ঈশ্বৰৰ অস্তিত্ব !
জাতিৰাম কামান
আমাৰ গাঁৱলীয়া অঞ্চল সমূহত প্ৰায়ে প্ৰচলিত এষাৰ বচন আছে প্ৰবাদ (proverb) ফকৰা-যোজনা) এইবুলি- “মানুহে হিংসা কৰিলে বৰঘৰ সাজে, দেৱতাই হিংসা কৰিলে তিতা-লাউ গজে!” কথাটো কিমানদূৰ সত্য এয়া নাজানো কিন্তু কথাষাৰ সঁচা যেনেই লাগে! বহুতৰ ক্ষেত্ৰত ফলিয়াইছেও। কিন্তু আমাৰ বেলিকাহে ওলোটাতো হৈছে যেন লাগিছে! আমাৰ বৰ্তমান অৱস্থালৈ চাই মানুহে আমাক হিংসা কৰা যেন লগা নাই, দেৱতাহে হিংসা কৰিছে যেন লাগিছে! অৱশ্যে বহুতে আমাক ওপৰে ওপৰে ভাল পোৱা দেখুৱালেও কিন্তু তলে তলে বেয়া পায় অথবা আমাৰ প্ৰতি মনত বৰ এটা ভাল ভাৱ পোষণ কৰা দেখা নাযায়! সেয়া আমাৰ প্ৰতি কৰা কথা কাণ্ডৰ পৰা ধাৰণা এটা কৰি লৈহে কৈছো! আমাক তলে তলে ক্ষোভ ৰখা বা অবজ্ঞাৰ ভাৱ পোষণ কৰাৰ কাৰণটোৱেই হল আমাৰ ফটা মুখখন। মনলৈ যি আহে খাৰাং খাচ কৈ দিওঁ। আনে বেয়া পাবনে ভাল পাব এয়া নাভাৱি নিচিন্তি ফৰফৰকৈ বকি দিওঁ। বহুতে আক’ তেনেদৰে নকয়। মনত হাজাৰ তিতিকি ভাৱ ৰাখিও মুখত কৃত্ৰিম হাঁহি ৰাখি মানুহৰ লগত মিলি মেলি থকা যেন দেখুৱাই মনে মনে ভাৱি থকা কামফেৰা সযতনে নিৰ্বিঘ্নে হাচিল কৰি লয়। আচলতে এয়াই বুদ্ধিমানৰ কাম আজিৰ যুগত। বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰীয়া স্বভাৱৰ মানুহেহে আজিৰ দুনিয়াত কাম হাচিল কৰিব পাৰে।আৰু তেনে প্ৰজাতিৰ মালবোৰেই ওপৰৰ মালৰ লগত সনা পিটিকা হৈ ভৱা কামবোৰ হাচিল কৰি দামী মটৰ গাড়ীও দৌৰাইছে বৰঘৰো সাজিছে। আজিকালি ৰজাঘৰে প্ৰজাঘৰে সিহঁতবোৰৰহে দপ দপনি। আজিকালি নেতাগিৰি কৰিব নোৱাৰিলেও কিন্তু নেতাৰ ধেমাধৰা হলেহে কাঠি চেলেকা হব পৰা যায়। মুঠতে বৰ ওস্তাদি মাৰি ৰাস্তাই ঘাটে যি টি কৈ ফুৰি নিজৰ ভৰিত কুঠাৰ মৰা কাম কৰাতো অকঁৰামি।নিবোকা চামোন হৈ চলাতোকে টেঙৰালি কৰা বুলি কয়।নিজকে ওপৰৱালাৰ লগত খাপ খুৱাই ৰখাৰ দুটা উপায় আছে। প্ৰথমটো হল নিবোকা হৈ হকে বিহকে নেতাৰ কথাত মূৰ দুপিয়াই থাকি নেতাৰ হাঁ’ত হাঁ, নেতাৰ না’ত না কৰি থকাতো। দ্বিতীয়টো হল যিমান পাৰে নেতাক তেল মালিচ কৰি চলাতো। ইয়াক আচলতে ইংৰাজীত বুট লিকাৰ বুলি কয়।অসমীয়াত চোৱা চেলেকা। নিজৰ কাম হাচিল কৰিবলৈ হ’লে- হয় নিবোকা চামোন হৈ থাকক নহয় চামচা হওক। দুয়োটাৰে এটাও হব নোৱাৰিলে ফটা মুখে ফটা ঢোলখন বজাই ফোপজহী মাৰি ফুৰক, কাম এটাও হাচিল নহ’ব। এক কথাত না ঘৰকা, না ঘাটকা। খাচ গাঁৱলীয়া কথাত আলৰো নহয় বালৰো নহয়। গতিকে চাই চাই চাপৰি বজাব লাগে। চাই চাই চাপৰি বজোৱা গালেহে ৰাজভোগ কৰি আছে, মাছে মঙহে দকচি পাৰি খাই আছে, চৰকাৰী ধন গো গ্ৰাসে গিলি হজম কৰি আছে। আমিবোৰেহে আলেঙে আলেঙে ফুৰি ঠোঁট-মোট চেলেকি আছো। কথাৰ বখলা মেলি ক’ৰ কথা কত আহি পালে চাওকচোন বাৰু? পুৱাই আনৰ বদনাম ৰটি দিনটোলৈ অকন শান্তি পাওঁ দিয়কচোন।মনটো শাঁত কৰাৰ পাছত এতিয়া আচল কথালৈ অহা যাওক।
সেই যে কলো দেৱতাই হিংসা কৰিলে তিতালাউ গজে বুলি, সেইষাৰো বিশ্বাসত লব পৰা নাইচোন! দেৱতাইনো হিংসা কৰিবলৈ আমাৰ কি দাল আছে হয়? আমাৰ গাত তেনে ইৰ্ষণীয় একো গুণেই চোন নাই! তেন্তে দেৱতাইনো কিয় হিংসা কৰিব?
এই ব্ৰহ্মাণ্ডত দেৱ-দেৱীৰ অস্তিত্ব আছেনে নাই সেয়াও এটা ডাঙৰ প্ৰশ্ন আৰু ঢুকি নোপোৱা সাঁথৰ!যদি দেৱ দেৱী নাই তেন্তে ভগৱানো নাই!এয়া যুক্তিবাদৰ কথা। অশৰীৰী ৰূপত দেৱ দেৱীৰ অস্তিত্ব যদি নাই তেনে নিৰাকাৰ ঈশ্বৰো নাই! এয়া সাধাৰণ মানুহৰ সাধাৰণ ভাৱে ধাৰণা কৰিব পৰা কথা!কিন্তু ঈশ্বৰ সম্পৰ্কে সেই সাধাৰণ ভাৱে ধাৰণা কৰা কথাকেই অসাধাৰণ ৰূপত প্ৰকাশ কৰি থৈ গৈছে সৰ্বকালৰ মহান বৈজ্ঞানিক, আপেক্ষিকতাবাদৰ প্ৰবচক, কুৱান্টাম ফিজিক্সৰ জনক এলবাৰ্ট আইনষ্টাইনে।
ভগৱানৰ অস্তিত্বক লৈ মহান বিজ্ঞানী সকলৰ মাজতো তৰ্ক বিতৰ্ক হৈ আহিছে।বহু অত্যুৎসাহী বিজ্ঞানীয়ে আনকি ঈশ্বৰৰ অস্তিত্বৰ প্ৰতিয়েই সন্দিহান! তেনে অতি যুক্তিবাদী বিজ্ঞানৰ প্ৰবক্তাসকলে সৃষ্টিকৰ্তা ঈশ্বৰৰ ধাৰণাকেই নস্যাৎ কৰিবলৈ কুন্ঠাবোধ কৰা নাই আৰু মহাশূন্যৰ লগতে বিশ্ব ব্ৰহ্মাণ্ডও আপুনা আপুনি হোৱা বুলি দাবী কৰিবলৈ প্ৰয়াস কৰা দেখা যায়! তাকে লৈ এবাৰ বৰ আমোদজক ঘটনা এটা হৈছিল আইষ্টাইনৰ বিজ্ঞান মহলত।ঘটনাতো এনেধৰণৰ- এবাৰ আইষ্টাইনক সৌৰমণ্ডলত গ্ৰহ উপগ্ৰহ সমূহ তাৰকাপূঞ্জৰ মাজেৰে নিজা কক্ষপথত অহৰহ কেনেকৈ পৰিভ্ৰমণ কৰে সেই লৈ এটা diagram সাজি demonstrate কৰিবলৈ কোৱা হৈছিল। কথামতে মহান বৈজ্ঞানিক জনে তেওঁৰ গৱেষণাগাৰত সৌৰমণ্ডলৰ ডায়াগ্ৰাম এটা তৈয়াৰ কৰি solar system টো আপুনা আপুনি কেনেকৈ ঘূৰি আছে প্ৰদৰ্শন কৰি দেখুৱালে। অনুসন্ধিৎসু বন্ধুবৰ্গই এয়া কেনেদৰে তৈয়াৰ কৰা হল বুলি সুধিলত আইনষ্টাইনে ৰহস্যঘন হাঁহিতো মাৰি ক’লে- এয়া নিজে নিজে হৈছে। ইয়াক মই কৰা নাই। অনুসন্ধিৎসু বিজ্ঞানী সকলে আইনষ্টাইনক জেৰা কৰাৰ দৰে কলে- ওঁহো, এয়া হবই নোৱাৰে!এইটো নিজে নিজে কেনেকৈ হব পাৰে? ইয়াক নিশ্চয় কোনোবা এজনে বনাব লাগিব! এই নক্সাৰ নিশ্চয়কৈ এগৰাকী নক্সাকাৰ হব লাগিব। মানে- ইয়াক সাজি উলিওৱা খনিকৰ এগৰাকী থাকিব লাগিব!
এলবাৰ্ট আইষ্টাইনে সেই একেই উষ্মাৰে গুৰু গম্ভীৰ ভাৱে ক’লে- এই সৌৰমণ্ডলৰ নক্সাটো আপুনা আপুনি হৈ উঠা নাই, ইয়াক তৈয়াৰ কৰা কাৰিকৰ যদি কোনোবা এজন আছে, তেন্তে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ আৰঁতো মহান সৃষ্টিকৰ্তা এগৰাকী নিশ্চয় আছে। এই মহাজগতৰ সৃষ্টিও নিজে নিজে হোৱা নাই! সৃষ্টিকৰ্তা, স্ৰজনকৰোঁতা নিশ্চয় আছে।
মহান বৈজ্ঞানিক গৰাকীয়ে simple demonstration ৰ যোগেদি ঈশ্বৰৰ অস্তিত্বক প্ৰতিপন্ন কৰি দেখুৱালে। Great people often explain great things with passion,clarity and deep understanding of their subject matter,using relatable examples and inspiring stories to connect with their audience.
মহান ব্যক্তিসকলে যিকোনো ডাঙৰ বিষয়বস্তুক বৰ সৰলভাৱে, সহজ উদাহৰণেৰে বুজাই দিয়ে। ইয়াতেই তেওঁলোকৰ মহত্ত্ব লুকাই থাকে।
Mising Anu Lutad, Mars, 2025