Type Here to Get Search Results !

মিচিং আগম কৗবাঙৰ প্ৰাক্তন সচিব পূৰ্ণ চিন্তেৰ বাসভৱনত এখন্তেক



 মিচিং আগম কৗবাঙৰ প্ৰাক্তন সচিব পূৰ্ণ চিন্তেৰ বাসভৱনত এখন্তেক


দুষ্যন্ত নৰহ 


পদূলিমুখৰ অনুভৱ


এই যে মানুহৰ কোঁহে কোঁহে 

প্ৰাণৰ কবিতা সিঁচি ভাল পোৱা 

মোৰ আওলাৱেদি বৈ থকা 

নৈ খন হঠাৎ এদিন কিয় 

নিষ্পান হৈ পৰে ?


এই যে উশাহে উশাহে 

অক্মিজেন ঢালি ঢালি 

জীৱনৰ কলেৱৰ গঢ়া 

মোৰ পদূলিমুখৰ 

সেউজীয়া গছজোপা 

হঠাৎ কিয় লঠঙা হৈ পৰে ?


জানানে

জীৱন ঘাটৰ নৈখন তেনেকুৱাই

এদিন সুখৰ ওৰণি গুচাই 

হঠাৎ দুখৰ ওৰণি পিন্ধাই 

দুখৰ পিয়ালিত জীৱন যুঁজৰ নাৱখনি

কেতিয়ানো দিয়ে চপাই 

ইয়াকচোন টলকিবই নোৱাৰে...


জানানে 

সম্পদৰ সময়ত প্ৰিয় নৈবোৰ 

যেনিয়ে-তেনিয়ে ঢল হৈ বৈ আহে 

আপদৰ সময়ত প্ৰিয় নৈবোৰ 

হঠাৎ কিয় জানো নিখোঁজ হৈ পৰে...


আচলতে ক’বলৈ গ’লে 

জীৱন ঘাটৰ নৈখন তেনেকুৱাই

আপদৰ সময়ত মাথোঁ 

সেই প্ৰিয় নৈবোৰৰ কুলু কুলু 

শব্দবোৰ শুনা পাবলৈ 

কাৰ বুকু কত হাহাকাৰ কৰে 

কোনে জানে ?


জীৱন আপদৰ সময়ত 

এৰি থৈ অহা 

সেই প্ৰিয় নৈখন চাবলৈ 

কাৰ দুচকু 

কত চকুলোৰে ভৰি পৰে 

কোনে জানে ?


জানিবা 

জীৱন কচু পাতৰ পানী 

এইষাৰ মনত ৰাখিবা

সুখৰ সময়তো তুমি 

তেওঁৰ প্ৰিয় নৈখন হৈ বৈ থাকিবা 

দুখৰ সময়তো তুমি 

তেওঁৰেই প্ৰিয় নৈখন হৈ বৈ থাকিবা 

জানিবা 

তুমি সকলোতকৈ সুখী হ’বা...


আওলা মুখতেই মাননীয় শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু মিচিং বাঃনৗ কৗবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়া দেৱলৈ আহ্বান


  বৰ্তমানৰ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু মিচিং বাঃনৗ কৗবাঙৰ সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াদেৱক এবাৰ লগ পোৱাৰ প্ৰবল হেঁপাহ মিচিং আগম কৗবাঙৰ প্ৰাক্তন সচিব একালৰ তেখেতসকলৰ সংগ্ৰামী সতীৰ্থ পূৰ্ণ চিন্তদেৱে বুকুত আজিও সঘনাই কঢ়িয়াই লৈ ফুৰা বুলি তেখেতৰ সহধৰ্মিনী কল্পনা চাংমাই চিন্তে ডাঙৰীয়ানীয়ে আমাক জানিবলৈ দিয়ে। ডাঃ পেগু আৰু চায়েঙীয়াদেৱক এবাৰ দেখা কৰি চিন্তেদেৱৰ সেই সপোনক বাস্তৱ কৰি তোলাৰ এটি বাৰ্তা তেখেতসকললৈ প্ৰেৰণ কৰিবলৈ পৰিবাৰে মিচিং আগম কৗবাঙৰ সচিব সোমেশ্বৰ কপ্তাকদেৱক কাবৌ কৰে। আমিও মাননীয় শিক্ষামন্ত্ৰী ডাঃ পেগু আৰু চায়েঙীয়াদেৱৰ দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰয়াসেৰে সেইবোৰ কথা পাতনিতে উল্লেখ কৰি ল’লোঁ।


মিচিং আগম কৗবাঙৰ প্ৰাক্তন সচিব পূৰ্ণ চিন্তেৰ বাসভৱনত এখন্তেক-

   আজি ইং ২১/০৬/২০২৬ তাৰিখে মিচিং আগম কৗবাঙৰ উপ-সভাপতি কালিনাথ পাংগিং, সচিব সোমেশ্বৰ কপ্তাক, প্ৰাক্তন সহ সম্পাদক ভৱ দলে আৰু পত্ৰিকা সম্পাদক দুষ্যন্ত নৰহদেৱে আগম কৗবাঙৰ প্ৰাক্তন সচিব পূৰ্ণ চিন্তেদেৱক বাসভৱনত সাক্ষাৎ কৰি তেখেতৰ স্বাস্থ্যৰ বুজ লয়। সংকটৰ সময়ত দল-সংগঠনৰ কোনো সতীৰ্থই তেখেতৰ কাষত থিয় দিয়া নাই বুলি পৰিবাৰে আমাৰ স’তে আক্ষেপ প্ৰকাশ কৰে। এবাৰকৈ মিচিং আগম কৗবাঙৰ সচিব আৰু উপ-সভাপতিৰ পদ অলংকৃত কৰি জাতীয় জীৱনলৈ অৰিহণা আগবঢ়োৱা পূৰ্ণ চিন্তেদেৱ আমাৰ মাজত সদায় এগৰাকী শ্ৰদ্ধাৰ ব্যক্তি হৈ থাকিব। আঙুলিৰ ফাঁকেদি কোনো এটা বস্তু সৰকি যাব নিদিয়াকৈ পৰিপাটিকৈ খুউব সুন্দৰকৈ সজাই থোৱা তেখেতৰ গ্ৰন্থাগাৰখনে আমাক ক্ষণিকৰ বাবে বিমুগ্ধ কৰি ৰাখিছিল।‌আগম কৗবাঙৰ প্ৰতিনিধিক সমুখত পাই উলাহতে তেখেতে কিবা চকুৰ ইংগিতেৰে মনৰ ভাৱবোৰ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল যদিও আমি বুজি পোৱাকৈ কথাবোৰ মুখত ফুটি উঠা নাছিল। তেখেতৰ পৰিবাৰৰ পৰাই মনৰ কথাবোৰ বুজিব পাৰিছিলোঁ। সেই মুহূৰ্ত্তত মাথোঁ বুকুত সঞ্চিত শোকবোৰ হৃদয়ৰ পৰা হৃদয়লৈ এখনি কোবাল নৈ হৈ বৈ গৈছিল। দুখবোৰ সিক্ত হৈ নীৰৱে দুচকুৰ পৰা বাগৰি পৰিছিল। কোনেও নাজানে মূৰকতে কাৰ জীৱনত কি ঘটে। সেয়াই সত্য। সেয়েহে এখন বহল হৃদয় লৈ অহংভাৱ এৰি আপদ-বিপদৰ সময়ত এজনে আনজনৰ কাষত থিয় দিয়াটো এক মহান ধৰ্ম। মৃত্যুৰ পাছত কিয়, জীৱিত অৱস্থাতেই কৰ্মৰ সঠিক মূল্যায়ন কৰি তেখেতক যথোপযুক্ত সন্মান প্ৰদৰ্শন কৰক। সেই আপদৰ সময়ত একালৰ জাতীয় জীৱনৰ সতীৰ্থসকলৰ কাষলৈ তেখেতৰ মনে ঢাপলি মেলিব খোজে যদিও চৰণে অনুমতি নিদিয়ে। শেষত দল-সংগঠনলৈ এটা অনুৰোধ কৰিব খোজো - অকণমান সময় উলিয়াই একালৰ জাতীয় জীৱনৰ সতীৰ্থ হিচাপে আপোনালোক তেখেতৰ কাষত থিয় দিয়ক। নিশ্চিত, আপোনালোকৰ এই কামে তেখেতৰ হৃদয় পুনৰ প্ৰাণোৱন্ত কৰি তুলিব। জানিব, আপোনালোকৰ এই কাম এক মহান কাম হ’ব। মনত ৰখা উচিত - জাতীয় জীৱনত সময় থাকোঁতেই আমি এজনে আনজনৰ প্ৰতি যদি গুৰুত্ব প্ৰদান নকৰোঁ তেন্তে এদিন আপোনাৰ-মোৰ ক্ষেত্ৰতো যে সেয়া নঘটিব তাৰ মানে কি আছে ?


Mising Anu Lutad, Ju:n, 2025






Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper