সাহিত্যকৰ্ম আৰু আত্মম্ভৰিতা
জাতিৰাম কামান
সাহিত্য সৃষ্টিৰ মূলতে হ’ল সাহিত্যিক গৰাকীৰ জীৱনত ঘটা অভিজ্ঞতাৰ চাক্ষুস বৰ্ণনাৰ লগতে মূল ঘটনাৰ লগত সংগতি ৰাখি কিছু কল্পনাৰ ৰহন সানি যিকোনো ৰচনা বা কাহিনীক সুখপাঠ্য ৰূপত পঢ়ুৱৈৰ আগত তুলি ধৰা। ৰচনাৰ পটভূমি, প্ৰকাশভংগীৰ সাৱলীলতাই সাহিত্য ৰচনাত এটা অনন্য মাত্ৰা প্ৰদান কৰে আৰু সাহিত্য সৃষ্টি অতুলনীয় হৈ উঠে।পৰিণাম স্বৰূপে সাহিত্যিক গৰাকী প্ৰতিষ্ঠিত হৈ উঠে সাহিত্যৰ জগতত বিশেষকৈ সাহিত্যানুৰাগী সকলৰ দৃষ্টিত। সাহিত্য সৃষ্টিৰ মূল উৎস হল সাহিত্যিক গৰাকীয়ে লাভ কৰা মূল্যবান অভিজ্ঞতাৰ সফুঁৰা।
সাহিত্যৰ লগত সাহিত্যিকৰ ব্যক্তিগত জীৱনৰ অংগাংগী সম্পৰ্ক থাকে। কাজেই, সাহিত্যিক জনাৰ ব্যক্তিত্বৰ চাপ থাকি যায় তেওঁৰ সৃষ্টি সমূহত।বেছি ভাগ সাহিত্যিকে নিজৰ ৰচনাৰাজিত নিজৰ জীৱনৰ অভিজ্ঞতাৰ সতে সম্পৰ্ক থকা ঘটনাক বৰ্ণনা কৰে আৰু সেই সমূহ বহু লেখকে প্ৰথম পুৰুষত ব্যক্ত কৰে বা প্ৰকাশ কৰে।
এনে বহু লেখক, কবি, শিল্পী আদি আছে যিসকলে আত্মম্ভৰিতা, আত্মৰতি অথবা আত্মশ্লাঘাত ভোগে। অৱশ্যে আত্মম্ভৰিতা, আত্মৰতি আৰু আত্মশ্লাঘাই একে অৰ্থ বহন নকৰে। তিনিওটি সমাৰ্থক যেন লাগিলেও কিন্তু তিনিওটিৰ ভাৱগত কিছু পাৰ্থক্য আছে।
আত্মম্ভৰিতা হ’ল নিজৰ ওপৰত অত্যধিক নিৰ্ভৰশীল। অৱশ্যে ইংৰাজীত ইয়াৰ প্ৰতিশব্দ egoism, pride, vanity বা selfishness বোলা হৈছে। আক্ষৰিক অৰ্থত দাম্ভিক অহমিকাবোধ হলেও কিন্তু আধ্যাত্মিক দৃষ্টিকোণেৰে নিজৰ ওপৰত গভীৰ বিশ্বাস, নিজৰ ওপৰত অত্যধিক নিৰ্ভৰশীল বা আত্মপৰায়ণ বুলি অভিহিত কৰিব পৰা যায়। ইয়াত আত্মপৰায়ণ মানে নিজৰ স্বাৰ্থসিদ্ধিৰ কথা কোৱা হৈছে। অৰ্থাৎ যিয়ে অকল নিজৰ স্বাৰ্থসিদ্ধিৰ কথা চিন্তা কৰে। অন্যাৰ্থত স্বাৰ্থপৰ। সাহিত্যকৰ্মত তেনে আত্মম্ভৰীতা বহু প্ৰতিষ্ঠিত লেখক সাহিত্যিকৰ ক্ষেত্ৰত দেখা যায়। অৰ্থাৎ তেওঁ অকল নিজস্ব ৰচনাৰাজিৰ প্ৰতিহে অত্যধিক সচেতন; বিপৰীতে আনৰ সৃষ্টিৰাজিৰ প্ৰতি তেওঁ নাৰাজ আৰু কিছু পৰিমাণে উদাসীন! তেনে শ্ৰেনীৰ লেখক সাহিত্যিকৰ কুম্ভিলক প্ৰবৃত্তিও নথকা নহয়। তেনে প্ৰবৃত্তিৰ লেখক সাহিত্যিকৰ চাক্ষুস প্ৰমাণো আমি পাই থৈছো। কুম্ভিলক প্ৰবৃত্তিৰ (plagiarism) আশ্ৰয় লৈ সেইচাম প্ৰতিষ্ঠিত লেখকে অন্যৰ সৃষ্টি নিজৰ নামত প্ৰকাশ কৰিলেও কিন্তু টিঙৰ পৰা ননমা বিধৰ। অহং ভাৱটো অহৰহ লাগি থাকিবই। ঘমণ্ডী লেখক (conceited)
সাহিত্যিকৰ আৰু এটা বদ গুণ হল আত্মশ্লাঘা। সেইচাম লেখক আত্মশ্লাঘাত গ্ৰস্ত হয়।আত্মশ্লাঘা ৰ ইংৰাজী প্ৰতিশব্দ হ’ল Arrogance বা conceit হলেও প্ৰকৃতাৰ্থত আত্মশ্লাঘা মানে নিজৰ প্ৰশংসাত পঞ্চমুখ হোৱাকে বুজায়। কথাই কামে, পাকে প্ৰকাৰে, সুযোগ সুবিধা বুজি নিজৰ গুণ বখানিবলৈও নাপাহৰে। আত্মম্ভৰি লেখকৰ আৰু এটা চৰিত্ৰ হল তেওঁলোক আচলতে আত্মৰতিত ভোল গৈ থাকে। আত্মৰতি এক প্ৰকাৰ আত্মতুষ্টি, আত্মবিভোৰ আৰু নিজৰ সৃজনশীলতাৰ প্ৰতি অধিক দুৰ্বলতা।তেনেচাম লেখক নিজৰ সৃজনী প্ৰতিভাত আত্ম মুগ্ধ হৈ থাকে অহৰহ। ইংৰাজী প্ৰতিশব্দ narcissism হল ইয়াৰ ওচৰৰ অৰ্থবহন কাৰী শব্দ। Narcissism means excessive envolvement in self importance. অৰ্থাৎ নিজৰ সৃজনী প্ৰতিভাৰ প্ৰতিহে সেইচাম লেখক আস্থাশীল আৰু নিজৰ সৃষ্টিধৰ্মিতাৰ প্ৰতিহে অধিক আকৃষ্ট হয়।
এতিয়া উদাহৰণসহ আচল আলোচনালৈ অহা যাওক।
কবি, লেখক সাহিত্যিকৰ প্ৰেৰণাৰ প্ৰকৃত থল আচলতে একান্ত ভাৱে লেখকৰ অনুৰাগী পাঠক সকলহে। আত্মম্ভৰীতাত ভোগা সেই প্ৰতিষ্ঠিত লেখক সাহিত্যিক সকল নহয়। তেওঁলোকক আমি তথাকথিত প্ৰতিষ্ঠিত লেখক বুলি সেইকাৰণেই কোৱা নাই কাৰণ, তেওঁবিলাক সঁচাকৈয়ে একো একোগৰাকী প্ৰতিষ্ঠিত লেখক কিন্তু আত্মম্ভৰীতা আৰু আত্মশ্লাঘাত গ্ৰস্ত নামী দামী লেখক! তেওঁবিলাক নিজৰ নাম আৰু যশৰ প্ৰতিহে অধিক সচেতন। অনুৰাগী বা অনুগামী লেখকৰ সৃজনী প্ৰতিভাক সহজে স্বীকাৰ কৰিবলৈ ইতঃস্ততবোধ কৰে অথবা উৎসাহিত কৰিবলৈ টান পোৱা আত্মম্ভৰী লেখক, কবি সাহিত্যিক সকলে।
আমি প্ৰতিষ্ঠিত লেখকৰ শাৰীত উঠিছোনে নাই এয়া আমাৰ বিচাৰ্যৰ বিষয় নহয়। সেই বিচাৰ সুহৃদ পঢ়ুৱৈ সমাজে কৰিব। আমি মাথো কিছু তিতা মিঠাৰ অনুভৱখিনিহে ইয়াত ব্যক্ত কৰিবলৈ মন বান্ধিছো।
ইতিপূৰ্বে প্ৰকাশিত আমাৰ প্ৰথমখন উপন্যাস ‘ঘাগৰৰ চকুলো’ৰ পাণ্ডুলিপিখন লৈ অসমৰ বহু মুধা ফুটা প্ৰতিষ্ঠিত কথা সাহিত্যিকৰ দুৱাৰে দুৱাৰে টোকৰ মাৰিলো কিন্তু এক মিনিট সময় দেখা কৰাৰ সৌজন্যতাখিনি নোপোৱাত আমি হতাশ হৈছিলো যদিও সান্ত্বনা লভিছিলো এইবুলি যে - হয়তু আমাৰ সৌভাগ্য নহ’ল তেওঁলোকক ক্ষণিকভাৱে হলেও লগ পোৱাৰ। অৱশ্যে তেওঁলোকৰ মাজৰেই এগৰাকী বহু লব্ধপ্ৰতিষ্ঠ সাহিত্যিক আমাৰ প্ৰতি সদয় হৈ অন্ততঃ দেখা কৰাৰ সৌজন্যতাখিনি দেখুৱালে। তেওঁক সোঁশৰীৰে দেখাৰ সৌভাগ্যখিনি হ’ল যদিও তেওঁ ভদ্ৰতাৰে মুখবন্ধনৰ বাবে কেইশাৰীমান লেখাৰ অসমৰ্থতা প্ৰকাশ কৰিলে। আমি বিমুখ হ’লো যদিও তেখেতৰ প্ৰতি বিতুষ্ট নহলো। তেতিয়াৰ ‘নিয়মীয়া বাৰ্তা’ত কৰ্মৰত অনুৰাধাৰ দেশ খ্যাত ঔপন্যাসিক ফনিন্দ্ৰ দেৱ চৌধুৰীয়ে কৃপাখন কৰিলে উপন্যাসখনিৰ মুখবন্ধন লেখি। তেখেতে খৰচি মাৰি পঢ়িলেনে নাই নাজানো কিন্তু প্ৰয়োজনৰ তাগিদাতেই হওক বা সন্মানৰ খাতিৰতেই হওক তেওঁ আমাক নিৰাশ নকৰিলে। তেওঁৰ অমৃত সম বাণীৰ টুকুৰা কাগজখিলা পাই প্ৰকাশৰ বাবে প্ৰস্তুত হ’লো। মুখলৈ পানী আহিল, অকন উৎসাহ পালো আৰু আগুৱাই নিলো। সেইক্ষেত্ৰত প্ৰকাশক অমৃত চেতিয়া শলাগৰ পাত্ৰ। তেওঁৰ উদ্যোগতেই শিৱসাগৰত বহা এশ বছৰীয়া সাহিত্য সমাৰোহত এশখন বিশেষ গ্ৰন্থৰ উন্মোচনীত ‘ঘাগৰৰ চকুলো’ৱে ঠাই পাইছিল।
আজিকালি আক’ বিজ্ঞাপনৰ যুগ। বিজ্ঞাপনৰ জমানাত চুকত সোমাই টোৰ টোৰাই থাকিলেও নহ’ব। নিজৰ পৰিচয় দাঙি ধৰিবলৈ নিজকে অলপ অচৰপ এডভাৰ্টাইজো কৰিব লাগিব। অৱশ্যে আমি ছবিয়ে ফটোৱে উঠিবলৈ লাজ কৰা বিধৰ। হ’লেও মৰসাহ কৰি নিজৰ কথা অলপ লিখিবলৈ মন মেলিছো। আমাৰ অনুৰাগী পাঠকে বেয়া নাপায় বুলি জানো কিন্তু অন্য প্ৰতিষ্ঠিত পঢ়ুৱৈ সমাজে যাতে বেয়া নাপায় ব্যক্তিগত কথা কিছু উত্থাপন কৰা হেতু।
‘ঘাগৰৰ চকুলো’ খন শিৱসাগৰৰ এশ বছৰীয়া সাহিত্য সমাৰােহত উন্মোচিত হোৱা পৰত আমাৰ উপন্যাসখন কিছু পঢ়ুৱৈৰ হাতত হয়তু পৰিছিল। ৰাতি প্ৰায় এঘাৰ মান বজাত আমাৰ ফোনটো বাজি উঠিল। যোৰহাটৰ পৰা এগৰাকী বয়স্ক লোকে ফোন কৰিছে। দুৰ্ভাগ্যবশতঃ তেখেতৰ নামটো পাহৰিছো। ফোন নম্বৰ চেইভ কৰা আছিল ম’বাইলত। কিন্তু আগৰখন মবাইলৰ ডাটা কৰাপ্ত হোৱা বাবে ফোনৰ লিষ্টখনেই নাইকিয়া হৈ থাকিল। পাছে তেওঁৰ প্ৰফেছনটো আমাৰ মনত ভালকৈ আছে। তেখেত কোনোবা এখন কলেজৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ। তেখেতে মোক ফোনত কোৱা কথাখিনি হুবহু তুলি দিলো - “নমস্কাৰ। মোৰ নাম শ্ৰী মই অমুক কলেজৰ ৰিটায়াৰ্ড প্ৰিন্সিপাল। সাহিত্য মেলাত আপোনাৰ উপন্যাসখন পালো। একে বহাতে পঢ়ি শেষ কৰিলো। বৰ ভাল লাগিল। মই আচলতে ইংৰাজী উপন্যাসহে বেছি পঢ়ো। বহুতে ৰীতা চৌধুৰীৰ ‘মাকাম’ আদিৰ কথা কয় কিন্তু মোৰ দীঘলীয়া উপন্যাস পঢ়াৰ ধৈৰ্য্যও নাই হাবিয়াসো নাই। আপোনাৰ উপন্যাস পঢ়ি কিন্তু মই অভিভূত হলো। আপোনাৰ নায়িকাই মোক কন্দুৱাই পেলালে!”
আমি তেখেতৰ কথা শুনি থৰ হৈ ঠাইতে থিয় হৈ থাকিলো। এয়া আমি কি শুনিছোঁ! ইয়াতকৈ আৰু বেছি কিবা feedback, compliment আশা কৰিব পাৰিনে? তেখেতৰ দৰে এগৰাকী বিজ্ঞ, জ্ঞানী, অধ্যয়ণপুষ্ঠ প্ৰতিষ্ঠিত পঢ়ুৱৈৰ অমোঘ বাণীয়ে আমাক অধিক উৎসাহিত কৰিলে দ্বিতীয়খন উপন্যাস “খাগৰিজানৰ ছেংদৈ” লিখি উলিওৱাত। দ্বিতীয়খন উপন্যাসৰ ক্ষেত্ৰতো সেই প্ৰথম খনৰ দৰেই অৱস্থা। মুখবন্ধনত দুশাৰী মান বাক্য লেখিবলৈ মুধা ফুটা লেখকৰ ছাঁ বিচাৰি নাপালো। তথাপি প্ৰকাশ কৰাৰ সাহসখন নেৰিলো।
আছুৰ দ্বাৰা আয়োজিত ধেমাজিৰ গ্ৰন্থমেলাত আমাৰ দ্বিতীয়খন উপন্যাস ‘খাগৰিজানৰ ছেংদৈ’ উন্মোচিত হ’ল। অসমৰ জনজাতীয় সাহিত্য সভাৰ সভাপতি গোবিন্দ টাইদ প্ৰমুখ্যে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ মাননীয় অধ্যাপক উপেন ৰাভা হাকাচাম, আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্য,নেত্ৰকাই খ্যাত কৌতুক ও চৰিত্ৰাভিনেতা অৰুণ হাজৰিকা আৰু অভিনেতা নয়ন নিৰ্বাণৰ হাতে “খাগৰি জানৰ ছেংদৈ” উন্মোচিত হ’ল।
কেই গৰাকীমান অনুৰাগী পাঠকে উপন্যাসখন পঢ়ি হেপাহ নপলোৱাত কেবাবাৰো পঢ়িলে বুলি আমাক নিজ মুখে জনালে।
সেই উৎসাহতে তৃতীয়খন উপন্যাস লেখিবলৈ মন মেলিলো। লিখি মেলি আধামান পাই অঁতাওতে মবাইল কৰাপ্ত হৈ সকলো ডাটা ডিলিট হৈ যোৱাত আকৌ দুনাই প্ৰয়াস কৰা নাই। মন ভাগি গল। উদ্যম হেৰাই গল। আৰু হয়তু লেখিব নোৱাৰিবও পাৰো। আজিকালি সামাজিক মাধ্যমৰ ধামখুমীয়াত পঢ়ুৱৈও তেনেকৈ তাকৰ। আমাৰ দিনতহে উপন্যাসৰ বৰ আদৰ আছিল। গো গ্ৰাসে গল্প উপন্যাস পঢ়িছিলো। আজিকালি তুলনামূলক ভাৱে কম।
আমাৰ ৰচিত “আকাশ চুবৰ মন” কবিতা পুথি এখনো ইতিমধ্যে প্ৰকাশ হৈ গৈছে। দ্বিতীয়খনৰ পাণ্ডুলিপি হাতত আছে। দ্বিতীয় সংকলনৰ কবিতা আগৰখনতকৈ বেছি উন্নত আমাৰ বিচাৰত। কিন্তু কবিতা গল্প উপন্যাসৰ দৌৰত আমি নিজকে আতঁৰাই ৰাখিছো।
গৰিমামণ্ডিত অসম সাহিত্য সভাৰ খুটি নাটিৰ বিষয়ে আমাৰ অসম কাকতত ইতিপূৰ্বে দুই এটা প্ৰবন্ধ লিখিছোঁ। বহু লব্ধ প্ৰতিষ্ঠ পঢ়ুৱৈৰ পৰা ফোনযোগে ফিডবেক পাইছো।
আজিৰ সাহিত্য সভাৰ কথাবােৰ আলেঙে আলেঙে শুনিছোঁ। বঁটা বাহনক লৈ গৰম চৰ্চাও দেখিছোঁ। উপন্যাসক শিশু গ্ৰন্থৰ বঁটা দিয়া কাৰবাৰ হৈছে হেনো! পাঠশালাৰ পৰা উদীয়মান জনগোষ্ঠীয় কবিৰ পৰাও ফোনযোগে শুনিছোঁ সাহিত্য সভাৰ তিতা মিঠা অভিজ্ঞতাৰ কথা।
ই যি কিনহওক, অসমত এতিয়াও সাহিত্য চৰ্চাৰ ভিৰ কমা নাই। কবি সাহিত্যিকৰ ভিৰ এতিয়াও যথেষ্টখিনি আছে। সাহিত্য সভাৰ মৰ্যদা অটুট থকাতো আমি আশা কৰিছো। কিন্তু পৰিতাপৰ কথা যে বহু বঁটা প্ৰাপকৰ নাম আমি আগেয়ে শুনা নাই বা তেওঁবিলাকৰ গ্ৰন্থ পঢ়া নাই। অৱশ্যে বঁটা বাহনৰ বাবে প্ৰপাৰ চেনেল বুলি কথা এটা আছে হবলা! কিজানি তেওঁলোকে প্ৰপাৰ চেনেলৰ যোগেদি মনোনিত হৈছেবা? এয়া আমাৰ জনাৰ উপায় নাই। এনেয়েও আজিকালি বঁটা বাহন,কবি সাহিত্যিকৰ উপাধিৰ মাৰ্কেটিং হৈছে। পাইকাৰী হাৰত সম্বৰ্ধনা, বঁটা বাহনৰ ধুম উঠিছে।
এইবুলি আমি তাৰ বিৰোধী নহয়।পাওক সকলোৱে বঁটা বাহন; পাওক স্বীকৃতি।সম্বৰ্ধিত হওক।আধা কেচেলুৱাকৈ লিখিলেও কষ্টৰ ফলভোগ কৰক। পুৰষ্কাৰ চাৰ্টিফিকেটৰ পাছত দৌৰাও কমখন কষ্টনে? কষ্টৰ বিনিময়ত বঁটা বাহন বুটলাও বেয়া কথা নহয়। কিবা এটা পাবলৈ দৌৰিব লাগিব।
কিন্তু আমি সেই দৌৰা দৌৰিৰ পৰা সদায়ে শত যোজন আতঁৰত অৱস্থান কৰিম। আমাৰ মনৰ কথাবোৰ আমাৰ অনুৰাগী পাঠকে ঘৰত বহি, চাৰিবেৰৰ মাজতে পাই থাকক। এয়াই আমাৰ বাবে পুৰস্কাৰ স্বৰূপ হব। তাতেই আমি সন্তুষ্ট থাকিম।যি সন্তুষ্টি অমূল্য ,অতুল্য।
আমাৰ ক্ষুদ্ৰ লেখাই হয়তু কিছুমান পাঠকক আলোড়িত কৰিব! আন বহু পঢ়ুৱৈয়ে হয়তু সুখ নাপাব। হ’লেও আমাৰ মনত অহৰহ খুন্দিয়াই থকা বিক্ষিপ্ত চিন্তাৰ টুকুৰাবোৰ সজাবলৈ প্ৰয়াস কৰিলো। ক্ৰিয়া-প্ৰতিক্ৰিয়া সুহৃদ পাঠকৰ হাতত।
Mising Anu Lutad, February, 2025
সুন্দৰ অনুভৱ।খুব ভাল লাগিল।
ReplyDelete