Type Here to Get Search Results !

মিচিং ধৰ্মঃ পৰম্পৰা, পৰিবর্তন আৰু পৰিচয়ৰ সন্ধান (এক ধৰ্মীয় আন্দোলনৰ আৱশ্যকতা)

 


মিচিং ধৰ্মঃ পৰম্পৰা, পৰিবর্তন আৰু পৰিচয়ৰ সন্ধান

(এক ধৰ্মীয় আন্দোলনৰ আৱশ্যকতা) 


হৰিচৰণ পেগু

নগাঁও


   উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম প্ৰধান খিলঞ্জীয়া জনগোষ্ঠী মিচিং সকলৰ ধৰ্মীয় দৰ্শন ঘাইকৈ প্ৰকৃতি আৰাধনাৰ সৈতে সম্পৰ্কিত। অতীজৰে পৰা ক্ৰমবিবৰ্ধিত ধৰ্মীয় ইতিহাসৰ ধাৰালৈ দৃষ্টি নিক্ষেপ কৰিলে আমি এক সমৃদ্ধ সাংস্কৃতিক ধাৰাবাহিকতাৰ পৰিচয় দেখা পাওঁ। এই জনগোষ্ঠীয়ে প্ৰাচীন কালৰে পৰা প্ৰকৃতি পূজাৰ আধাৰত গঢ়ি উঠা ধৰ্মীয় পৰম্পৰাক আত্মিকভাৱে প্ৰতিপালন কৰি আহিছে। চন্দ্ৰ, সূৰ্য আৰু বসুমতীৰ (পৃথিৱী) উপাসনা, দেৱ-দেৱতাৰ সকাম-নিকাম, দবুৰ পূজা, তালেং উই , দদগাং, উৰম-আপিন আৰু নিজৰ স্বকীয় জীৱন পদ্ধতিকে ধৰ্মীয় দৰ্শনৰূপে গ্ৰহণ কৰা আদিয়েই হৈছে মিচিং ধৰ্মৰ মূল আধাৰ ।


   মিচিং ধৰ্মৰ মূল আধাৰ বুলিবলৈ হ'লে প্ৰাচীনতম “মিবু আঃবাং” কে বিশেষভাৱে উল্লেখ কৰিব লাগিব।

“আঃবাং” — এক প্ৰাচীন ধৰ্মীয় গীত বা মন্ত্র, যাক কেৱল মিবু (অৰ্থাৎ মিচিং ধৰ্মৰ পুৰোহিত শ্ৰেণী) সকলেহে জানে, বুজে আৰু ব্যৱহাৰ কৰে। মিবু সকলে বিশেষ অনুষ্ঠান, পূজা বা জাতিগত সংকটত এই গীতৰ সহায়ত দেৱ-দবুৰাক সম্বোধন কৰে। মিচিং সমাজত আঃবাং গীত কেৱল উচ্চাৰণ নহয়, ই এটা দৈৱিক শক্তিৰ আৱাহনৰ মাধ্যম, যাৰ দ্বাৰা মানুহ, প্ৰকৃতি আৰু অদৃশ্য শক্তিৰ মাজত সংযোগ স্থাপন কৰা হয়।

  ইয়াকে কেন্দ্ৰ কৰিয়েই গঢ় লৈছে মিচিং সকলৰ আদিতম ধৰ্মীয় পৰম্পৰাৰ ঐতিহ্য। সেয়েহে “মিবু আঃবাং”ক বাদ দি মিচিং ধৰ্ম আলোচনা অসম্পূৰ্ণ। 

তিব্বতৰ বনপো ধৰ্মৰ সৈতে মিচিং ধৰ্মৰ বহু মিল দেখা যায়। বিশেষকৈ আত্মাৰ অস্তিত্ব, দেৱ-দেৱতা আৰু সকাম-নিকামৰ পূজা-পদ্ধতিত। দুয়ো ধৰ্মতে প্ৰকৃতিৰ শক্তিলৈ বিশেষ গুৰুত্ব প্ৰদান কৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠান পালন কৰা হয় । মিচিং সকলৰ দবুৰ পূজাৰ আৰ্হি বনপো ধৰ্মৰ প্ৰকৃতি পূজাৰ সৈতে সামঞ্জস্য থকা । 

 

কাল-সংহতিৰ উন্মেষ, বৈষ্ণৱ ধাৰাৰ সংস্পৰ্শঃ


  ১৬শ শতিকাত মিচিং সকল অসমৰ ভক্তি আন্দোলনৰ সংস্পৰ্শলৈ আহে। শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য মাধৱদেৱৰ সংস্পৰ্শত মিচিং সকল প্ৰথম বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱলৈ আহে। বিশেষকৈ গোপাল আতা, দামোধৰদেৱ আদি গুৰুসকলৰ মাধ্যমত মিচিং অঞ্চলত নামঘৰ, কীৰ্তন, ভাগৱত পাঠ আদি ধৰ্মীয় অনুশীলন আৰম্ভ হয়। এই দিশত সবাতোকৈ অধিক প্ৰভাৱ নিশ্চয় গুৰুজনাৰ মিৰি শিষ্য পৰমানন্দ মিৰি আতাৰ যোগেদি হৈছিল। পৰমানন্দ মিৰি আতাক শ্ৰীমন্ত গুৰুজনাই গাংমৌ থানৰ সত্ৰাধিকাৰ হিচাপে নিযুক্ত কৰি তদানীন্তন মিৰি জনগোষ্ঠীলৈ এক বৃহৎ ধৰ্মীয় সম্ভাৱনাৰ দুৱাৰ খুলি দিছিল। মিচিং সকল সাধাৰণতে মদ-মাংসৰ ব্যৱহাৰৰ লগতে মুক্ত,বান্ধোনহীন আচৰণৰ পৰা নিজক বাৰণ কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত তদানীন্তন বৈষ্ণৱ ধৰ্মৰ কঠোৰ আচৰণ বিধি আৰু নিৰামিষভোজী আহাৰ গ্ৰহণ পন্থাক অনুসৰণ কৰিব নোৱাৰাটো স্বাভাৱিক আছিল। গতিকে তদানীন্তন বৈষ্ণৱ গুৰু সকলে মিচিং সকলৰ বাবে এক মধ্যম পন্থা প্ৰস্তুত কৰি উলিয়াইছিল। দিনৰ ভাগত নামঘৰলৈ যোৱা সময়খিনিত মদ্যপান আৰু মাংসভোজনৰ পৰা বিৰত থাকি সন্ধিয়া হোৱাৰ লগে লগে পৰম্পৰাগত আপং-আজিন খাবগৈ পাৰিব। এই প্ৰক্ৰিয়াটোত মিচিং সকলে সন্মতি প্ৰদান কৰি লাহে লাহে বৈষ্ণৱ ধৰ্মৰ এই নতুন পন্থাক আদৰি লয় । সেই বাবেই ইয়াক “ৰাতি খোৱা” ধৰ্ম নামেৰেও জনাজাত হৈছিল।

   এই ধৰ্মাচৰণক কালজাৰ সত্ৰৰ ফালৰ পৰা স্বীকৃতি দিয়াৰ বাবে ইয়াক “কাল সংহতি” নামেৰে জনাজাত হয়। বৈষ্ণৱ পন্থাৰ চাৰি সংহতিৰ ভিতৰত কাল সংহতিও অন্যতম । 

  কাল সংহতি মিচিং ধৰ্মৰ এক অনন্য সংমিশ্ৰণ — য’ত ভগৱান বিষ্ণুৰ নাম-কীৰ্তন আৰু আঃবাং ভিত্তিক জনজাতীয় ধৰ্মীয় আচাৰ আচৰণ সমান্তৰালভাৱে চলি থাকে। 

   মিচিং সকলে সকাম-নিকাম পূজা যেনে - মাননি, গুৰু মতা (য়ালঃ গগনাম) নজনীয়া, ৰিষ্ট, ডাঙৰীয়া উই, লখিমী সেৱা, সদাশিৱ (অদাকি/অৰাকি), গোপিনী সেৱা , আতেৰ তালেং-গোপিনী আদি সকাম নিকাম আদিবোৰ হিন্দু সংস্কৃতিৰ পৰা অনুসৰণ কৰি পালন কৰাৰ বিপৰীতে কিছুমান অপদৈৱ পূজা যেনে – পেজাব উই, কালিকা উই, য়ুমৰাং উই আদিবোৰ বাহিৰতে সম্পন্ন কৰে । 

  আনহাতে তালেং উই, উৰম-আপিন, দদগাং-কিপু, দবুৰ পূজা ইত্যাদি পৰম্পৰাগত আচৰণৰ লগতে এক সংঘবদ্ধ ধৰ্মীয় অনুশীলন । 

  তাৰোপৰি কাল সংহতিৰ প্ৰভাৱত সময়ে সময়ে নাম-ঘোষা, কীৰ্তন পাঠ আদি প্ৰসংগও চলি থাকে। কাজেই কাল সংহতিয়ে মিচিং সমাজৰ আধুনিকীকৰণৰ প্ৰয়াসৰ মাজতো নিজ ধৰ্মীয় পৰিচয় ৰক্ষা কৰি অনন্য দৃষ্টান্ত স্থাপন কৰিছে।


দঞি পলঃ য়েলাম আৰু ধৰ্মীয় পুনৰুদ্ভৱঃ


  ১৯৮০ চনত তালম ৰুকব নামে এগৰাকী ধৰ্মগুৰুৰ নেতৃত্বত স্থাপিত হয় “দঞি পলঃ য়েলাম”। ই মূলতে মিচিং সকলক বৈষ্ণৱ ধাৰাৰ পৰা উভতাই আদি জনজাতীয় পুৰণি পৰম্পৰাগত ধৰ্মলৈ ঘূৰাই অনাৰ এক ধৰ্মীয় আন্দোলন। সূৰ্য (Do:nyi) আৰু চন্দ্ৰ (Po:lo) — মিচিং ধৰ্মৰ মূল উপাস্য শক্তিৰূপে প্ৰতিষ্ঠা দিয়াৰ লগতে, দঞি পলঃ য়েলামে মিচিং পৰম্পৰাগত পদ্ধতিকেই দৰ্শনৰ আধাৰ হিচাপে গ্ৰহণ কৰে। ই এক দৰ্শন, যি বিজ্ঞান, নৈতিকতা আৰু আধ্যাত্মিকতাক সংহত কৰে — যদিও কেতিয়াবা আধুনিক বিজ্ঞানৰ সৈতে সামঞ্জস্য নথকা বুলি সমালোচনা কৰা হয়। সৰ্বোপৰি দঃঞি পঃল য়েলামত বিশ্বাসযোগ্য ধৰ্মীয় অভিভাৱকৰ অভাৱ যিয়ে ধৰ্মীয় বিশ্বাসৰ ধাৰাক শক্তিশালী হোৱাৰ পৰা আতৰাই ৰাখিছে । সাধাৰণতে দঞি পলঃ য়েলামৰ অধিকাংশ সিদ্ধান্ত মিচিং বাঃনে কেবাঙেই নিৰ্ধাৰণ কৰি দিয়াৰ দৰে । 


খ্ৰীষ্টান ধৰ্ম, ভাগৱতী মিচিং নাম ধৰ্ম সমাজৰ প্ৰভাৱ আৰু সংঘাতঃ


  আশীৰ দশকত বহু মিচিং ব্যক্তি খ্ৰীষ্টান ধৰ্মত দীক্ষিত হয়। যিসময়ত দঞি পলঃ য়েলাম গঢ়ি উঠি আছিল, সেই একেটা সময়তে খ্ৰীষ্টান ধৰ্মত দীক্ষা গ্ৰহণকাৰীসকলে নিজৰ এক পৃথক ধৰ্মীয় পৰিচয় গঠন কৰিবলৈ আৰম্ভ কৰে। ইয়ে মিচিং সমাজৰ ভিতৰতে ধৰ্মীয় বিভাজন, মতভেদ, আৰু অসন্তোষৰ বাতাৱৰণ সৃষ্টি হয়। দঞি পলঃ য়েলাম আৰু খ্ৰীষ্টান মিচিংসকলৰ মাজত কেতিয়াবা প্ৰকাশ্য সংঘাতো দেখা দিছে। সবাতোকৈ ডাঙৰ কথাটো হৈছে, মিচিং সকলৰ মাজত নকৈ সংগঠিত হোৱা জনজাতি নাম-ধৰ্ম সমাজ। মূল সুতিৰ বৈষ্ণৱ ভকত শ্ৰীমন্ত শংকৰদেৱ সংঘই গুৰুত্ব নিদিয়া বুলি দাৱী কৰি একাংশ জনজাতি মূলৰ ভকতে এক নতুন বৈষ্ণৱ আন্দোলন আৰম্ভ কৰে। য’ত মিচিং ভকত সকলে জনজাতীয় নাম ধৰ্ম সমাজ নামেৰে নতুন নাম লৈ শংকৰী বৈষ্ণৱ ধৰ্মক পুনৰুত্থানৰ ঘটাবলৈ প্ৰয়াস কৰে। তেওলোকৰ আচৰণ বিধি পূৰ্ণতা নিৰামিষভোজী আৰু মদ্যপান বিৰোধী । তেওলোক কাল সংহতি পন্থাৰ ঘোৰ বিৰোধী আৰু ব্ৰহ্ম সংহতি, পুৰুষ সংহতি অথবা নিকামুল সংহতিৰ প্ৰকাশ্য সমৰ্থক। একাংশ মিচিং লোকক এই জনজাতীয় নাম ধৰ্ম সমাজে আকৰ্ষণ কৰে যদিও অধিকাংশই চাৰিশ বছৰৰ পৰা আচৰণ কৰি অভ্যস্ত হোৱা কাল সংহতি কেৱলীয়া পন্থাকে আকোৱালি ধৰি থাকিল । 

   কিন্তু আজি খ্ৰীষ্টান, নাম ধৰ্ম সমাজ আৰু দঃঞি পঃল য়েলামৰ হেচাই কেৱলীয়া ধৰ্মৰ ওপৰত অতি ঘোৰতৰ প্ৰভাৱ পেলাব ধৰিছে । 

   অন্যান্য ধৰ্মৰ পুনৰুত্থানৰ দৰে কেৱলীয়া সমাজো পুনৰুত্থিত হোৱাৰ সময় আহি পৰাৰ সময় সমাগত যেন বোধ হয় । কাজেই কোনোকালে ধৰ্মীয় বান্ধোন মানিব নিবিচৰা মিচিং সমাজে কোনো নিৰ্দিষ্ট পন্থাৰ আচৰণ বাদ দি কেৱলীয়া পন্থাকে আচৰণ কৰি থকা উচিত । য'ত ধৰ্মক লৈ কোনো বিতৰ্ক আৰু বিভাজনৰ প্ৰশ্ন উত্থাপন নহয় । 


সমাধানৰ পথঃ কাল সংহতিত সমন্বয়ঃ


  এই সংকটৰ সময়তে কাল সংহতি এক সুদৃঢ় ধৰ্মীয় গাঁঠনি ৰূপে প্ৰতিষ্ঠা কৰিবলৈ কেৱলীয়া ধৰ্মৰ এক সংজ্ঞাবদ্ধ ৰূপ আৱিষ্কাৰ হ’ব লাগিব আৰু সেইমতে কেৱলীয়া ধৰ্মক এক ধৰ্মীয় দৰ্শনৰ ৰূপ দি আগবাঢ়িব লাগিব। কেৱলীয়া পন্থাই নাম-কীৰ্তন আৰু আঃবাংক একে সময়তে মান্যতা দিয়ে। অৰ্থাৎ, ভক্তি আৰু প্ৰকৃতি-উপাসনাৰ মাজত এক সামঞ্জস্য সৃষ্টি কৰে।

এই পন্থাই মিচিং জাতিৰ ধৰ্মীয় স্বাতন্ত্র্য ৰক্ষা কৰে তথা আমাৰ মুক্ত জীৱনক সমৰ্থন কৰে । পুৰণি আচাৰবিধি আৰু নতুনত্বৰ মাজত এক সাংস্কৃতিক সেতু নিৰ্মাণ কৰে।


  মিচিং ধৰ্ম এটা একক ধৰ্ম নহয়, ই এক সমাহাৰ — য'ত আছে প্ৰকৃতি-উপাসনা, দৈৱিক মিবু আঃবাং, বৈষ্ণৱ নাম-ঘোষা, আৰু আধুনিক আত্ম-অন্বেষণৰ বোধ।

   দঞি পলঃ য়েলাম আমাৰ আদিমতাৰ সাক্ষ্য। খ্ৰীষ্টান এক আন্তঃৰাষ্ট্ৰীয় পন্থাৰ আগ্ৰাসী বিশ্বাস। জনজাতি নাম ধৰ্ম সমাজ পৰম্পৰাৰ পৰা আতৰাই আনিব পৰা এক নতুন বাধ্যবাধকতা । 

  কিন্তু কাল সংহতি কেৱলীয়া পন্থা হৈছে মিচিং জাতিৰ ধৰ্মীয় পৰিচয়ৰ একক গাঁঠনি, যি ৫০০ বছৰৰ ধাৰাবাহিকতাৰ ফল। সেয়েহে এই পৰম্পৰা সংৰক্ষণ আৰু বিস্তাৰৰ দায়িত্ব আমাৰ সকলোৰে। আৰু “মিবু আঃবাং”ৰ পুনৰ প্ৰচলন, নথিভুক্তিকৰণ, আৰু সমাজলৈ পূৰ্ণৰূপে মুকলি কৰা আৰু ইয়াক কেৱলীয়া পন্থাৰ প্ৰধান বিষয়বস্তুলৈ পৰিণত কৰাটো সময়ৰ আহ্বান ।

    এক নতুন ধৰ্মীয় আন্দোলনৰ সূচনা হওক, যিয়ে কেৱলীয়া কাল সংহতি পন্থাক স্বীকাৰ কৰিব, পুনৰুদ্ধাৰ কৰিব । 

    এনে কিবা সম্ভাৱনা আছেনে ?


Mising Anu Lutad, Ju:n, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper