Type Here to Get Search Results !

ভাৱমূৰ্তি বনাম লাজ



 ভাৱমূৰ্তি বনাম লাজ


জাতিৰাম কামান


  মানুহৰ পৰিচয় কেবা প্ৰকাৰৰ। কাৰণ, এগৰাকী ব্যক্তি বিভিন্ন ধৰণে পৰিচিত হব পাৰে। কিছুমান ব্যক্তি নিজৰ কৰ্ম দক্ষতাৰে সমাজত পৰিচিত হয়। কিছুমান মানুহ পিতৃ পৰিচয়েৰে পৰিচিত, কিছুমানে আক’ বংশ পৰিয়ালৰ ড‍াঙৰ মানুহ (সমাজত সুপৰিচিত ব্যক্তি)ৰ নাম লৈ নিজকে পৰিচয় দি সন্তুষ্টি লভে।

    কোনোবাই ৰগৰ কৰি পুৰুষৰ পৰিচয় ঠাৱৰ কৰিছে এইবুলি- যি ব্যক্তি নিজৰ কৰ্ম দক্ষতাৰে পৰিচিত, তেওঁ হল উত্তম পুৰুষ। পিতৃৰ দ্বাৰা পৰিচিত পুৰুষ হল মধ্যম পুৰুষ, পত্নীৰ দ্বাৰা পৰিচিতজন হ’ল অধম পুৰুষ আৰু শহুৰৰ ঘৰৰ দ্বাৰা পৰিচিত পুৰুষ অৰ্থাৎ ঘৰ জোঁৱাই হ’ল কাপুৰুষ। গম পালেনে বাৰু, পুৰুষ কেই প্ৰকাৰৰ? মুঠতে চাৰি বিধৰ পুৰুষ আছে। উত্তম, মধ্যম, অধম আৰু কাপুৰুষ। আপুনি বা কোন বিধ পুৰুষত পৰিছে? আনৰ আগত নকব! মনে মনে ভাৱি ৰাখক।

   অসমীয়াত বহু অৰ্থপূৰ্ণ খণ্ডবাক্য, প্ৰবচন, ফকৰা-যোজনা আৰু জতুৱা ঠাঁচ আছে।


জতুৱা ঠাঁচ (Idiom):- জতুৱা ঠাঁচ হৈছে শব্দৰ সমষ্টি।যাৰ শব্দসমূহ সামূহিক ভাৱে  ললেহে ইয়াৰ অৰ্থ ওলায়। গাই গুটীয়াকৈ ললে অৰ্থ প্ৰকাশ নাপায়। যেনে- কপাল ফুলা, অমাতৰ মাত, কানে কান মাৰি।


খণ্ডবাক্য (Phrase):- এটাতকৈ অধিক শব্দ লগলাগি কোনো নতুন অৰ্থ প্ৰকাশ কৰাকে খণ্ডবাক্য বোলা হয়। অঁকৰা মৈত উঠা, অচিন কাঠৰ থোৰাকো নলগোৱা।


ফকৰা যোজনা (Proverb):- ফকৰা যোজনা হল অসমীয়া ভাষাত প্ৰবাদ ৰূপে ব্যৱহৃত সাধাৰণ জ্ঞানৰ চিৰন্তন শিক্ষা, যাক সাধাৰণ গঞাই বুজিব পৰাকৈ সৰল ভাষাত প্ৰতীক আৰু ছন্দ ব্যৱহাৰ কৰি আকৰ্ষণীয় ৰূপত সজাই তোলা হৈছে সেয়াই হল ফকৰা যোজনা। যেনে- অধিক মাছত বগলী কণা। অভ্যাসত নৰ, কৰ্ণপথে কৰে শৰ। অতি ভক্তি চোৰৰ লক্ষণ। ইত্যাদি।


প্ৰবচন (Sayings/maxims):- প্ৰবচন হৈছে জ্ঞানপূৰ্ণ নীতিবাচক কথা,যাৰ দ্বাৰা জীৱনৰ বাবে শিক্ষা আৰু পথ দেখুৱাৰ প্ৰয়াস কৰা হয়। ডাকৰ বচন অসমীয়া মৌখিক সাহিত্যৰ এটা উল্লেখযোগ্য প্ৰবচন বা নীতিবাক্য ৰূপে পৰিচিত।ডাকৰ বচন, প্ৰবাদ প্ৰবচন, ফকৰা যোজনা ‍আদি প্ৰবচনৰ উদাহৰণ। ইয়াত প্ৰবাদ বা পটন্তৰ মানে- কোনো জ্ঞানগৰ্ভ সাধাৰণ সত্য বুজাবলৈ পৰম্পৰাগত ভাৱে চলি থকা চুটি ও ৰসাল উক্তি। ডাকৰ বচনৰ দুটি মান উদাহৰণ হল- 

১) তিৰুতাৰ কপালে ধন, পুৰুষৰ কপালে জন।

২) সু-পুত্ৰ হলে কি কৰিব ঋণে, কু-পুত্ৰ হলে কি কৰিব ধনে।

 খণ্ডবাক্য, জতুৱা ঠাঁচ, ফকৰা যোজনা, প্ৰবচন ইত্যাদিনো কি ইয়াক পৃথকে পৃথকে বুজা গ’ল।

  আমাৰ মূল আলোচনাৰ অৰ্থ উদ্ধাৰ কৰিবলৈ যাওঁতে প্ৰসংগক্ৰমে কথাবোৰ অৱতাৰণা কৰিব লগা হল। মূল কথাটো আছিল ভাৱমূৰ্তি আৰু লাজ।আৰু এই শিৰোনামৰ সংগতি ৰাখি আলোচনাৰ শিপাডাল আছিল সেই ডাকৰ অমোঘ বচনটো- ‘সু-পুত্ৰ হলে কি কৰিব ঋণে, কু-পুত্ৰ হলে কি কৰিব ধনে।।’ উপমাৰে সৈতে কথাবোৰ আলোচনা কৰিলে ভাৱাৰ্থ স্পষ্ট হ’ব।

   আমাৰ পৰিচিত সম্পৰ্কীয় লৰা এজন অতি দৰিদ্ৰ পৰিয়ালৰ পৰা অহা সন্তান। নিজৰ অধ্যৱসায় আৰু মেধাৰ বলত এতিয়া প্ৰতিষ্ঠিত ব্যক্তি হল।এগৰাকী আত্মীয়ৰ তত্বাৱধানত চহৰত পঢ়ি সুখ্যাতিৰে হায়াৰ চেকেণ্ডাৰিত উত্তীৰ্ণ হল।লৰাৰ অভিযন্তা হোৱাৰ মন। কিন্তু অৰ্থৰ অভাৱত কেনেকৈ ইঞ্জিনিয়াৰ পঢ়েনো?চহৰত থকা গাৰ্জেনে গ্যাৰান্টি লৈ বেংকৰ লোন লোৱাই পঢ়ুৱালে। পঢ়ি অঁতাই কম্পেনীত সোমাল। শকত দৰ্মহাৰে ভাল চাকৰি হল। বেংকৰ লোন ঘূৰাই আদায় দিয়াৰ পাছতো পিতৃ মাতৃৰ ভগা জুপুৰীত অট্টালিকা নিৰ্মান কৰি দিও নতুনকৈ মাটি বাৰী কিনিলে। এয়াই সু-পুত্ৰৰ লক্ষণ। ডাকে তাকেই বুলিছে- সু-পুত্ৰ হলে কি কৰিব ঋণে? সু-পুত্ৰক মানুহ কৰি গঢ়ি তুলিবলৈ ভেটি উচন হোৱাকৈ ঘৰ মাটি বিকি পঢ়ালেও লোকচান নহয়। ধাৰ ঋণ মাৰি হলেও সু সন্তানে নিজৰ দায়িত্ব পালন কৰি পিতৃ মাতৃক ঋণমুক্ত কৰিব সময়ত।

  এতিয়া আহোঁ কু-পুত্ৰৰ কু কৃত্তিৰ কথালৈ। বম্বে দিল্লীলৈ বহুতে কৰ্মৰ সন্ধানত বা প্ৰফেছনৰ বাবে ওলাই যায় ঘৰৰ পৰা।বাহিৰত নিজকে এষ্টাব্লিচ কৰিবলৈ বম্বে গমন কৰা তেনে এজন অকাল কুষ্মাণ্ডক এগৰাকী বিদ্বান পুৰুষে এবাৰ কবাত কোৱা শুনিছিলো - বোম্বাইলৈ যাবা হয়, চাবা কিন্তু বহুতে হিৰো হবলৈ গৈ জিৰো হৈ গুছি আহে।

  তেনে বহু অকাল পক্ক লৰাই দিবাস্বপ্ন দেখি মাৰ বাপেৰৰ ধনৰ তলি উদং কৰি বেকাৰ হৈ ঘৰত পৰি থাকেগৈ। তাতেই কথা শেষ নহয়। বহু কু-পুত্ৰই পিতৃয়ে কষ্ট কৰি অৰ্জা ধন তিলিকতে উৰুৱাইও দিয়ে। জুৱা-চুৰী, মদ ভাঙৰ সংগী হয়। মদ ভাং খাই, ড্ৰাগ সেৱন কৰি মাটি বাৰী বিক্ৰি কৰি লাও লোৱা হৈ পৰে।

 এয়া এটা উদাহৰণহে। তেনে দেধাৰ ঘটনা আমাৰ সমাজত ঘটিয়েই থাকে।

  সেই যে আমি ক’লো- ভাৱমূৰ্তি বনাম লাজ!জীৱন জোৰা বহু কষ্টেৰে গঢ়ি তোলা সামাজিক ভাৱমূৰ্তি যদি নিমিষতে ধূলিসাৎ হৈ যায় তেন্তে তাতকৈ বেছি যন্ত্ৰনাদায়ক কথা পৃথিৱীত আৰু থাকিব নোৱাৰে।বহু নামী দামী, খ্যাতিমন্ত পুৰুষো নিজে কৰা ভুলৰ বশৱৰ্তী হৈ বহু কষ্টেৰে গঢ়ি তোলা ভাৱমূৰ্তিত চেকা লগাই আজীৱন নিকাৰ ভূঞ্জিব লগীয়া হয়।

  সেই যে লাজ লগা কথাটো! বোলে- লাজেহে লাজ পায়, নিলাজে নাপায় লাজ। বহুতে আক’ অকৰ্ম কৰিও লাজ নাপায়। কৰোঁতা জন লাজ নাপালেও কিন্তু চাওঁতাজনে বন্ধ ৰূমত অকলে চায়ো লাজ পায়। এয়াই অলগৰ্ধ নিলাজ আৰু জ্ঞানী লাজুকীজনৰ মাজত পাৰ্থক্যটো।

  আজিকালি চসিয়েল মিডিয়াত বহু পুৰুষ মহিলাই নিজৰ নিষিদ্ধ অংগ প্ৰদৰ্শন কৰি লাজ নাপায় কিন্তু সভ্য লোকে তাকেই চাই মনে মনে লাজ পায়।লাগিলে তেওঁ অকলেই নাচাওক কিয়!অকলে চালেও লাজ কৰাজনে লাজ পায়।

   কুলাংগাৰ সন্তানে পিতৃ মাতৃৰ অলক্ষিতে তেনে বহু অবিবেচক কাম কৰি থাকে।সামাজিক মাধ্যমত অশালীন, অশ্ৰাৱ্য বাক্য ব্যৱহাৰ কৰি,অশ্লীল শব্দ প্ৰয়োগ কৰি চ্যাটিং কৰি থাকে, যিবোৰ চাই লজ্জানত হব লগা হয় চাওঁতাসকল। বিচাৰ খোচাৰ কৰি কাৰ লৰা বুলি চলাথ কৰাৰ পাছত সাধু পুৰুষৰ সন্তান বুলি জনাৰ পাছত অভিভাৱকৰ মূৰত সৰগ ভাগি পৰে।বহু কষ্ট কৰি গঢ়ি তোলা ভাৱমূৰ্তি ম্লান হৈ পৰে।

   বহু কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি মানুহে সমাজত এটা সুন্দৰ ভাৱমূৰ্তি নিৰ্মান কৰে। সু-পুত্ৰইহে সেই ভাৱমূৰ্তি উজ্বলাই ৰাখিব পাৰে। কু-পুত্ৰই সেইবোৰ ম্লান কৰি যে পেলাব ই ধুৰুপ। অৱশ্যে কু-পু্ত্ৰৰ কু-কৃৰ্তিয়ে সেইবোৰ ধংব্সস্তুুপত পৰিণত কৰিব বিচাৰিলেও কিন্তু কৰি গঢ়ি তোলা নিজস্ব ভাৱমূৰ্তি সদায়েই সুকীয়াকৈ উজ্বলি থাকিব চিৰদিনে।

  উদ্ধত ঔৰংজেৱৰ কু-কৃৰ্তিয়ে যেনেকৈ চাহজাহানৰ অমৰ সৃষ্টি তাজমহলক ম্লান কৰিব পৰা নাছিল আৰু সেই উজ্জ্বল মূৰ্তি এতিয়াও সগৌৰৱে যমুনাৰ তীৰত মূৰ্তিমান ৰূপত পৰিদৃশ্যমান হৈ আছে।

  ভাৱমূৰ্তি আৰু লজ্জা দুয়োটি পৃথক বস্তু।ইয়াক এনেদৰে বিশ্লেষণ কৰিব পাৰোঁহক- যাৰ সামাজিক ভাৱমূৰ্তি উজ্জ্বল তেওঁ সামাজিক মৰ্যদাৰ প্ৰতি সদা সচেতন আৰু সেই মৰ্যদা অক্ষুণ্ণ ৰাখিবলৈ তেওঁ অহৰহ এটা লজ্জা বৰণ কৰি থাকে যি লাজে তেওঁক সদায়ে লজ্জানত কৰিব পৰা কামৰ পৰা বাৰণ কৰি থাকে। অৰ্থাৎ তেওঁ বহু কামৰ পৰা নিজকে আতঁৰাই ৰাখিব লগাত পৰে যি কামে তেওঁক লাজ দিয়ে বা দিব পাৰে!বিপৰীতে যি নিৰ্লজ্জ, যি পিতৃ মাতৃৰ অবাধ্য, জ্যেষ্ঠজনক শ্ৰদ্ধা নকৰে, লাজ বোলা বস্তুটো নাই, সেইজন ব্যক্তিৰ সামাজিক মূল্যবোধতো নায়েই, নিজস্ব ভাৱমূৰ্তিৰ প্ৰতিও সংজ্ঞান শূন্য। কাজেই, অজ্ঞানে সজ্ঞানে নকৰিব লগীয়া কামবোৰ কৰি ফুৰে,যি কৰ্মই তাক পংকিলময় কৰি তোলাৰ লগতে পৰিয়াল পৰিজনৰ গৰিমা ম্লান কৰি পেলায়।সমাজত মুখ লুকুৱাব নোৱৰা পৰিস্থিতিৰ সৃষ্টি কৰে,যাক অৰ্থবলেও ঢাকি ৰাখিব নোৱাৰে।

   তাকেই ডাক পুৰুষে কৈ গৈছে- সু সন্তানক ঋণে চুব নোৱাৰে আৰু কু সন্তানক ধনে ৰাখিব নোৱাৰে। অৰ্থাৎ সু-পুত্ৰত ঋণমুক্ত, কু-পুত্ৰত ধনভ্ৰষ্ট।


Mising Anu Lutad, Mars, 2025


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper