Type Here to Get Search Results !

আলি আঃয়ে লৃগাং আৰু মিচিং ৰাজনীতি

 


আলি আঃয়ে লৃগাং আৰু মিচিং ৰাজনীতি


জাতিৰাম কামান 


    আলি আঃয়ে লৃগাং হ’ল মিচিং জনগোষ্ঠীয় সাৰ্বজনীন কৃষি ভিত্তিক উৎসৱ। আমাৰ বোধেৰে বহাগ বিহুৰ দৰে আলি আঃয়ে লৃগাঙটো সামগ্ৰিক ভাৱে অসমীয়া সমাজে পালন কৰিব লাগে। কাৰণ এয়া শস্য সিঁচাৰ মাংগলিক উৎসৱ। সমগ্ৰ অসমীয়া কৃষক ৰাইজে লৃগাঙ উৎসৱক আকোঁৱালি লোৱাত আপত্তি থাকিব নালাগে। বাৰোৱাৰী দূৰ্গাপূজা, ফাকুৱা, দীপাৱলী, চুকাফা দিৱস, চিলাৰায় দিৱস, সতী সাধিনী দিৱস যদি অসমত সামগ্ৰিক ভাৱে পাতিব পাৰে তেন্তে সকলোৰে প্ৰিয় আলি আঃয়ে লৃগাঙক অসমীয়া সমাজে সামগ্ৰিক ভাৱে উদযাপন কৰাত অসুবিধানো কত? বিটিচি হোৱাৰ পাছত বড়ো সকলৰ বাদে অসমৰ একমাত্ৰ বৃহৎ জনগোষ্ঠীটোৱেই হ’ল মিচিং সকল। কাজেই, মিচিং ৰাইজে ভূমিপুত্ৰ হিচাপে অন্ততঃ এই দাবীটো কৰিব পাৰে।

    সুখৰ কথা যে – সৰ্বানন্দ সোনোৱালৰ মুখ্যমন্ত্ৰীত্বৰ কালত ৰাজ্যিক সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলেৰ উদ্যোগত অসমত চৰকাৰী পৃষ্ঠপোষকতাত আলি আঃয়ে লৃগাং ধাৰাবাহিকভাৱে উদযাপন কৰি অহা হৈছিল। কিন্তু পৰিতাপৰ কথা যে পৰৱৰ্তী হিমন্ত বিশ্ব শৰ্মা শাসনাধীন চৰকাৰৰ দিনত ধাৰাবাহিকভাৱে চলি অহা আলি আঃয়ে লৃগাং উৎসৱটিত যতি পৰিল। কিহৰ বাবে উৎসৱটিৰ ধাৰাবাহিকতা ব্যাহত হল এয়া ৰহস্যৰ আৱৰ্তত ৰৈ গল। সৰ্বানন্দ সোনোৱাল চৰকাৰে যদি আন্তৰিকতাৰে লৃগাং পালন কৰি আহিছিল তেন্তে হিমন্ত বিশ্ব চৰকাৰখনৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাও একেই উদ্যোগ লৈ লৃগাং উৎসৱৰ ধাৰাবাহিকতা অব্যাহত ৰাখিব পৰাৰ থল আছিল। তাতেই বুজি পোৱা যায় এইখন চৰকাৰৰ মিচিং সম্প্ৰদায়ৰ প্ৰতি কিমান দৰদ!

  বৰ্তমান চৰকাৰত মিচিং জনগোষ্ঠীৰ এগৰাকী কেবিনেট মন্ত্ৰীসহ পাঁচ গৰাকী বিধায়ক থকাৰ পাছতো আলি আঃয়ে লৃগাঙক চৰকাৰীভাৱে উদযাপন কৰাৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা নাই। এয়া অতিশয় নিৰাশজনক কথা। আমি আগেয়ে উনুকিয়াই আহিছো যে আলি আঃয়ে লৃগাঙক সামগ্ৰিকভাৱে পাতিব পাৰি আৰু সেই কথাটো সাৰোগত কৰি যোৱাতো সোনোৱাল চৰকাৰখনে উদযাপন কৰি সামগ্ৰিকতা ৰক্ষা কৰি এটা নজিৰবিহীন নিদৰ্শন ৰাখিবলৈ সক্ষম হৈছিল কিন্তু পৰৱৰ্তী শৰ্মা চৰকাৰখনে কি কাৰণত বাতিল কৰিলে এয়া ভাৱিবলগীয়া কথা। ভূমিপুত্ৰ মিচিং সকলে উদযাপন কৰা আলি আঃয়ে লৃগাঙক সাংস্কৃতিক ভাৱে উত্তৰণ ঘটালেহে সাংস্কৃতিক সংমিশ্ৰন হব, সাংস্কৃতিক সংবৰ্ধন হ’ব। সেই কথা যোৱাতো চৰকাৰে সাৰোগত কৰিয়েই সামগ্ৰিক ভাৱে উদযাপন কৰাৰ প্ৰয়াস কৰিছিল কিন্তু এইখন চৰকাৰে ইয়াক অসাৰুৱা প্ৰতিপন্ন কৰি পেলালে। বৰ্তমান চৰকাৰৰ চাৰিগৰাকী দলীয় বিধায়ক মন্ত্ৰীয়ে কথাটো চিন্তা কৰি নিজৰ গাত চিকুটি চাওক।

    আলি আঃয়ে লৃগাং আমাৰ মিচিং সমাজৰ বাপোতি সাহোন। এই উৎসৱ দল সংগঠন নিৰ্বিশেষে সকলোৱেই পালন কৰিব পাৰে। কি কংগ্ৰেছ, কি বিজেপি, কি অগপ, ৰাইজৰ দল, অজাপ যি ৰাজনৈতিক দলতেই নাথাকক লাগে সকলো দলীয় কৰ্মীয়ে নিজা ববীয়াকৈ উদযাপন কৰাত আপত্তি নাই। কাৰণ, ইয়াত জনগোষ্ঠীটোৰ সকলো শ্ৰেনীৰ মানুহৰেই অধিকাৰ আছে। ছয় জাতীয় সংগঠনৰ বাদেও কোনোবা কোনোবা বেলেগ সংগঠনৰো যদি কাৰ্যকতা হয়, তেওঁ বিলাকেও ইচ্ছা কৰিলে নিজাববীয়াকৈ আনুষ্ঠানিক ভাৱে উদযাপন কৰাত আপত্তি থাকিব নালাগে। কাৰণ, উৎসৱ পাৰ্বণ উদযাপন কৰাতো সকলোৰে মৌলিক অধিকাৰৰ লগতে নৈতিক দায়িত্ব আৰু কৰ্তব্যত পৰে।মাত্ৰ উৎসৱ উদযাপন কৰা কালত মাংগলিক কাৰ্যসমূহ ৰীতিমতে পালন কৰিব লাগে।

   আমি আকৌ দোহাৰিছো,আলি আঃয়ে লৃগাং কোনো নিৰ্দিষ্ট দলীয় সংগঠন অথবা নিৰ্দিষ্ট সামাজিক সংগঠনৰ একচেতিয়া সম্পদ নহয়।

  সংস্কৃতিৰ পৰিধি ব্যাপক। ইয়াক দলীয় সাংগঠনিক বিচাৰ বিবেচনাৰে সংকূচিত কৰিব নোৱাৰি। সংস্কৃতি সকলোৰে বাবে। সংস্কৃতি এটা মুক্ত মঞ্চ। কাজেই, সংস্কৃতি, কৃষ্টি পৰম্পৰা আদি অনুষ্ঠান সমূহ সদায়েই মুক্ত ভাৱে বৰ্তাই ৰাখিব লাগে মুক্ত আকাশৰ তলত মুক্ত আকাশৰ দৰে। তেহে সংস্কৃতি বিকশিত হ’ব, সংস্কৃতিৰ উত্তৰণ ঘটিব, সংস্কৃতিয়ে বিশ্বৰূপ পাব। অন্যথা সংস্কৃতি অকালতে মৰহি যাব। সংস্কৃতি ৰক্ষা, সংস্কৃতি সংৰক্ষণ তথা সংস্কৃতি উদ্ধাৰৰ কাম সকলোৱেই মিলিজুলি কৰিব লাগিব। সংস্কৃতি জাতিৰ ঐতিহ্যই নহয় বৰঞ্চ ই ৰাষ্ট্ৰীয় সম্পদ।


Mising Anu Lutad, February, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper