Type Here to Get Search Results !

মই কাৰ বাবে আছো জীয়াই

 


মই কাৰ বাবে আছো জীয়াই ?


                                                  অৱনী মিলি


মোৰ নিজৰ ঘৰ আছে

ঘৰত থাকিবলৈ

মানুহ নাই,

গাড়ী আছে, টকা আছে

চলাবলৈ কোনো নাই।


মাছ আছে, মাংস আছে

সকলো আছে মোৰ, 

কিন্তু

খাবলৈ লগত 

কোনো নাই।


মা-দেউতা, পত্নী

ল’ৰা-ছোৱালী,

বোৱাৰী-নাতিনী

সকলো আছিল,

সময়ৰ তাগিদাত

সকলোৱে নিজৰ নিজৰ

ঠাই বাছি লৈ এটি এটিকৈ 

নিজৰ নিজৰ ঠাইলৈ 

আঁতৰি গ’ল।


কেতিয়াবা মোৰ মনে

প্ৰশ্ন কৰে..

মই বাৰু কিয় জীয়াই আছোঁ

অকলে অকলে-

এই জনশূন্য ঘৰখনত ?

কাৰ বাবে আছো জীয়াই ??

কোনে বাৰু দিব মোক

ইয়াৰ সঠিক উত্তৰ ???


Mising Anu Lutad, Me:, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper