মিচিং আনু লুতাদ, জাপৰিগোগ, গুৱাহাটী, ৪ জানুৱাৰী, ২০২৫: আজি দিনৰ ১১ বজাত গুৱাহাটীৰ জাপৰিগোগস্থিত মুৰং প্ৰেক্ষাগৃহত সদৌ গুৱাহাটী জ্যেষ্ঠ মিচিং নাগৰিক সন্থাৰ নৱগঠিত কাৰ্যনিৰ্বাহক সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত সভাপতিত্ব কৰে নতুন সভাপতি মাননীয় শ্ৰীযুত অৱনি মিলিদেৱে। সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় সম্পাদক শ্ৰীবিষ্ণু কুমাৰ পেগুৱে। আজিৰ সভাত নতুন কাৰ্যনিৰ্বাহক সমিতিখনক পূৰ্ণাঙ্গৰূপ দিয়া হয়। তদুপৰি আজিৰ সভাত চলিত বৰ্ষ ২০২৫-ৰ পৰা পৰ্যায়ক্ৰমে ৰূপায়ন কৰিব পৰাকৈ ১২ দফীয়া কৰ্ম-আঁচনি প্ৰস্তুত কৰা হয়। আজি গ্ৰহণ কৰা কৰ্ম-আঁচনিৰ ওপৰত আলোকপাত কৰি সদৌ গুৱাহাটী মিচিং কেবাঙৰ বৰ্তমানৰ সভাপতি মাননীয় উকেন পেগু, প্ৰাক্তন সভাপতি মাননীয় কৰ্ণেশ্বৰ দলে, বিশিষ্ট শিক্ষাবিদ মাননীয় নাৰায়ণ পেগু, সহকাৰী সম্পাদক সত্যনাথ পেগু আৰু মাননীয়া হীৰা পামেগাম পেগুৱে অতি গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে।
আজিৰ প্ৰথমখন বৈঠকৰ আন এক গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় কাৰ্যসূচী আছিল কবি-লেখক পদ্মলাল পাতিৰিদেৱৰ নৱতম দুখন গ্ৰন্থ-সম্ভাৰ যথাক্ৰমে কাব্য সংকলন “বিষণ্ণ ৰাতিৰ ফুল” আৰু একত্ৰ গল্প সংকলন “বিয়লিৰ বিমৰ্ষতা” আনুষ্ঠানিকভাৱে উন্মোচন কৰা।
মিচিং সাহিত্য সভাৰ প্ৰাক্তন সচিব তথা বিশিষ্ট লেখক হৰেন্দ্ৰনাথ দলেয়ে আঁতধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কাব্য সংকলনখন উন্মোচন কৰে উপেন পেগুৱে আৰু গল্প সংকলন উন্মোচন কৰে নাৰায়ণ পেগুৱে। গ্ৰন্থ উন্মোচন আৰু নতুন বছৰৰ উপলক্ষ্যে ফুলাম গামোচাৰে লেখক আৰু কৗবাঙৰ তৰফৰ পৰা আন্তৰিক সম্ভাষণ জনোৱা হয় উন্মোচকদ্বয় উকেন পেগু, নাৰায়ণ পেগু প্ৰমুখ্যে সদৌ গুৱাহাটী মিচিং কৗবাঙৰ প্ৰাক্তন সভাপতি কৰ্ণেশ্বৰ দলে, সদৌ গুৱাহাটী মিচিং কৗবাঙৰ বৰ্তমানৰ উপ-সভাপতিদ্বয় পদ্মেশ্বৰ পেগু, বিজয়া পায়েং, মিচিং আগম কৗবাঙৰ প্ৰাক্তন উপ-সভাপতি তুলেশ্বৰ পেগু, গুৱাহাটী মিচিং দৃৰবৃ কৗবাঙৰ সভাপতি পুষ্পধৰ মিচিং, উপদেষ্টা সীতাৰাম দলে আৰু সদৌ গুৱাহাটী জ্যেষ্ঠ মিচিং নাগৰিক সন্থাৰ আন তিনি গৰাকী উপদেষ্টা ভূগীৰাম পেগু, লক্ষ্মীকান্ত পেগু আৰু বুদ্ধেশ্বৰ পেগুদেৱক।
গ্ৰন্থ উন্মোচনী সভাত দৈনিক জনমভূমি কাকতৰ বাৰ্তা সম্পাদক মনোৰঞ্জন বৰি, তুলেশ্বৰ পেগু আৰু লক্ষ্মীকান্ত পেগুৱে গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে। সদৌশেহত লেখক পাতিৰি দেৱেও গ্ৰন্থ দুখনৰ জন্ম-লগ্নৰ বেদনা আৰু আনন্দ সম্পৰ্কে মনোগ্ৰাহীকৈ বিৱৰি বক্তব্য ৰাখে।
আজি মনোৰঞ্জন বৰিক লেখক পদ্মলাল পাতিৰিয়ে ফুলাম গামোচাৰে আৰু যুটীয়া সম্পাদক চিত্ৰ-লেখাই মিচিং অৗৰকগেৰে উষ্ণ সম্ভাষণ জনায়। আজিৰ আদৰণি আৰু আনুষ্ঠানিক সম্ভাষণ কাৰ্যসূচীত সহযোগ কৰে ভোলা কুমাৰী চিন্তে আৰু কাৰ্যনিৰ্বাহক সদস্যা বিষ্ণুপ্ৰিয়া মিচঙে।
গ্ৰন্থ উন্মোচনীৰ কেইখনমান আলোকচিত্ৰ