Type Here to Get Search Results !

শিক্ষাৰ মাধ্যম হিচাপে মিচিং ভাষাৰ মৰ্য্যদা প্ৰাপ্তি আৰু শিক্ষক নিযুক্তিৰ প্ৰসংগ

 


শিক্ষাৰ মাধ্যম হিচাপে মিচিং ভাষাৰ মৰ্য্যদা প্ৰাপ্তি আৰু শিক্ষক নিযুক্তিৰ প্ৰসংগ


ডাঃ বিদ্যেশ্বৰ দলে

জনাই 



   ইংৰাজী ০২/০৪/২৫ তাৰিখে ২০০খন প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰে শিক্ষা দান কৰা শুভাৰম্ভণি 

কাৰ্যসূচী চকুত লগা জাকজমকতাৰে সজাই তোলা পৰিৱেশত ৰাইজৰ বিপুল উৎসাহ উদ্দীপনাৰ মাজত সম্পন্ন কৰা হ’ল। আৰু লগে লগে মিচিং ভাষাই এটা বিশেষ মৰ্যদা লাভ কৰিলে বুলি ভাবিব পৰা হ’ল। মিচিং ভাষাৰ এই মংগলময় যাত্ৰাক সমগ্ৰ মিচিং ৰাইজে আন্তৰিকতাৰে আদৰণি জনাইছে আৰু দীৰ্ঘদিনীয়া আশা আৰু দাবী পূৰণ হৈছে বুলি ভাবি ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। আৰু আশা কৰা হৈছে মিচিং ভাষাই নতুন শক্তিৰে নতুন বাটেদি আগবাঢ়ি নিজৰ স্থিতি সবল কৰি তুলিব। কিন্তু এই উৎসাহ উদ্দীপনা আৰু সন্তুষ্টিৰ মাজতে এটা কথাই ৰাইজৰ মনত চিন্তা আৰু শংকাৰ উদ্ৰেক কৰিছে। সেইটো হৈছে ভাষাটোক মাধ্যম হিচাপে প্ৰয়োগ কৰা হৈছে যদিও ছাত্ৰ-ছাত্ৰীবোৰক পঢ়াবলৈ শিক্ষক নিযুক্তি দিয়া হোৱা নাই যিটোক এই ক্ষেত্ৰত অপৰিহাৰ্য বুলি ভবা হয়। অৱশ্যে চৰকাৰী পক্ষৰ পৰা কোৱা হৈছে যে সদ্যহতে অস্থায়ী শিক্ষকেৰে কামটো আৰম্ভ কৰা হৈছে যদিও যথা সময়ত প্ৰয়োজনীয় সংখ্যক নিয়মীয়া শিক্ষক নিযুক্তি দিয়া হ’ব। এই কথা লৈ ৰাইজে বিশেষ চিন্তা কৰিব লগা একো কাৰণ নাই। চৰকাৰে আশ্বাস দিছে যেতিয়া ৰাইজ হয়তো আশ্বস্ত হৈছে। আচলতে কি হ’বগৈ সময়তহে কব পৰা হ’ব। কি কাৰণ বা কি অসুবিধাৰ বাবে এতিয়া শিক্ষক নিযুক্তি দিয়া হোৱা নাই সেই কথা চৰকাৰ তথা বিষয়টোত জড়িত আমাৰ নেতৃস্থানীয় লোকসকলেহে ক’ব পাৰিব। যি হ’লেও আমি যোগাত্মক দৃষ্টিৰে কথাটো চিন্তা কৰি আগবাঢ়িব লাগিব। এই কথা ঠিক যে শিক্ষক নিযুক্তি দিয়া বিষয়টো প্ৰকৃততে চৰকাৰৰ কথা। অৱশ্যে তাত আমাৰ ৰাইজৰ বৃহত্তৰ স্বাৰ্থ আৰু আশা-আকাংক্ষাখিনি প্ৰতিফলিত হোৱাটো কাম্য। এইটো উল্লেখনীয় যে মিচিং শিক্ষক নিযুক্তিৰ উদ্দেশ্য আগত ৰাখিয়েই মিচিং আগম কৗবাঙে দুবছৰ মানৰ আগতে Mising language test examination পাতিছিল। আৰু বহুতেই পৰীক্ষাত পাছ কৰি certificate আহৰণ কৰি ৰাখিছে। আৰু স্বাভাৱিকতে এই লোকসকলে মিচিং ভাষাক মাধ্যম হিচাবে প্ৰৱৰ্তন কৰিলে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পোৱাৰ আশা পুহি ৰাখিছে। কিন্তু এই ক্ষেত্ৰত মন কৰিব লগা কথাটো হ’ল চাকৰিয়াল নিযুক্তি দিয়া কথাটো চৰকাৰৰ নীতি (policy)ৰ ওপৰত নিৰ্ভৰশীল। তেনেস্থলত এতিয়া অনুধাৱন কৰিব লগা কথাটো হ’ল এই সন্দৰ্ভত বৰ্তমানৰ অসম চৰকাৰে কি নীতি গ্ৰহণ কৰিব। কাৰণ সময়ে সময়ে চৰকাৰৰ নীতি সলনি হৈ থাকে। যোৱাবাৰ (১৯৮৬-৮৭) মিচিং ভাষা শিক্ষক নিযুক্তি দিওঁতে আন কিছু অৰ্হতাৰ লগতে MAKয়ে প্ৰদান কৰা “Mising language test pass certificate”ৰ ওপৰত ভিত্তি কৰি candidate নিৰ্বাচন কৰা হৈছিল। তাৰ বাবে তদানীন্তন অসম চৰকাৰৰ সতে MAKৰ এটা বুজাপৰা হৈছিল। MAKয়ে প্ৰদান কৰা Mising language test pass certificate থকাটো এটা অৰ্হতা হিচাপে চৰকাৰে নীতিগতভাৱে মানি লৈছিল আৰু সেই মতেই কৰা হৈছিল। কিন্তু এই সন্দৰ্ভত বৰ্তমানৰ চৰকাৰৰ নীতি কি হ’ব সেইটো স্পষ্টকৈ জানিব পৰা হোৱা নাই। জনামতে এতিয়া -শিক্ষকৰ বাবে TET compulsory, তাৰ লগতে অন্যান্য অৰ্হতাৰ কথাও নিশ্চয় থাকিব। আৰু মিচিং মাধ্যমৰ শিক্ষক হবলৈ নিশ্চয় মিচিং ভাষা জ্ঞানৰ certificateও অপৰিহাৰ্য্য বুলি কব লাগিব। সেই যুক্তিৰে মিচিং language certificate থকা candidate বোৰক অগ্ৰাধিকাৰ দিবৰ বাবে চৰকাৰক convince কৰি সৈমান কৰাটো উচিত হব৷ যি হলেও সকলোবোৰ কথা চৰকাৰৰ গৃহীত নীতিৰ ওপৰত নিৰ্ভৰ কৰিব। অৱশ্যে এই ক্ষেত্ৰত আমাৰ মিচিং ভাষা আৰু ৰাইজৰ বৃহত্তৰ স্বাৰ্থ যাতে পূৰণ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰিব লাগে আৰু কামটো কৰাবলৈ চাব লাগে। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আগতে পাই অহা তিতা অভিজ্ঞতাবোৰ মনত ৰাখি কামত আগবঢ়া উচিত হ’ব। আশাকৰো MAKয়ে সকলো মিচিং জাতীয় সংগঠনবিলাকৰ সহযোগত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিব।


Mising Anu Lutad, Epril, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper