নিৰলা পঁজা
অৱনী মিলি
আশা আৰু কল্পনাবোৰ
সপোন হৈ গ’ল,
হাঁহি আনন্দৰে ভৰা এখন ঘৰ
জনশূন্য পঁজা হৈ ৰ’ল।
নাজানো কিয় আহিল
সেই কাল-শত্ৰু ধুমুহা
যি ধুমুহাৰ স’তে গ’ল মোৰ
হাঁহি আনন্দবোৰ, আশাবোৰ
থান-বান হৈ।
আছোঁ মই আজিও অকলে
আশাৰে বাট চাই,
উভতি আহিব সেই মৰমবোৰ
আকৌ জিলিকিব ঘৰত
পূজা ঘৰৰ চাকি,
কোঠাই কোঠাই জিলিকিব
বিজুলী চাকিৰ পোহৰ।
কথা আৰু হাঁহিৰে পুনৰ
আনন্দৰে ভৰি পৰিব মোৰ
এই নিৰলা পঁজা।
মৰমেৰে এখন সংসাৰ
গঢ়াৰ সপোন মোৰ আজিও
সপোন হৈয়ে ৰ’ল।
Mising Anu Lutad, Ju:n, 2025