সপোন
মদন পেগু
আছলতে সপোনবোৰ এনেকুৱাই হয়
বহুতে কয় সপোন হেনো সফলতাৰ জখলা
কিন্ত……
বাস্তৱতাৰ বিপৰ্যস্ত বিপৰীত মেৰু
এটী পল সুখৰ মাতাল প্ৰেমিক
বিভোৰ নিশাৰ শয়ন সংগী
বেদনাৰ নয়ন সাগৰৰ তুলুঙা নাও
ঢৌত উঠি ভাহি দিশহাৰা নাৱৰীয়া ।
আচলতে সপোন এনেকুৱাই হয়
আশাৰ কাৰেং বগাই
শিখৰত গগন চুমে
পাৰিজাত হৰকাই
সৰগত ইন্দ্ৰৰ কিৰীতি খহায়
নিমিষতে লঠিয়াই ভিক্ষাৰীৰ তেকেলী ভাঙে
ৰঙৰ পথাৰত ফাকু খেলি
ৰাঙলি ৰূপালী সদ্য স্নাতা দুলাৰী
পতা মেলি দেখে যখিনীৰ কঢ়াল কিৰিলি
আচলতে সপোনবোৰ এনেকুৱাই হয়
যত আছে বাস্তৱতাই নিবিচৰা
ৰঙীন ৰঙৰ ৰাঙলী পখিলী
ফুলে ফুলে ৰসৰ চুম্বনত
উঠৰ ৰং হলাই
নিজক পৰি’লৈ সজায়।
আছলতে সপোন এনেকুৱাই হয়।
Mising Anu Lutad, Ju:n, 2025