মিচিং আনু লুতাদ, ডিব্ৰুগড়, ৪ ডিচেম্বৰ, ২০২৪: আজিৰে পৰা ডিব্ৰুগড় বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে “পঞ্চদশ মিচিং হস্ততাঁত বস্ত্ৰমেলা ২০২৪”।
প্ৰথম দিনাৰ কাৰ্যসূচীত হস্ততাঁত বস্ত্ৰমেলা ক্ষেত্ৰ উন্মোচন কৰে বিধায়ক চক্ৰধৰ গগৈয়ে। উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰি বস্ত্ৰমেলা শুভ উদ্বোধন কৰে MAC ৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।
উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে MAC ৰ কাৰ্য্যবাহী সদস্য ক্ৰমে - জহান দলে, ইন্দিৰা কুম্বাং, বিজু পেগু, প্ৰশান্ত বড়ি, ভৱানী দুৱৰা, সাধাৰণ সদস্য-সদস্যা ক্ৰমে বানিকান্ত দলে, অনিল পাযয়েং, লাবণ্য মিলি নিভা পেগু মিলি, MBK সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, MAK ৰ সম্পাদক সোমেশ্বৰ কপ্তাক, MMK TMMK TMPK ৰ বিষয়ববীয়াৰ লগতে বহুকেইজন গণ্য মান্য ব্যক্তি।
“পঞ্চদশ মিচিং হস্ততাঁত বস্ত্ৰমেলা”ত সমূহ ৰাইজৰ উপস্থিতি আৰু সহায়- সহযোগীতা কামনা কৰাৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা বস্ত্ৰমেলাত অংশগ্ৰহণ কৰা শিপিনী তথা বিক্ৰতা সকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে আয়োজক সমিতিয়ে।