Type Here to Get Search Results !

কাকত- আলোচনীৰ ভৱিষ্যত



 কাকত- আলোচনীৰ ভৱিষ্যত


বেঞ্জামিন কামান


   জিকালি অধিকাংশই অসমীয়া বাতৰি কাকতৰ credibility কমি গৈছে, অৱশ্যে সকলো বিলাক নহয়। মানুহক সঠিক জ্ঞান আৰু তথ্য দিয়াৰ সলনি নিজৰ বক্তব্যহে বেছিকৈ ৰাখে। Assam Tribune ৰ দৰে কিছু কাকতে নিজস্বতা বজাই ৰাখিব পাৰিছে এতিয়াও। কিন্তু এনে কাকতৰ সংখ্যা যথেষ্ট কম।


   আলোচনীৰ চাহিদা আগৰ তুলনাত যথেষ্ট কমিছে। ইয়াৰো বিভিন্ন কাৰণ আছে, যেনে মানুহবোৰৰ ব্যস্ততা বাঢ়িছে, অনলাইনত পঢ়িছে, জীৱনৰ মূল্যবোধ আৰু ৰুচি সলনি হৈছে ইত্যাদি। বিশেষকৈ যুৱ প্ৰজন্মৰ ক্ষেত্ৰত ভাষা এক অন্তৰায় হৈ পৰিছে যেন অনুভৱ হয়। আজিকালি অধিকাংশ মেধাৱী, কিতাপ পঢ়ি ভাল পোৱা লৰা ছোৱালী ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ে, সেয়ে অসমীয়া ভাষাত আলোচনী পঢ়িবলৈ কষ্ট পায়। আৰু এই প্ৰজন্মই ইতিমধ্যে কলেজৰ দেওনা পাৰ হৈ গৈছে... সেয়ে অসমীয়া আলোচনী পঢ়া লোকৰ সংখ্যা ক্ৰমাৎ কমি গৈ আছে বুলি ধাৰণা হয়।


Mising Anu Lutad, February, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper