে বুজিলে বুজক। নুবুজিলেও আপত্তি নাই।কাৰণ,আমিবোৰ হলো চৰ্তিয়াত বিকি যোৱা সৰ্বহাৰা ভোটাৰ।আমাৰ ভোটেৰে আমি ৰজা বনাওঁ, আমিয়েই কৰ কাটলৰ বোজা বহন কৰোঁ অধিক। কৰত গ্ৰস্ত, কৰত ত্ৰস্ত আমি কৰতলীয়া দুৰ্ভোগ ভোগা জনতা। কৰৰ বোজা আমি বহন কৰাৰ দৰে আমাৰ পৰিয়ালৰ লোকেও সমানে বহন কৰিছে বা কৰিব লগা হৈছে।ঠিক তেনেদৰে আমাৰ নেতাসকলে অৰ্জন কৰা পাপৰ বোজা তেওঁলোকৰ পৰিয়ালৰ লোকে বহন কৰিছেনে বা কৰিবনে?যদিহে কৰিবলৈ মান্তি হৈছে তেন্তে বিচাৰৰ কাঠগঢ়াত নেতাৰ লগতে পত্নী পুত্ৰ কন্যাও সমভাগী হব লাগিব। যদিহে ৰাজনেতাৰ পাপৰ ভাগ নলয় তেন্তে গনতন্ত্ৰৰ মন্দিৰৰ পৰা শৰৎ সিংহ কিম্বা এ.পি.জে আব্দুল কালামৰ দৰে ফকিৰ হৈ ওলাই অহাৰ সৎ সাহস কৰক। যিদৰে জাতিৰ পিতা বাপুজীয়ে নঙঠা ফকিৰ হোৱাৰ দুঃসাহস কৰিছিল গোটেই বিশ্বতে।
তেনে কৰিব নোৱাৰিলে গনতন্ত্ৰ/ৰাজনীতি/সমাজনীতি/দেশনীতি আদি শব্দবোৰেৰে মন্ত্ৰোৎচ্ছাৰণ কৰি ৰাজনৈতিক বেজালিবোৰ কৰাৰ পৰা বিৰত থাকক ৰাজনীতিত ফকিৰ হব নোৱৰাসকলে। কাৰণ, ৰাইজৰ বাবেহে ৰাজনীতি, ৰাজনীতি নিজৰ বাবে নহয়।নিজৰ বাবে কৰিবলৈ হলে গেলা-মালৰ দোকান দিয়ক যত চাউলত শিলগুটি মিহলাই বেপাৰ কৰি মানুহক খুৱাব পাৰিব। কাৰণ, মানুহক শিলগুটি মিহলাই খোৱাব পৰা মানসিকতা বেপাৰীৰহে হব পাৰে ৰাইজৰ হকে কাম কৰা ৰাজনেতাৰ নহয়।
পৰিশিষ্টঃ
এবাৰ এজন ভদ্ৰলোকে বন্ধু এজনক কৈছিল যে তেওঁ এজন সফল ব্যৱসায়ী হ’ব নোৱাৰে কাৰণ তেওঁ মানুহে নকৰা কাম কৰিব নোৱাৰে!বন্ধুৱে কথাটো বুজি নোপোৱাত তেওঁ পুনৰ বন্ধুক উদ্দ্যেশি কলে - এই ধৰক, আপুনি গেলামালৰ দোকান এখন দিছে আৰু চাউল বিক্ৰি কৰিছে। আপুনি লাভৰ বাবে চাউলৰ লগত শিল গুটি মিহলাব নোৱাৰে,আপোনাৰ মনে নকয়_কাৰণ সেই চাউল আপোনাৰ দৰে মানুহেহে খাব। তেনে মানৱীয় চিন্তা চেতনা থকা মানুহ এজন সফল বেপাৰী হব নোৱাৰে।যাৰ তেনে চিন্তাশক্তি নাই তেওঁহে ব্যৱসায়ত উৰ্ধগামী হ’ব পাৰিব!
আজিৰ ভাৰতবৰ্ষ তেনে মুষ্টিমেয় বেপাৰীয়েহে চলাই আছে। আৰু ইয়াক ৰাজকোষৰ তলি উদং কৰি চৰকাৰে উদগনি দি আছে।আজিৰ ভাৰতবৰ্ষ তেনে ব্যৱসায়ীক গোষ্ঠীৰ হাতত, যিয়ে পৰিয়াল পৰিজনৰ আৰ্থিক উন্নতিক অগ্ৰাধিকাৰ দিয়ে, তেওঁবিলাকৰ বাবে দেশৰ সৰ্বাংগীন উন্নতি গৌণ। সদ্য প্ৰয়াত ৰতন টাটাৰ দৰে উদ্যোগপতিৰ হাতত নহয়, যিগৰাকী উদ্যোগপতিয়ে তেওঁক আজীৱন ৰান্ধি বাঢ়ি খুউৱাৰ বিনিময়ত ৰান্ধনীৰ বাবে এক কোটি অৰ্থৰ উইল কৰি থোৱাৰ কলিজা ৰাখে। তেনে উদ্যোগপতিৰ হাততেই দেশৰ অৰ্থনীতি সুৰক্ষিত আৰু তেনে উদ্যোগপতিক উৎসাহিত কৰা নেতা আৰু চৰকাৰৰ প্ৰয়োজন দেশ প্ৰগতিৰ বাবে। বিড়ম্বনাৰ কথাটো হ’ল তেনে visionary politicianৰ অভাৱ আজিৰ তাৰিখত। কবাত আছে যদিও ক্ষমতা হাতত নাই তেনে কল্যানকামী ৰাষ্ট্ৰনেতাৰ।
Mising Anu Lutad, Epril, 2025