পেহেলগাম
দুষ্যন্ত নৰহ
পেহেলগাম
গছে-পাতে সেউজীয়া
পাহাৰে-ভৈয়ামে আৱৰা
তুমি আছিলা এটি পুণ্য ধাম....
কিন্তু!
মাথোঁ হিন্দুৰ তেজৰ চেঁকুৰাৰে
দুচকুত ওমলি থকা
কলিজাৰ ৰঙীন আকাশখন
চকুৰ পচাৰতে ধুৱাই
হে, পেহেলগাম
তোৰ ভূ-স্বৰ্গৰ দৰে থকা সুনাম
চকুতে ধূলি মাৰি পলকতে
কোন পুত্ৰগণে কৰিলে দুৰ্নাম...
হে পেহেলগাম
ৰাম-ৰহিমৰ প্ৰেমৰ গাঁথা
সেই পষাণ পুত্ৰগণে
কাহানিও নলৈ শিক্ষা
ৰামৰ মমতা, ৰহিমৰ হৃদয়ৰ ব্যথা
সেই পুত্ৰগণে
আৰু কোনো দিন নুবুজে দিয়া...
হে পেহেলগাম
বন্দুক-বাৰুদৰ কৰা তালফাল
সিহঁতৰ প্ৰিয় খাদ্য,
ৰঙা কলিজাক কৰা এফাল-দুফাল
সিহঁতৰ প্ৰিয় পণ্য,
ৰহিমৰ কি যে পোৰা কপাল...
হে পেহেলগাম
ৰামৰ দেশত ৰাৱণৰ কি কাম
এদিন সিহঁতৰ অৰণ্যত জুই লাগিব
ৰামৰ দেশত ৰাৱন বধৰ আখৰাও চলিব
সিহঁতৰ পাপৰ চাঙীখন কোনে দাঙিব...
হে পেহেলগাম
সিহঁত কেৱল হিন্দুৰ তেজেৰে উৎসৱ পাতে
সিহঁত কেৱল হিন্দুৰ তেজেৰে
জগতৰ অধিপতি হোৱাৰ দিবাস্বপ্ন দেখে
কিন্তু অপাৰেচন সিন্দূৰে সিহঁতৰ তেজ বোৱালে
প্ৰাণৰ মমতাত সিহঁত ছটফটাই কান্দে
অপাৰেচন সিন্দূৰে সিহঁতৰ খোপনি উৰুৱালে
সিহঁত ৰামৰ পুত্ৰগণলৈ সষ্টাংগে প্ৰণাম কৰে
সিহঁত সঁচাই একো-একোজন নিৰ্বোধ জন্তু
সিহঁতৰ কু-অভিসন্ধি বুজিবই নোৱাৰে...
হে পেহেলগাম
আল্লাৰ কোনো উপায় নাই
সিহঁতৰ অন্তৰত আল্লাৰ কোনো স্থান নাই
আল্লাই হাজাৰ বুজালেও
সিহঁত ৰামক শত্ৰু হিচাপে চিনে
আল্লাই হাজাৰ বুজালেও
সিহঁত বন্দুকক কলম বুলি ধৰে
আল্লা আজি সঁচাই লজ্জিত
আল্লা আজি সঁচাই দুখিত....
হে পেহেলগাম
হয়, মই ঠিকেই বুজিছোঁ
বিভীষণ ৰামৰ ভক্ত আছিল
পিছে, ঘৰ বিভীষণৰ জানো
কিবা স্থান, কিবা মান আছে?
কেঁচু খানোতে সাপ হৈ ওলাইছে ঘৰ বিভীষণ
সিহঁতকো এপদ-দুপদকৈ কৰিছে বাৰণ
পেহেলগাম তোমাৰ বুকুলৈ এতিয়া নামি আহিব
শান্তিৰ এজাক দোপালপিটা বৰষুণ...
পেহেলগাম
২২ এপ্ৰিলৰ দিনা
তোৰ গাত হিন্দুৰ তেজ থকা বুলি চিনি
সিহঁত তোৰ বুকু গুলীৰে থকা-সৰকা কৰিছিল
তোৰ বুকুৰ পদূলি তোৰ চকুৰ চাৱনি
শুৱনি কৰি থকা মানুহবোৰ
তোৰ চকুৰ পচাৰতে নিমিষতে ঢলি পৰিছিল
সেই যে হিমাংশীৰ মানুহজন তোৰ কোলাতেই
জীৱনৰ উশাহ এৰিছিল
চিৰকালৰ বাবে শুই পৰা বিনয়লৈ
কাষতে তাই একেথৰে বহি চাই আছিল
তাইৰ কপালৰ সেন্দুৰ বতাহে মচি পেলাইছিল
তাইৰ উশাহবোৰ জুই হৈ জ্বলিছিল
তাইৰ চকুলোবোৰ শিলাবৃষ্টি হৈ পৰিছিল
তাকে দেখি ভাৰত মাতা গৰ্জি উঠিছিল -
দ্ৰোপদীৰ বস্ত্ৰ হৰণ কৰা
দ্ৰোপদীৰ কপালৰ সেন্দুৰ মচি নিয়া
তেওঁলোকৰ মুণ্ড লাগিবই
তেওঁলোকৰ মুণ্ড লাগিবই...
হে পেহেলগাম
মই জানো, মই নক’লেও বুজি পাও
তোৰ কেঁচা ঘা-ডোখৰ আজিও শুকোৱা নাই
তোৰ সেউজীয়া পাতে পাতে বিস্ফোৰিত হৈ লাগি থকা
তেজৰ চেঁকুৰাবোৰ বৰষুণেও ধুৱাই পেলাব পৰা নাই...
হে পেহেলগাম
তোৰ মুখৰ ওৰণিখন আঁতৰাই পেলোৱা
ভাৰত মাতা কি কচম
আকাশৰ বুকুলৈ মূৰ তুলি চোৱা
শক্ৰৰ বিপক্ষে যুঁজিবলৈ শক্তি দিয়া
চোৱা পেহেলগাম
ভাৰতীয় সৈন্যৰ কেনে পৰাক্ৰম
অপাৰেচন সিন্দূৰ
সিহঁত আৰু মচিব নোৱাৰে
নাৰীৰ কপালৰ সেন্দুৰ...
হে পেহেলগাম
তুমি শান্তিৰ ধাম
ৰাৱণৰ সেই পাষাণ পুত্ৰগণে
তোমাৰ সৌন্দৰ্যৰ ঠিকনা
কেতিয়াও সলাব নোৱাৰে
চোৱা, পেহেলগাম
তোৰ বুকুত উৰিছে বিজয়ৰ পতাকা -
ভাৰত মাতা কি জয়
জয় হিন্দ
সেই জয় ধৰ্মৰ জয়
সেই জয় সত্যৰ জয়...
(পেহেলগামত নিহতসকলৰ লগতে দেশৰ শ্বহীদ বীৰ জোৱানসকললৈ এই ক্ষুদ্ৰ অনুভৱটো উৎসৰ্গা কৰিলোঁ)
Mising Anu Lutad, Me:, 2025