আচঁনিসমূহ সঁচাকৈ ৰাইজৰ সুবিধাৰ বাবে কৰা হৈছেনে?
জাতিৰাম কামান
সম্প্ৰতি খুউব চৰ্চিত আচঁনি হ’ল “জল জীৱন মিছন”। সকলোৰে বাবে বিশুদ্ধ পানী যোগানৰ চৰকাৰী আচঁনি। কিন্তু বহুতে অভিযোগ কৰা মতে নামতহে পানীৰ টেংকিটো আছে। পানী যোগানৰ নামত শূন্য। কবাত কবাত চেগা চোৰোকাকৈ চলিলেও পানী যোগান অনিয়মীয়া বুলিছে।
এটা অসমৰ্থিত সূত্ৰৰ পৰা গম পোৱা মতে পানী যোগানৰ বাবে বহুৱাব লগা প্ৰয়োজনীয় সামগ্ৰী সমূহ গৃহমন্ত্ৰীৰ পুত্ৰৰ আছিল হেনো! ঠিকাদাৰে সামগ্ৰী সমূহ কিনি টেংকী ফিট কৰিলে, পাইপ নল বহুৱালে, যোগানকাৰী কম্পেনীয়ে পাব লগা টকাখিনি পালে। বচ্ । খেলা খতম। ৰাইজে পানী পাইছেনে নাই তাৰ খবৰ কোনে ৰাখে? মুঠতে কণা হাঁহক পতান ধান দিয়াৰ দৰে কথা দিয়কচোন!
আৰু এটা আচঁনি হ’ল
‘প্ৰধানমন্ত্ৰী সূৰ্য্যঘৰ মুফ্ট বিজলি যোজনা’। যাৰ যাৰ ঘৰ টিনৰ ছালেৰে বন্ধা সেই ঘৰবোৰত Solar panel লগাই সূৰ্য্যৰ ৰশ্মিৰ পৰা বিজুলি উৎপাদন কৰি হিতাধিকাৰীক বিজুলি মাছুলৰ পৰা ৰেহাই দিয়া আচঁনি। কথাটো শুনিবলৈ মজা আৰু দেখাত ভাল স্কীম। বেনেফিছিয়াৰীয়ে নিজে দুই লাখ টকা বেংকৰ পৰা পাৰ্চনেল ঋণ লৈ rooftopত solar panel বহুৱাব লাগিব। লোনৰ বাবদ বেংকক প্ৰতি মাহে দুই হেজাৰ সাতশ টকা দহ বছৰৰ বাবে কিস্তি পৰিশোধ কৰি থাকিব লাগিব। মাহে এক ডেৰ হাজাৰ ইলেক্ট্ৰিক বিল পে’ নকৰিলে কি হ’ব? লোনৰ কিস্তিতো প্ৰায় তিনি হেজাৰ মান একেৰাহে ভৰি থাকিব লাগিব দহ বছৰলৈ। সূৰ্যঘৰ মুফ্ট বিজলী স্কীমটো মাছৰ তেলেৰে মাছ ভজা কথা দিয়কচোন। মাহেকীয়া বিজুলি বিলৰ কথাটো আক’ কেৰেলাতকৈ গুটি দীঘল হোৱাৰ দৰে কথা হ’ল। এজন উপভোক্তাই মাহে এহেজাৰ বাৰশমান বিজুলি বিল দিয়াৰ পৰিৱৰ্তে মাহে দুই হেজাৰ সাতশৰো অধিক বেংকৰ কিস্তি দি থাকিব লগীয়া হ’ব। তালৈকে মানিলো বাৰু। কিন্তু দুখৰ কথাটো হ’ল এই যে - solar panel ৰ যোগেদি নিজাববীয়াকৈ বিজুলি শক্তি উৎপাদন কৰাৰ ক্ষমতা নাইকিয়া। ঘৰত কাৰেন্ট থাকিলেহে solar panelও power generate কৰিব পাৰিব। কাৰেন্ট নাথাকিলে নোৱাৰে। চেটেপ। তালৈকেও বাৰু মানি ল’লো।
এতিয়া সমস্যাটো হ’ল ঘৰৰ মূধত আঁৰি দিয়া solar panel এ নো বাৰু কোন সতেৰে APDCL অথবা অন্য বিজুলি গ্ৰীড সমূহলৈ বিজুলি চাপ্লাই দিব, যদিহে দিনত লাইন নাথাকে? লাইন থাকিলেও যদি কম ভল্টেজত লাইন আহে তেন্তে solar system এ কাম নকৰে। মানে পাৱাৰ জেনেৰেট কৰিব নোৱাৰে। ইমপৰ্ট এক্সপৰ্ট মিটাৰৰ ৰঙা indicator টো টঁ টঁ জ্বলি থাকিব। মানে কাৰেন্ট সৰবৰাহ বন্ধ। এনেয়েও ডাৱৰীয়া বতৰত অতি কম কাৰেন্ট সৰবৰাহ হয়। গোটেই ৰাতিটো কাৰেন্ট থাকিলেও লাভ নাই। কাৰণ, ৰাতি solar panel ৰ কাম নাই। গতিকে দিনত ইলেক্ট্ৰিচিটি ডিপাৰ্টমেন্টে লাইনৰ লুকা-ভাকু খেলাখন বাদ দি পুৰাদমে কাৰেন্ট যোগান দিলেহে Suryaghar সমূহেও বিজুলি বিভাগক কিছু পৰিমাণে হলেও বিজুলি উৎপাদনত সহায় কৰিব। দিনত যদি কাৰেন্টেই নিদিয়ে তেন্তে সূৰ্য্যঘৰবোৰে কেনেকৈ বিদ্যুৎ উৎপাদন কৰিব?
গতিকে, APDCL ক বিনম্ৰ অনুৰোধ - দিনৰ ভাগত নিয়মীয়া বিদ্যুত যোগান দিয়ক, যাতে সূৰ্য্যঘৰ সমূহে বিজুলি উৎপাদনত বিদ্যুত বিভাগক কিছু সহায় আগবঢ়াব পাৰে।
PM Suryaghar Muft Bijli Yozana টো আদানীৰ বুলি শুনিছোঁ। জল জীৱন মিছনৰ দৰেই কাৰবাৰ দিয়কচোন! Solar Panel ৰ যত বৈদ্যুতিক সামগ্ৰী সেইবোৰ আদানীৰ কম্পেনীয়ে বিক্ৰি কৰি হিতাধিকাৰীৰ মূৰত কঠাল ভাঙি পাব লগীয়াখিনি হাচিল কৰিলেই। বচ্। সিমানেই। আদানীৰ মালবোৰ বিক্ৰি হ’ল। ইলেক্ট্ৰিক ডিপাৰ্টমেন্টে হিতাধিকাৰীক পাৱাৰ চাপ্লাই কৰে বা নকৰে, মূৰ ঘমাবলৈ গৰজ পৰিছেনে তেওঁৰ?
অৱশ্যে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে আচঁনিৰ বাবদ হিতাধিকাৰীক চৰকাৰী ভৰ্তুকি (subsidy) নিদিয়া নহয়।
চাবলৈ গ’লে গোটেই ভাৰতবৰ্ষত পাৱাৰ কনজামশ্যন শ্ব্যেয়াৰ কৰিবলৈ অৱশ্যেই বৰ সুন্দৰ আচঁনি। PM Suryaghar Muft Bijli Yojana ৰ অন্তৰ্গত Rooftop solar panel সমূহত যদি দিনৰ ভাগত নিয়মীয়া বিজুলি যোগান ধৰা হয়, তেন্তে সেই rooftop solar panel সমূহৰ পৰা উৎপাদিত এক্সট্ৰা পাৱাৰ, বিজুলি বিভাগৰ পাৱাৰ গ্ৰীডত জমা হৈ বিজুলি উৎপাদনত সহায়ক হ’ব। কাজেই, বিজুলি
বিভাগে দিনৰ ভাগৰ অন্ততঃ বিদ্যুৎ যোগান নিয়মীয়া কৰিব লাগে যাতে ৰুফটপ সূৰ্য্যঘৰ সমূহৰ পৰা সৰবৰাহ হোৱা বিজুলি শক্তিয়ে সামগ্ৰিক ভাৱে উৎপাদিত বিজুলি শক্তি যোগান ধৰাত সহায় কৰিব।
Mising Anu Lutad, Ju:n, 2025