ঔ-জোপাত মাছুৱৈ গাভৰু
হৰেন কপ্তাক
শাওণৰ ভৰপক দুপৰীয়া
কান্ধত জাকৈ
কঁকালত খালৈ বান্ধি
নিতৌ গুবাটেদি যায়
এজাক মাছুৱৈ গাভৰু
ৰাইচাপৰি পথাৰৰ ঔকলি দেখি
জিভাৰ পানী দুগুণে বাঢ়ে
খালৈ ভৰ্তি মাছ ধৰাৰ সপোন দেখে
কাংকান,কাকলি অইকলি
ওভতাৰ সসময়ত ঔ-জোপাত ৰামকিল পৰে
সিহঁতৰ বাবে যেন ঘোৰ শত্ৰুৱে
‘ঔটেঙা ঢেঁকীয়া
পুঠি মাছৰ জোল
খালেহে বুজিবা
সোৱাদৰে গোন্ধ,
জুবিনৰ এই গীতটিৰ বাবেই
ঔজোপাৰ কিলনেকি?
জুবিন,পুঠি ঢেঁকীয়া
কোন ঔজোপাৰ শত্ৰু?
ঘোৰ শত্ৰু
সোৱাদৰ বিচাৰ কৰা
কণমানি জিভা নহয়তো?
Mising Anu Lutad, Julai, 2025