কান্দুলি মাছৰ কাবান
য়কচা কুলি
ধেমাজি
পৃথিৱীৰ সমস্ত সুখ
বুকুৰ মাজলৈ আজুৰি আনি
মাছবোৰে চৰি আছিল বিলত
পোনে পোনে পোণাবোৰ
দেউ দি ফুৰিছিল কাষত।
তেনেতে
ধুমকেতুৰ দৰে উৰি আহিল
মাছুৱৈৰ জাল
তলকিবই নোৱাৰিলে
কোন কেনি পলাল ।
কিছুৱে
যিমান পাৰে দৌৰিছে
কিছু আকৌ জালত লাগিছে
বাছি যোৱা সকলে উভতি চাইছে
লাগি যোৱা সকলে ছটফটাই ফুৰিছে
মাছুৱৈয়ে জালখন বামলৈ টানিছে
পোণাবোৰে বেজাৰতে বিলাপ জুৰিছে
কান্দুলিৰ প্ৰেমিকে
মনে মনে ভাৱিছে —
“দেহি ঐ
উতলা তেলত কাকবা
জীয়াই জীয়াই ভাজিব !
খৰিকাৰে চিলাই
কাকবা জ্বলা জুইত পুৰিব!!
উশাহ ল'ব নোৱাৰাকৈ
তৰাপাতত বান্ধি
কাকবা গৰমে গৰমে সিজাব !!!!
খাওঁ খাওঁ কৰি
কাৰবা জিভাৰ পানী পৰিব !?
গুৰি গুৰি কৰি
চোবাই শেষ কৰিব ।।”—
বচাব নোৱাৰিলোঁ বুলি
দুখ নকৰিবি ঐ কান্দুলি
অহাবাৰ জনমত আমি দুয়ো
মানুহ হৈ জনম লম
জীয়াই জীয়াই নামাৰিবলৈ
মানুহবোৰক কম
কিন্তু,তাহাতৰ দৰে প্ৰতিশোধ নলম।।।
উচৰ্গাঃ মাকবোৰক মাছুৱৈয়ে ধৰি নিয়াৰ পাছত অসহায়া পোণাবোৰৰ নামত।
Mising Anu Lutad, February, 2025