Type Here to Get Search Results !

বগেনভিলিয়া ফুলৰ দৰে

 



বগেনভিলিয়া ফুলৰ দৰে


                                     বেঞ্জামিন কামান


বগেনভিলিয়া ফুলৰ দৰে ফুলিব পৰা হ’লে

তুমিও মোক লৈ গীত গালা হেঁতেন

ৰীল, চেল্ফি তুলিলা হেঁতেন

ফেচবুকৰ পাতে পাতে জিলিকি ৰ’লহেঁতেন

মোৰেই প্ৰতিচ্ছবি


এতিয়া মই খৰিকাজাই হৈ ফুলিছোঁ

আৰু আমন জিমনকৈ সুবাস বিলাই আছোঁ

বসন্তৰ আগমনৰ বাৰ্তা লৈ

বাগিছা নে ফুলনিৰ এটা কোণত- সংগোপনে


বগেনভিলিয়া ফুলৰ দৰে ফুলিব পৰা হ’লে…


Mising Anu Lutad, Epril, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper