দুয়ো একেলগে আত্ম হত্যা কৰো ব’লা
হৰেন কপ্তাক
কলিজাত পুহি ৰখা যন্ত্ৰণাবোৰ
পাখি গজিছে
আত্মহত্যাৰ মন এটিয়ে
প্ৰাণ পাই উঠিছে
কিমান দিন কিমান বছৰ
এনেকৈ থাকো?!
তোৰ ঘৰে মোৰ ঘৰে
বাৰে বাৰে যদি
মানসিক অশান্তি দিয়া
ব’লা তেন্তে আমি দুয়ো
শান্তিৰ বাট বিচাৰি
আত্ম হত্যা কৰো!
তুমিয়েইচোন উনুকিয়াইছিলা
প্ৰেমৰ অমৰ সৃষ্টি
ৰোমিঅ’ জুলিয়েট
– ছাহজাহানৰ কথা!
আমাক লৈ এদিন বিচাৰ বহিব
সমাজে শেন চকু দিব
তেতিয়া মোৰ কোমল দেহৰ
ঠুনুকা হৃদয়ক বুকু ডাঠ কৰি
সাহস অকণ গোটাইছিলা
সৌ সিদিনা পাহাৰৰ দাঁতিত
ঔটেঙা জোপাত ওলমি ৰোৱা
দুই প্ৰেমিক-প্ৰেমিকাৰ
উঁৱলি যোৱা চীপ্ জৰি লৈ
তিল্ তিলকৈ মৃত্যু হোৱা
অমৰ প্ৰেমৰ কৰুণ গাঁথাৰ কথাও মোক এদিন শুনাইছিলা
কিন্তু এতিয়া দেখোন তুমি ....?!
ব’লা আজি আমি পলাই যাওঁ
ডিজিটেল পদ্ধতিও ঢুকি নোপোৱা
লোকেচন ট্ৰেক্ কৰিও
পাৰাপাৰ নোপোৱা
আত্ম হত্যাৰ দেশলৈ!!
Mising Anu Lutad, Epril, 2025