মিচিং ঢোলৰ ছেও আৰু তাল
ডাঃ বিদ্যেশ্বৰ দলে
মুখ্য সম্পাদক- অধ্যাপক নাহেন্দ্ৰ পাদুন, সহযোগী সম্পাদক সুৰুষ কুমাৰ পাতিৰি আৰু পৱিত্ৰ কুমাৰ পেগু, এই সম্পাদক ত্ৰয়ৰ দ্বাৰা সম্পাদিত, ৬টা অধ্যায়ত সুবিন্যস্ত ৰূপত উপস্থাপিত, আকৰ্ষণীয় বেটুপাতেৰে আটকধুনীয়াকৈ বন্ধা, ১৬৮ পৃষ্ঠাৰ মধ্যমীয়া কলেবৰৰ “মিচিং ঢোলৰ ছেও আৰু তাল” এখনি মূল্যবান গ্ৰন্থ। দুম দুম/ঢোল মিচিং জনজীৱনৰ সতে অতি নিবিড়ভাৱে সংপৃক্ত এটা লোক বাদ্য। যাক বাদ দি মিচিং গীত-সংগীত জগতখনৰ কথা কল্পনা কৰিব নোৱাৰি।
উল্লেখ্য যে মিচিংসকলে তেওঁলোকৰ জনজীৱনত যিদৰে ব্যাপক ভাবে ঢোল ব্যৱহাৰ কৰে তেনেকৈ অসমৰ আন কোনো জনগোষ্ঠীৰ লোকে ব্যৱহাৰ কৰে বুলি কব নোৱাৰি। মিচিং সকলে পালন কৰা বিভিন্ন উৎসৱ-পাৰ্বন, বিয়া-বাৰুকে ধৰি নানান সৰু -বৰ উপলক্ষত ৰং আনন্দ কৰাৰ সময়ত ব্যৱহৃত সংগীত বাদ্যৰ ভিতৰত ঢোলেই প্ৰধান। ঢোল অবিহনে মিচিং চ:মান উকা. নিস্তেজ, নিষ্প্ৰাণ, নিষ্প্ৰভ। কোৱা হয় -চ:মানত ঢোল নহলে ৰগৰ তুলিব নোৱাৰি। সেয়ে মিচিং চ:মানত ঢোল অপৰিহাৰ্য। কবলৈ গলে ঢোলক কেন্দ্ৰ কৰিয়েই মিচিং চঃমান-য়িৰমানবোৰ অনুষ্ঠিত হয়। এই অতি প্ৰয়োজনীয় তথা গুৰুত্বপূৰ্ণ লোক বাদ্য ঢোল/দুমদুমৰ বিভিন্ন দিশ গ্ৰন্থখনত বিস্তৃত ভাবে আলোচনা কৰা হৈছে। গ্ৰন্থখনৰ নাম অনুসাৰে মিচিং ঢোল বাদনৰ ছেও আৰু তালৰ কথা প্ৰধানতঃ আলোচনা কৰা হৈছে যদিও ইয়াত প্ৰকৃততে ঢোলৰ সকলো প্ৰাসংগিক কথা বহলাই ব্যাখ্যা কৰা হৈছে। মিচিং সমাজত ঢোলৰ প্ৰচলন ও ব্যৱহাৰৰ প্ৰেক্ষাপট, অঞ্চলভেদে ইয়াৰ ভিন্নতা আৰু সেইবোৰৰ বৈশিষ্ট্য ভিত্তিক বিশ্লেষণ আৰু সমন্বয় সাধন আদিৰ কথাও প্ৰয়োজন সাপেক্ষে উল্লেখিত হৈছে। যিবিলাকৰ অন্তৰ্ভাগলৈ সোমালে বহুতো মূল্যবান কথা জানিব পৰা যাব। উল্লেখনীয় যে অসমৰ বহুতো জনগোষ্ঠীয়ে ঢোল ব্যৱহাৰ কৰে আৰু তেওঁলোকৰ নিজস্ব ছেও আছে। আমাৰ মিচিং সকলৰো ঢোল বাদনৰ নিজাববীয়া ঢোলৰ ছেও আছে। যাক অমিচিংসকলে ঢোলৰ মিৰি/মিচিং ছেও বুলি অভিহিত কৰি আহিছে। স্বকীয়তাৰে সমৃদ্ধ এই মিচিং ঢোলৰ বোলবাণীক বিচাৰ বিশ্লেষণ কৰি পদ্ধতিগতভাবে তাললিপি প্ৰস্তুত কৰি পুথি খনত লিপিৱদ্ধকৰা হৈছে। গ্ৰন্থখনে মিচিং ঢোলৰ অনুসন্ধিৎসু সকলৰ কাৰণে ঢোল বাদন সম্পৰ্কীয় জ্ঞান আহৰণৰ বাবে এক অফুৰন্ত উৎস হব বুলি কব পাৰি জানিব পৰা মতে অসমৰ কোনো জনগোষ্ঠীয়ে ঢোলৰ ছেও আৰু তালৰ বিষয়ক লৈ এতিয়ালৈকে কোনো গ্ৰন্থ প্ৰকাশ কৰা নাই। সেয়ে কব পাৰি এই “মিচিং ঢোলৰ ছেও আৰু তাল” খনেই হ’ব এই বিষয়ৰ প্ৰথম গ্ৰন্থ আৰু এইখন ঢোলৰ বোলবাণীৰ এক অনন্য দস্তাবেজ ৰূপে পৰিগণিত হব বুলি আমাৰ বিশ্বাস।
এনে এখন আপুৰুগীয়া গ্ৰন্থ যুগুতাই উলিওৱাৰ বাবে সম্পাদকত্ৰয় আমাৰ সকলোৰে প্ৰশংসাৰপাত্ৰ। আৰু যাবতীয় খৰচ বহন কৰি গ্ৰন্থখন প্ৰকাশ কৰাৰ বাবে শ্ৰীসূৰুজ কুমাৰ পাতিৰি বিশেষভাৱে ধন্যবাদৰ পাত্ৰ।
Mising Anu Lutad, Phebruari, 2025