Type Here to Get Search Results !

ভাল পোৱা

 


ভাল পোৱা


                     হৰেন কপ্তাক


তোমাক ভাল পাওঁ বাবেই

সকলোতকৈ ধুনীয়া দেখো


গালত পৰা শালমইনাটিও ভাল লাগে


ক’লা তিল বেঁকা হাঁহি

সকলোবোৰেই ভাল লাগে মোৰ


তুমি ধুনীয়া বাবেই

ভাল পাওঁ মই


মই ভাল পাওঁ বাবেই

তুমি ইমান ধুনীয়া


তোমাক ভাল পাওঁ বাবেই

গালি-গালাজ অভিমান

সকলোবোৰ ভাল লাগে


আনৰ বাবে কঠোৱা মাতটিও

মোৰ বাবে মৌ-মিঠা জিলাপীৰ দৰে


তোমাক ভাল পাওঁ বাবেই

পৃথিৱীখন সেউজীয়া নে

পৃথিৱীখন সেউজীয়া বাবেই

মই তোমাক ভাল পাওঁ

এই কথা নাজানো


কিন্তু জানো-

তোমাক ভাল পাওঁ বাবেই

তুমি ভাল পোৱা

ভাল পোৱা আছে বাবেই

প্ৰেম আজি চিৰ সেউজীয়া।


Mising Anu Lutad, Me:, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper