এৰাসূঁতিত আবতৰীয়া বান
জাতিৰাম কামান
নৈখন হেৰাই থাকিল ইয়াত
নৈ গুছি এৰাসূঁতি হ’ল।
এৰাসূঁতিত বন গজিল।
শেলুৱৈ গজা চেঁচুকনিত
পুনি-মেটেকা, বন নহৰুৰ
বিয়নী মেল, ববচা বনৰ সতে।
ৰিব্ ৰিব্ মলয়াৰ বা-লাগি
হালি-জালি বিৰিণা বনত
জিলমিল্ জিঞাৰ নাচোন দেখি
ফুটুকী সাজে নৃত্যৰতা
ৰচকী পখিলী।
বিৰিণাই ঢকা বকৰাণিত
সপোন ৰচে চঞ্চলা বালিমাহী।
জোনাকীৰ আভাত নাচি উঠে
জিকমিক্ জোনাকী পৰুৱা।
উইচিৰিঙাৰ চিঁ-চিঁয়নিত
ডাউকৰ সপোন ভঙা চিঞৰ,
চাপৰিত হয়কলিৰ বিলাপ!
জয়াল মৰাসূঁতিত এতিয়া
নামিছে ঘোৰ অন্ধকাৰ!
নৈৰ প্ৰৱল সোঁ-সোঁৱনিত
এৰাসূঁতিৰ নলনীত
জিলিৰ আৰাও।
ছনপৰা শুকান বলুকাৰাশিত
মূষলধাৰ বৰ্ষণৰ
টোপাটোপ আঘাত।
মৰামুখেৰি অহা
আবতৰীয়া বানত
মাউখে উঠা পৰুৱাৰ বিলৈ।
ঢলে ধেমালি কৰা বোৱতী নৈত
তল গল বহুদিনে
ছনপৰা বকৰাণি।
এৰাসূঁতিত আহিল
আবতৰীয়া বান।
মৰাসূঁতি গুচি আকৌ হ’ল নৈ...
এখনি জীয়া নৈ –
আকৌ ভাগিল সপোন
বালিমাহীৰ।
নৈয়ে এনেকৈয়ে ভাঙে সপোন!
ভঙা আৰু গঢ়া, গঢ়া আৰু ভঙা।
কেতিয়াবা জীয়াসূঁতি –
কেতিয়াবা এৰাসূঁতি –
কেতিয়াবা জীয়া নৈ,
কেতিয়াবা মৰা নৈ।
নৈ, সূঁতি আৰু এৰাসূঁতি –
এৰাসূঁতিত আবতৰীয়া বান॥
Mising Anu Lutad, Ju:n, 2025