ডিজিটেল ডেস্কঃ আজি ঘোষণা কৰিলে ২০২২-২৩ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা। অসমৰ মুঠ ৬ গৰাকী সাংস্কৃতিক সাধকে লাভ কৰিছে সংগীত নাটক একাডেমী বঁটা।
নাট্য শিল্পী দুলাল ৰয়লৈ সংগীত নাটক একাডেমী ৰত্ন বঁটা।
বিশিষ্ট গীতিকাৰ লক্ষ্যহীৰা দাসলৈ সংগীত নাটক একাডেমী বঁটা।
সত্ৰীয়া নৃত্যত ভৱেন বৰবায়নলৈ সংগীত নাটক একাডেমী বঁটা।
২০২২ত অংকীয়া ভাওনাৰ বাবে কৰুণা বৰালৈ সংগীত নাটক একাডেমী বঁটা।
২০২২বৰ্ষৰ বাবে সত্ৰীয়া নৃত্যত গোবিন্দ শইকীয়ালৈ বঁটা।
মিচিং লোক সংগীতত তৰাৱতী বড়ি মিলিলৈ সংগীত নাটক একাডেমী বঁটা।
দেশৰ ৯২গৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা।
অসমৰ আন ৫গৰাকী শিল্পীলৈ ওস্তাদ বিছমিল্লা খাঁ বঁটা।
সত্ৰীয়া শিল্পী ডিম্পী বৈশ্যলৈ ওস্তাদ বিছমিল্লা খাঁ বঁটা।
মূকাভিনয়ৰ বাবে মুকুন্দ নাথলৈ বিছমিল্লা খাঁ বঁটা।
বিনীতা দেৱীলৈ পুতলা নাচৰ বাবে বিছমিল্লা খাঁ বঁটা।
কথকত মেঘৰঞ্জনী মেধিলৈ ওস্তাদ বিছমিল্লাহ খাঁ বঁটা।
সত্ৰীয়া নৃত্যত মুকুন্দ শইকীয়ালৈ বিছমিল্লা খাঁ বঁটা।