Type Here to Get Search Results !

গোগামুখ শতদল শাখা সাহিত্য সভাৰ ‘নিজৰ দিন’ উদযাপন

 


গোগামুখ শতদল শাখা সাহিত্য সভাৰ ‘নিজৰ দিন’ উদযাপন


দুষ্যন্ত নৰহ


পশ্চিমুৱা এজাক বতাহ কোবাই আহিছে 

বৰদৈচিলা হৈ, বা-মাৰলী হৈ বলিছে 

আই-পিতায়ে খুলি থোৱা 

হেঁপাহৰ জপনাখন জাপ খাই পৰিছে

সম্প্ৰীতিৰ এনাজৰীডাল ছিগি পৰিছে

সেইবোৰ কিহৰ বাৰু দিন আহিছে...


আধুনিক ছপাশালখনত 

 চেপা খাই খাই 

ৰাম ৰাম ৰেম ৰেম হৈ পৰিছে 

দাড়ি-কমা উভাল খাই পৰিছে 

বহাগৰ ৰং ৰেং ৰেং হৈ পৰিছে 

সেইবোৰ কিহৰ দিন বাৰু আহিছে...


ভগ্ন দুৱাৰখনৰ ফাঁকেদি দেখিলোঁ 

আইৰ হেঁপাহৰ চোতালখন 

এতিয়াচোন পাহে পাহে খুটিৰে ভৰি পৰিছে 

চেনেহৰ আকাশখন ইপাৰ-সিপাৰ হৈ পৰিছে 

সেইবোৰ কিহৰ বাৰু দিন আহিছে....


আহা, লগে-ভাগে আমি শিপা বিচাৰি যাওঁ 

আবেলি হ’লে গধূলি হ’লে ৰাতি হ’লে 

ঢোলৰ ছেৱত অই নি:তমৰ সুৰত নীৰৱে 

নামি অহা জোনাকৰ চোতালখন কেনিবা পাওঁ 

আহা, লগে-ভাগে বিচাৰি বুটলিবলে যাওঁ...


আমি ওলালোঁ

লগে-ভাগে বাটকুৰি বাই

আহিলোঁ 

ককা-আইতা, মা-দেউতা, ভাই-ভনী

খুড়া-খুড়ী, পেহা-পেহীৰ ওমলা

 জোনাকৰ চোতালখন আকৌ পালোঁ 

কংক্ৰিটৰ জীৱন সোলোকাই পেলালোঁ

এনেকৈয়ে আমি পহিলা বহাগতে 

‘নিজৰ দিন’ উদযাপন কৰি 

জেষ্ঠ সকলৰ চৰণ চুই আশীৰ্বাদ ল’লোঁ...


অসম সাহিত্য সভাই বহাগৰ প্ৰথম দিনটোক ‘নিজৰ দিন’ হিচাপে উদযাপন কৰি আহিছে। এই উপলক্ষে প্ৰতিটো শাখা সাহিত্য সভাই নিজ নিজ শাখাৰ অন্তৰ্গত সমাজ-সাহিত্য সংস্কৃতিলৈ অৰিহণা আগবঢ়োৱা পাঁচ জনকৈ বয় জ্যেষ্ঠক সম্বৰ্ধনা জনাব লাগে। অসম সাহিত্য সভাৰ এই নিৰ্দেশ মানি গোগামুখ শতদল শাখা সাহিত্য সভাও ‘নিজৰ দিন’ উদযাপন কৰে। এই দিনটোৰ উপলক্ষে শাখা সাহিত্য সভাই গোগামুখৰ ছয় জনকৈ বিশিষ্ট ব্যক্তিক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱাৰ লগতে একোখনকৈ ওলগনি পত্ৰও প্ৰদান কৰে। ‘নিজৰ দিন’ উপলক্ষে গোগামুখ শতদল শাখা সাহিত্য সভাৰ পৰা সম্বৰ্ধিত ব্যক্তি কেইগৰাকী হ’ল - ডাঃ মতিলাল পাতিৰ, যোগেশ্বৰ বৰদলৈ, বুলন্তী বৰগোহাঁই, কুঞ্জলতা গোস্বামী, পদ্ম গগৈ আৰু মনোজ স্বৰ্গিয়াৰী।

     ‘নিজৰ দিন’ উদযাপন উপলক্ষে অংশগ্ৰহণ কৰে - ৰঞ্জিত গগৈ, জয় চন্দ্ৰ শইকীয়া, জয় জ্যোতি চুতীয়া, মনোজ স্বৰ্গিয়াৰী, ডম্বৰুধৰ বৰদলৈ, বিনয় কৃষ্ণ তামুলী ফুকন, গীতাৰ্থী শইকীয়া, জয় প্ৰকাশ পেগু, জুমি চিৰিং, স্বপুশিখা চুতীয়া, বিজুলতা পায়েং, বিশ্বজিৎ গগৈ, চেনীৰাম চুতীয়া আৰু দুষ্যন্ত নৰহে।

    শেষত প্ৰতিগৰাকী অসমীয়াই নিতৌ ‘নিজৰ দিন’ উদযাপন কৰি সম্প্ৰীতিৰ বান্ধোনবোৰক অধিক কটকটীয়া কৰি ৰাখিবলৈ এই আপাহতে সকোলোলৈ আহ্বান জনালোঁ।‌




Mising Anu Lutad, Epril, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper