Type Here to Get Search Results !

গোগামুখত অনুষ্ঠিত হ’ব “শিপিনী মত বিনিময়” অনুষ্ঠান



মিচিং আনু লুতাদ, গোগামুখ, ২৫ ডিচেম্বৰ, ২০২৪: গ্ৰাম্যাঞ্চলৰ উদ্যোগী শিপিনীৰ বাবে এটি সু খবৰ। অহা ২৭ ডিচেম্বৰত গোগামুখ আবুতানি লত্তাত অনুষ্ঠিত হ’ব “শিপিনী মত বিনিময়” অনুষ্ঠান।


মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া পৰামৰ্শ মৰ্মে হস্ততাঁত বস্ত্ৰ বিভাগৰ উদ্যোগত গ্ৰাম্যাঞ্চলৰ উদ্যোগী শিপিনী সকলৰ প্ৰস্তুতিত সামগ্ৰী আৰু ব্যৱসায়িক সম্প্ৰসাৰণ দিশত বিশেষ গুৰুত্ব প্ৰদান কৰি আয়োজন কৰা হৈছে “শিপিনী মত বিনিময়” অনুষ্ঠান।


মহিলাৰ সৱলীকৰণ তথা স্বাৱলম্বিতাৰ হকে পৰিষদৰ যি লক্ষ্য-উদ্দেশ্য, সেই লক্ষ্য উদ্দেশ্যত উপনীত হ’বলৈ এনে কাৰ্য্যসূচীত গ্ৰাম্যাঞ্চলৰ উদ্যোগী শিপিনী সকলে অংশগ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজন।


২৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া “শিপিনী মত বিনিময়” অনুষ্ঠানত যাতে সকলো গ্ৰাম্যাঞ্চলৰ উদ্যোগী শিপিনীয়ে অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে প্ৰতিগৰাকী কাৰ্য্যবাহী সদস্য-সদস্যা, সাধাৰণ সদস্য-সদস্যা আৰু জাতীয় সংগঠনৰ প্ৰতিটো স্তৰৰ নেতা-কৰ্মী সকলক সহযোগীতা আগবঢ়াবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছে মিচিং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper