ভাৱানুবাদ কবিতা
পাখিৰ দৰে উৰা আশা
বেঞ্জামিন কামান
পাখিৰ দৰেই আশা
লাহী-উৰণীয়া
যি আত্মাত বসতি কৰে,
শব্দহীন গীত গায়
থমকি নৰয় কাহানিও
ধুমুহাৰ প্রকোপত থমকি নৰয়
এই সৰু পখীটিৰ উচ্ছলতা
যিয়ে লজ্জিত কৰিব পাৰে ধুমুহাক,
বৰদৈচিলাতো হালি জালি উৰে
গগণে গগণে।
মই শুনিছোঁ এই পখীৰ গীত
তুষাৰৰ শীতলতাত
আৰু সাগৰৰ গভীৰতাত,
তথাপি সকলো আপদ সহি
ই একোৱেই নিবিচাৰে মোৰ পৰা
মাথোঁ পাখি মেলি উৰে
আশা-চিৰন্তন
মূল কবিতাঃ এমিলি ডিকিনছনৰ Hope is the thing with feathers
Mising Anu Lutad, Ju:n, 2025