Type Here to Get Search Results !

সংগ্ৰাম

 


সংগ্ৰাম 


             অৱনী মিলি

                গুৱাহাটী


উঠা উঠা উঠা

মিচিং ৰৗঙাম উঠা

আজিও আমাৰ

আগবাঢ়িব আছে,

পাহৰি নাযাবা, সন্তুষ্ট হৈ নৰবা

নাথাকিবা আনৰ পিছে পিছে !


ভৰি আগ বঢ়াই বঢ়াই

খোজ দিও আহা

আগে পিছে চাই চাই

আগ বাঢ়ো আহা।

ওলাবৰ হল আমাৰ

আগ বাঢ়িবৰ হল,

সূৰ্য্য-চন্দ্ৰক সেৱা জনাই

ওলাই যাও ব’ল।


পঢ়া-লেখাৰ তালিকাত

আমি আগত থাকো,

খেলা-ধুলাৰ তালিকাত

আমি আগত ৰাখো

কৃষ্টি সংস্কৃতিত

আমাৰ পৰিচয় ৰাখোঁ

কৃষি কৰ্মত আমিয়েই

আগ বাঢ়ি থাকোঁ।


নিজে নিজৰ উন্নতিৰ কথা

চিন্তা নকৰিলে আনে আমাৰ

বাবে কেতিয়াও চিন্তা নকৰে 

অ’তদিনে আনৰ কথাত থাকিলে

এতিয়া নিজে আগ বাঢ়ো অকলে।


নিজৰ ভাল কৰ্ম বাচি লবৰ হ’ল

নিজৰ ভাল ধৰ্ম থিৰাং কৰিবৰ হ’ল

নিজৰ ভাষা জীয়াই ৰাখিবৰ হ’ল,

উঠা উঠা উঠা, মিচিং সমাজ

উন্নতিৰ জখলা ধুৰ্তগতিত

বগাই যাও ব’ল।


আনৰ মিছা আশাত ৰৈ থাকিলে

একোৱেই নাপাব

নিজৰ সন্তানক শিক্ষিত কৰি

সকলোতে মুৰব্বী কৰিবৰ হ’ল,

নিজৰ প্ৰাপ্য নিজেই গোটাই লও

ভাল কৰ্মৰ সংগ্ৰাম কৰি

নিজৰ ভৰিত নিজে থিয় দি

সমাজখন আগবঢ়াই নিও ব’ল।


Mising Anu Lutad, February, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper