Type Here to Get Search Results !

ভিটিলিগো (Vitiligo)

 


ভিটিলিগো (Vitiligo)


জাতিৰাম কামান 


   তেজপুৰত এবাৰ এজনী ষোড়শীক ৰাস্তাৰে গৈ থকা দেখা পাইছিলো; দেখাত একেবাৰে পশ্চিমীয়া শ্বেতাংগ ছোৱালীৰ দৰে সমস্ত শৰীৰ গাখীৰৰ দৰে বগা। শৰীৰৰ কোনো অংশ বাদ পৰা নাই, দেহৰ সমস্ত অংশ বগাদাগে ছানি ধৰাত অৰিজিনেলী শ্বেতাংগ ছোৱালীৰ দৰেই গাৰ ৰং। শৰীৰত বগাদাগ পৰা তেনে ব্যক্তিক ইংৰাজীত ভিটিলিগো (vitiligo) বুলি কোৱা হয়। ই কোনো বীজাণুৰ দ্বাৰা আক্ৰান্ত ৰোগ নহয় অথবা সংক্ৰমিত ৰোগ নহয়। আচলতে ছালত বগা ৰং ধৰা এয়া প্ৰাকৃতিক পৰিঘটনা (Natural phenomena) বুলিব পাৰি।

     বিষয়টো বহুদিনৰ আগৰে পৰা লিখিম বুলি ভাৱিও লিখা নাছিলো যদিও অত্যন্ত প্ৰয়োজনৰ খাতিৰত লিখিব লগা হল এই ভাৱি যে লিখনিটোৰ যোগেদি নতুন প্ৰজন্মৰ যুৱক যুৱতীয়ে অন্ততঃ প্ৰেৰণা পাব আৰু ছালত পৰা বগাদাগক লৈ দুঃচিন্তাত নপৰিব।

     আমাৰ পৰিচিত এজন মেধাবী লৰা তেনে সমস্যাত ভূগি মানসিক ভাৱে ভাগি পৰি পঢ়া শুনা বাদ দিয়াৰ লগতে অস্বাভাৱিক জীৱন যাপন কৰি সোণালী দিনবোৰ অপব্যয় কৰাৰ লগতে নিজেও দুৰ্ভোগ ভূগিছে আৰু পৰিয়ালৰ বাবেও চিন্তাৰ কাৰণ হৈ পৰিছে।

   সহজে নিজৰ সমস্যাৰ কথা আনৰ আগত ব্যক্ত নকৰা লৰাজনক এবাৰ কাষতে বহুৱাই লৈ বৰ অন্তৰংগ ভাৱে তাৰ সমস্যাৰ কথা সুধিলো আৰু অভয় দিলো যে এয়া কোনো ৰোগ নহয় আৰু দুশ্চিন্তাৰ কাৰণো নহয়। আমি তাৰ সমস্যাৰ কথাত ইন্টাৰেষ্ট দিয়াত সি লাহে লাহে আমাৰ লগত সহজ হল আৰু শৰীৰৰ কোন কোন অংশত দাগবোৰ পৰিছে সেইবোৰ দেখুৱাই গল। সি অকপটে স্বীকাৰ কৰিলে যে – যেতিয়াই সেই দাগবোৰ সৰু কালতে চকুত পৰিছিল সেই তেতিয়াৰ পৰাই সি ভয় খাইছিল আৰু দিন যোৱাৰ লগে লগে, বয়স বঢ়াৰ লগে লগে এক প্ৰকাৰ মানসিক ৰোগত আক্ৰান্ত হোৱাৰ দৰে হৈ পৰিছিল। শৰীৰত দেখা দিয়া সেই পৰিৱৰ্তনে তাৰ কোমল মনত গভীৰভাৱে ৰেখাপাত কৰিলে আৰু সেই প্ৰতিক্ৰিয়াই কালক্ৰমত মানসিক ৰোগৰ কাৰণ হৈ পৰিল যিটো একেবাৰেই অমূলক ধাৰণা আৰু অহেতুক চিন্তাৰ কাৰণ। সৰু কালতে সুন্দৰ ভাৱে কাউন্সেলিং কৰি বুজাই বঢ়াই মানসিক ভাৱে প্ৰস্তুত কৰা হলে হয়তু তাৰ জীৱন দৰ্শনেই বেলেগ হলহেঁতেন! নিজৰ মেধাশক্তিৰ বলত সমাজত জাকত জিলিকা হৈ থাকিলহেঁতেন! কাজেই, অভিভাৱক সকল সেইক্ষেত্ৰত সদায় সজাগ, সচেতন হৈ থকাতো অতীৱ প্ৰয়োজনীয়। পিতৃ-মাতৃ তথা অভিভাৱকৰ অকন মান অমনোযোগিতা আৰু অসাৱধানতাৰ ফলত এজন সন্তানৰ সম্ভাৱণাপূৰ্ণ ভৱিষ্যতৰ পথ সেইদৰেই ৰুদ্ধ হয়।    

   ভিটিলিগোৰ (Vitiligo) অসমীয়া প্ৰতিশব্দ ঠিক তেনেকৈ নাই যদিও ই ছালত পৰা বগাদাগক বুজোৱা হয়।ইয়াক বহুতে চৰ্মৰোগ আখ্যা দিলেও প্ৰকৃততে এয়া ছালৰ ৰোগ নহয় আৰু সোঁচৰা ৰোগো নহয়।

   শৰীৰৰ ত্বক বা ছালত বগা দাগ পৰাৰ কাৰণ হল_মেলানিন নামৰ ৰঙচুৱা কোষৰ অভাৱত হয়,যি কোষে দেহৰ ৰং নিৰ্ধাৰণ কৰে।

  Vitiligo causing skin patches to loss colour, its primarily thought to be caused by an autoimmune response where the bodies immune system mistakenly attacks and destroys melanocytes.

   Melanocytes are pigment-producing cells and synthesize and transfer melanin,the pigment responsible for skin,hair and eye colour.

  ভিটিলিগোৰ লক্ষণ বুলিবলৈ শৰীৰৰ যিকোনো অংশত বগা দাগ পৰে। কেতিয়‍াবা বাঢ়ি গৈ গোটেই দেহত বিয়পি পৰে, কোনো কোনোৰ আক’ নিৰ্দিষ্ট অংশত হৈ ৰৈ যায়। ভিটিলিগোৰ কাৰণ হ’ল – স্বপ্ৰতিৰোধ ক্ষমতাৰ ফলত মেলান’চাইটক ভূলক্ৰমে বাহিৰৰ আক্ৰমণকাৰী বুলি চিহ্নিত কৰে আৰু ইয়াক ধ্বংস কৰে।ভিটিলিগো বংশগত কাৰণতো হব পাৰে! পাৰিপাৰ্শ্বিক কাৰণতো হব পাৰে যেনে - মানসিক চাপ, ৰাসায়নিক সংস্পৰ্শৰ প্ৰভাৱতো হব পাৰে!

    Vitiligo ৰ চিকিৎসা বুলিবলৈ নিৰ্দিষ্ট চিকিৎসা নাই যদিও ছাল সম্পৰ্কীয় চিকিৎসা গ্ৰহন কৰিব পাৰি চিকিৎসকৰ পৰা। চিকিৎসাৰ ভিতৰত Steroid cream ব্যৱহাৰ আৰু PUVA আৰু ত্বক প্ৰতিষ্ঠাপন। ইয়াৰোপৰি কিছু কিছু বিশেষ ঔষধৰ প্ৰয়োগ হ’ব পাৰে চিকিৎসাভেদে।

  ভিটিলিগোত ভোগা সকলে পেকেজ ফুড,প্ৰছেচ ফুড, শৰ্কৰাজাতীয় খাদ্য যেনে চেনী আদি খাব নালাগে। অৱশ্যে বাকী নৰ্মেল ব্যক্তিৰ বাবেও ওপৰত উল্লেখিত খাদ্যসমূহ স্বাস্থ্যসন্মত নহয়।

  Vitamin D আৰু Vitain B12 (ভিটামিন বি কমপ্লেক্স)ৰ অভাৱৰ বাবে ভিটেলিগো হব পাৰে বুলিছে; কাজেই - আম, ষ্ট্ৰবেৰি, কমলা, নেমু আদি চাইট্ৰিক এচিডযুক্ত ফলাহাৰ প্ৰচুৰ পৰিমাণ গ্ৰহণ কৰিব লাগে যি ছালত মেলানিন প্ৰস্তুত কৰাত সহায় কৰে।

    Folic acid বা Vitamin 9 ও ভিটিলিগোৰ বাবে উপকাৰী। নিয়মীয়াকৈ কণী খাব পাৰি। পশ্চিমীয়া দেশত সাগৰৰ তীৰত অনেক নৰ নাৰীয়ে ছালৰ সৌন্দৰ্য বৰ্ধনৰ বাবে সূৰ্যস্নান কৰে যাক ইংৰাজীত চানবাথ (sunbath) বুলি কোৱা হয়।চানবাথেও ছালৰ বাবে উপকাৰী, ই ভিটিলিগোৰ প্ৰতিৰোধক। 

   বিশ্বত ভিটিলিগোৰ সংখ্যা ক্ৰমাগত ভাৱে বৃদ্ধি পাইছে বিভিন্ন পাৰিপাৰ্শ্বিক কাৰণত।ভাৰতবৰ্ষত vitiligo ৰ সংখ্যা ৮.৮%. পুনৰ দোহাৰিছোঁ — ভিটিলিগো কোনো ৰোগ নহয় অথবা সোঁচৰা ব্যাধি নহয়। নৰ্মেল ব্যক্তিৰ দৰেই তেওঁলোকো একোগৰাকী স্বয়ংসম্পূৰ্ণ ব্যক্তি। গতানুগতিক ভাৱে স্পৰ্শ কৰিব পাৰি, আলিংগন কৰিব পাৰি।

    উঠি অহা যুৱ প্ৰজন্মৰ কোনোবা কোনোবা কিবা পাৰিপাৰ্শ্বিক কাৰণত তেনে সনস্যাত ভূগিলেও (আচলতে সমস্যাই নহয়) কোনো চিন্তাৰ কাৰণ নাই। নিজৰ সুকৰ্ম, অধ্যাৱসায়ৰ বলত ভাল মানুহ হ’বলৈ চেষ্টা কৰাতোৱেই অমোঘ মন্ত্ৰ জীৱনৰ। তেনে মানসিকতাৰে নিজৰ কৰ্ম আৰু কৰ্তব্যত আগ বাঢ়িলে সুখ স্বাচ্ছন্দ্যৰে জীৱনৰ সুধাপান কৰিব পাৰি। 

    বিখ্যাত পপ গায়ক মাইকেল জেকচনকে আদি কৰি ভাৰতীয় চিনেমাৰ মহানায়ক অমিতাভ বচ্চন, অন্ধ্ৰ প্ৰদেশৰ নামী ৰাজনৈতিক নেতা চন্দ্ৰবাবু নাইডু ভিটিলিগো।

  বিখ্যাত কানাডিয়ান ফেশ্যন মডেল উইনি হাৰ্লো, বিখ্যাত ৰেপাৰ ক্ৰিজ কালিকো, আমেৰিকান এক্টৰ ডেভিদ ডাস্তমালচিয়ান হ’ল একো একো গৰাকী ভিটিলিগো।

   অসমৰ চিন্তাশীল লেখক, মননশীল নিবন্ধকাৰ ও সুবক্তা ময়ুৰ বৰা ভিটিলিগো। তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী ভিটিলিগো।

  সাম্প্ৰতিক অসমৰ শ্ৰোতা দৰ্শকক বাগ্নীতাৰে সন্মোহিত কৰিব পৰা আগশাৰীৰ সুবক্তা বুলি ক'লে ময়ুৰ বৰা আৰু হৃষীকেশ গোস্বামীৰ নাম অনায়াসে লব পাৰি। তেখেতসকলৰ সুন্দৰ বক্তৃতাই সৰ্ব সাধাৰণক সদায়েই আকৰ্ষিত কৰি আহিছে।

   ব্যক্তিৰ ব্যক্তিত্বই আচল।কায়াটো মাত্ৰ চিনা পৰিচয়ৰ এটা অৱয়বহে, যেনেকৈ নামটো। নামেৰে নহয়,মানুহ কামৰ দ্বাৰাহে চিৰ পৰিচিত হয়।


Mising Anu Lutad, Ju:n, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper