শুকান কবিতা
অৱনী মিলি
গৰমে দহিছে দেহা
বৰষুণ নহা বহুদিনেই হ’ল,
শুভ্ৰ মেঘবোৰ আকাশৰ পৰা
আঁতৰি যোৱা দেখি
ক’লা ডাৱৰবোৰেও
মেঘৰ আঁৰেদি লুকাই গৈ
বেজাৰ মনে
পৰ্বতৰ সিপাৰে সোমাই গ’ল।
খেতি পথাৰ, নৈ বিলৰ পানী
শুকাই যাব ধৰিছে,
মাছবোৰেও বোকাৰ ভিতৰত
জীৱন ৰক্ষাৰ চেষ্টা কৰিছে।
নিজম নিশা টেবুলত আহি
কিবা এটা লেখোঁ বুলি বহিলে
কলমৰ আগত কঁপি উঠে মোৰ
বিষাদৰ কবিতা,
শুভ্ৰ খালি কাগজ এখিলা আনি
মনৰ সেউজীয়া আঁচলখন ঢাকি
লেখি থলোঁ একলম চিয়াঁহীৰে
এই ৰসহীন মোৰ মনৰ এটি
শুকান কবিতা।
Mising Anu Lutad, Julai, 2025