ধেমাজি ডায়েটৰ উদ্যোগত
যাদুই পিটাৰা, মিচিং ভাষাত ভাবানুবাদৰ কৰ্মশালা...
দুষ্যন্ত নৰহ
যাদুই পিটাৰা...
ককা-আইতা
মই এপৰলৈকে
পিয়লাত মূৰ গুজি
একে থৰে চাই
ৰৈছিলো জানা
যাদুই পিটাৰা
কিহৰ বাৰু আখৰা...
পিছে জপনাখন
লাহেকৈ মেলি ভুমুকিয়াই চালোঁ
কণ কণ মইনাহঁতৰ বাবে
বাটে-পথে ভৰি আছে খেলৰ ৰহঘৰা
ৰহ ঢলা পথাৰত কি যে ৰঙৰ মেলা
অ-ফলা, ক- ফলা শিকাৰ আখৰা
সঁচাই ৰং আৰু যাদুৰে ভৰা
যাদুই পিটাৰা...
মা-দেউতা, ককা-আইতা
খুড়া-খুড়ী, পেহা-পেহীৰ স’তে
ওমলি খেলিব আমাৰ মইনা
খেলি খেলি শিকিব অ-ফলা, ক-ফলা
কণ কণ মইনাহঁতক হাঁহি হাঁহি
পঘাৰে বান্ধিব ‘যাদুই পিটাৰা’
ই সঁচাই কেনে যাদুৰে ভৰা...
মোৰ দৰে হয়তো বহুতৰেই প্ৰথম বাৰৰ বাবে শুনা এটি শব্দ হ'ব যাদুই পিটাৰা। সেইকাৰণে কিবা এটা ক'বলৈ যোৱাৰ আগে প্ৰথমে যাদুই পিটাৰা কি ইয়াক জানিবলৈ মানুহৰ সন্ধিৎসা নিশ্চয় বাঢ়িব। যাদুই পিটাৰা হৈছে নানা খেলৰ সামগ্ৰীৰে ৩ বছৰৰ পৰা ৮ বছৰৰ শিশুক বৰ্ণৰ সৈতে চিনাকি কৰোৱা। প্ৰথমে শিশুৱে আখৰ অথবা বৰ্ণৰ সৈতে চিনাকি নহয়, চিনাকি হয় বস্তুৰ স’তেহে। আচলতে আমি নিত্যনৈমিত্তিক ব্যৱহাৰ কৰা বস্তুৰ নামবোৰৰ স’তে একো-একোটা বৰ্ণৰ ধৱনি সংপৃক্ত হৈ থাকে।
একো-একোটা ধ্বনিয়ে একো-একোটা বৰ্ণক প্ৰতিনিধিত্ব কৰে। গতিকে ধৱনিৰ সৈতে আপোনা আপুনি বৰ্ণৰো পৰিচয় ঘটে। তেনেক্ষেত্ৰত বিভিন্ন খেল-ধেমালিৰ সামগ্ৰীৰে শিশুৰ মনোজগতত প্ৰৱেশ কৰি প্ৰথমে বৰ্ণৰ ধ্বনিৰ স’তে চিনাকি কৰাই পৰ্যায়ক্ৰমে বৰ্ণমালা, শব্দ, বাক্য লিখিব পঢ়িব পৰাকৈ শিশুসকলক গঢ় দিয়াই হ’ল ‘যাদুই পিটাৰা’ ৰ লক্ষ্য । ‘যাদুই পিটাৰা’ৰ কোমল ৰ’দালিৰ বুকুত আমাৰ কণ কণ মইনাহঁতে হেঁপাহৰ ডেউকা কোবাই ৰঙৰ বলুকাত ন ন উদ্যমেৰে মূৰ গুজি জীৱনৰ আদি পাঠ শিকিব। নাতি-নাতিনীৰ ওমলা আনন্দত ককা-আইতাহঁতৰ মুখত হাঁহিৰ কিৰিলি পাৰিব। ‘NCF’ ৰ অধীনত NEP, 2020 অনুসৰি খেল ভিত্তিক শিক্ষা আৰু শিকনৰ যোগেদি ৩ ৰ পৰা ৮ বছৰৰ শিশুসকলক শাৰীৰিক, মানসিক, বৌদ্ধিক সকলো ফালৰ পৰা বিকাশ কৰাৰ লক্ষৰে foundational stage ত ‘যাদুই পিটাৰা’ সফল ৰূপায়নৰ ক্ষেত্ৰত NCERT য়ে ইতিমধ্যে উদ্যোগ গ্ৰহণ কৰিছে।
যাদুই পিটাৰা
মিচিং ভাষাত ভাবানুবাদৰ কৰ্মশালাঃ
আমাৰ হেঁপাহৰ খোজবোৰ ক’ত কেনেকৈ এৰি থৈ আহো ইয়াকচোন আমি দুই-এদিনতে পাহৰি পেলাওঁ। কেতিয়াবা বিচাৰি হাবাথুৰি খাই মৰাৰ পাছতো মনলৈ একেবাৰে নহাকৈ সেই ছাঁবোৰ বিদূৰতে নিৰলে থাকি যায়। পিছে সেইবোৰ পাছলৈ লুটিয়াই চাবলৈকে স্মৃতিৰ পিঞ্জৰাত আৱন্ধ কৰি ৰখাৰহে আমাৰ প্ৰয়াস।
২৫ আৰু ২৬ মাৰ্চ, ২০২৫ তাৰিখে ধেমাজিৰ DIET ৰ Conference Hall ত ‘যাদুই পিটাৰা’ খনি মিচিং ভাষাত ভাবানুবাদৰ বাবে দুদিনীয়াকৈ কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত মিচিং আগম কেবাঙৰ উপ-সভাপতি কালিনাথ পাংগিং, পত্ৰিকা সম্পাদক দুষ্যন্ত নৰহ, কেন্দ্ৰীয় সদস্য প্ৰবীণ কুমাৰ মিলি, নৰেশ পেগু, কাৰ্যালয় সম্পাদক য়কছা কুলি আৰু টেকনিকেল এক্সপাৰ্ট হিচাপে অংশগ্ৰহণ কৰে বাস্তৱ লাগাচুৱে। তদুপৰি তিনিখন শিক্ষাখণ্ডৰ পৰা বিশিষ্ট লেখক শিক্ষক ভৱ দলে, হীৰেন মিলি, ৰূপা দলে, চেনীৰাম পাংগিং, ভগীৰথ মিলি, হেমন্ত টায়ে, বানাৰ্চি দলে, যোগেশ চুংক্ৰাং, মহেশ্ব কাৰ্দং, উমা কান্ত বৰাং, আৰু জীপেন দলেদেৱে শিক্ষকৰ ফালৰ পৰা অংশগ্ৰহণ কৰে। কৰ্মশালাখনিৰ আৰম্ভণি আৰু শেষৰ অনুষ্ঠানটো আঁত ধৰে সমন্বয়ক ডায়েটৰ জেষ্ঠ প্ৰৱক্তা কাকলি পেগু আৰু ইন্দ্ৰজিৎ গামে। আদৰণি ভাষণ প্ৰদান কৰে ডায়েটৰ অধ্যক্ষ মৌচুমী বৰুৱা বৰদলৈ আৰু জেষ্ঠ প্ৰৱক্তা উদ্দীপা বাইদেউৱে ।
শেষত এই কৰ্মশালাত যাৰ আতিথ্যই আমাক ধন্য কৰিছিল, যাৰ আতিথ্যই আমাক মুগ্ধ কৰিছিল তেখেত সকলোলৈকে মিচিং আগম কেবাঙৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা থাকিল…
Moimang kídí:dé -
Mising Anu Lutad, Mars, 2025