সাংঘাতিক কথা
ড° নাহেন্দ্ৰ পাদুন
মিচিং ভাষা বিদ্যালয়ত পাঠদান কৰাৰ ধামখুমীয়াত দেখা পাইছোঁ বিৰাট অৰাজকতা। এই অৰাজকতা এক গৌৰৱ বুলি ভিডিও কৰিও প্ৰচাৰ কৰিছে। তেনে এটা ভিডিওত এজন শিক্ষকে দুফালে দুশাৰী ছাত্ৰছাত্ৰীক ৰঙা ৰঙা অৗৰকক পিন্ধাই কিতাপ এখন কিতাপৰ পৰা চাই পঢ়িছে — কৗ—য়ুম্, কা—চি... চেদি মে:ল; ইত্যাদি। তেওঁ কৗয়ুম শব্দটোকেই শুদ্ধ উচ্চাৰণ কৰিব পৰা নাই। চে:দি শব্দৰ উচ্চাৰণ হ’ব লাগে চ:দৃ। তেতিয়াহে তাৰ পৰৱৰ্তী শব্দ দৃলৃং পোৱা যায়। আনহাতে এনে দাৰ্শনিক তত্ত্ব থকা শ্লোকসদৃশ কথাবোৰ প্ৰাক প্ৰাথমিক শ্ৰেণীত পঢ়ুৱাটো বা মুখস্থ কৰিবলৈ দিয়াটো এক প্ৰকাৰ মুৰ্খামিৰ কাম।
আমাৰ আগম কৗবাঙৰ বিষয় ববীয়াসকলে এইবিষয়ে মনোযোগ দিব বুলি উনুকিয়াই থলোঁ। নহ’লে মিচিং ভাষা প্ৰচলনৰ নামত জাতিধ্বংসী আখৰা আৰম্ভ হ’ব।
চে:দৃ; চে:দৃ-মে:ল
কৗয়ুম্>য়ুমকাং>কা:চি>চিআন>আ:ব>বমুক>মুকচেং >চেদৃ।
চে:দৃ>দৃলৃং>লৃ:তুং>তু:য়ে>য়েপৗ>পৗদং।
বিঃ দ্ৰঃ মিবুসকলৰ মাজতো দুটা দল আছে৷ এচামে sian>anbo>bomug বুলি গণনা কৰে৷ আন এচামে sang>a:bo>bomug বুলি গণনা কৰে৷ কিন্তু দুয়োটা দলৰ genetic evolutionৰ বৰ্ণনা একেই।
Mising Anu Lutad, Epril, 2025