মিচিং আনু লুতাদ, গোগামুখ, ২৮ অক্টোবৰ, ২০২৪: অহা ৪ ডিচেম্বৰ তাৰিখৰ পৰা আৰম্ভ হবলগীয়া Domestic Electrician, House, Food & Beverage, Food Production বিভাগৰ প্ৰশিক্ষণৰ প্ৰস্তুতি সম্পৰ্কে গোগামুখ RLRCৰ সম্পাদক চত্ৰ মেদক সৈতে বিশেষ আলোচনাত মিলিত হয় মিচিং স্বায়ত্বশাসিত পৰিষদৰ মাননীয় মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
বৰ্তমানলৈ উক্ত বিভাগসমূহৰ ১২০ খন আসনৰ পৰিৱৰ্তে ৮১ গৰাকী প্ৰশিক্ষাৰ্থীয়ে আবেদন দাখিল কৰিছে। আৰু ইচ্ছুক শিক্ষিত নিবনুৱা যুৱক-যুৱতী ৮০১১৩৮৭৬৯৭ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি বিভাগটোৱে জনাইছে।