ৰাজনীতিৰ নিমিলা অংক !
জাতিৰাম কামান
বিজ্ঞানত যৌগ আৰু মিশ্ৰন বুলি ৰসায়নিক পদাৰ্থৰ দুটা গঠনৰ কথা আমি পঢ়িবলৈ পাওঁ। পাঠকে বুজি পোৱাকৈ প্ৰথমে ইংৰাজীত লিখি ইয়াক অসমীয়ালৈ তৰ্জমা কৰি দিছো।
A chemical compound is formed when two or more elements combine chemically in a fixed ratio resulting in a new substance with different properties. A mixure on the other hand, is a physical combination of two or more substances,
where the individual substances retain their original properties and can be separated by physical means.
দুটা বা ততোধিক ৰসায়নিক পদাৰ্থ এটা নিৰ্দিষ্ট অনুপাতত যোগ হৈ ভিন্নধৰ্মী নতুন দ্ৰৱ্যৰ সৃষ্টি হয়।ইয়াকে যৌগিক পদাৰ্থ বোলা হৈছে।যেনে পানী। পানীৰ ৰসায়নিক ফৰ্মূলা হল H20. অৰ্থাৎ হাইড্ৰজেনৰ (H) দুটা পৰমাণু আৰু অক্সিজেনৰ (O)এটা পৰমাণু যোগ হৈ পানীৰ এটা অণু গঠন হয়।
B অন্যহাতে মিশ্ৰন বা mixure হল দুটা বা ততোধিক ভৌতিক পদাৰ্থৰ সংমিশ্ৰন যাক সহজে পৃথক কৰিব পাৰি আৰু সেই দ্ৰৱ্য সমূহে নিজা ধৰ্ম নেহেৰুৱায়। যেনে - বালি আৰু চেনী অথবা চাউল আৰু শিলগুটি, যাক সহজে পৃথক কৰিব পাৰি পদাৰ্থৰ মূল ধৰ্ম নষ্ট নকৰাকৈ।
অংক বা গনিততো এনে কিছু মৌলিক সংখ্যা আছে যিবোৰ সংখ্যা কোনো পধ্যেই বিভাজিত নহয়।অৰ্থাৎ অবিভাজ্য। যেনে - ১,৫,৭,১১,১৩,১৭, ১৯,২৩,২৯ ইত্যাদি।
বৰ্তমান অসমৰ ৰাজনীতিৰ আৱহ হাৱালৈ চালে তেনে মিশ্ৰিত পদাৰ্থ ৰূপী নেতা দেখা গৈছে যিসকল নেতা মিশ্ৰিত পদাৰ্থৰ দৰে, যি নিজৰ চৰিত্ৰত অটল আৰু যাক সহজে পৃথক কৰিব পাৰি। তেওঁবিলাক বিভাজ্য নোহোৱা একো একোটি মৌলিক সংখ্যা।
এফালে ড° হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ আনফালে আক’ অখিল গগৈ আৰু ভুপেন বৰা। গৌৰৱ হিমন্তৰ বাক্ যুদ্ধ তুংগত থকা অৱস্থাৰ সমান্তৰালভাৱে ভুপেন অখিলৰ বাক্ যুদ্ধৰ বেলিকাও তথৈবচ!ইটোতকৈ সিটো চ’ৰা। নেহলেপে দেহলা। তই বাৰেৰে, মই তেৰেৰে। কোনেও সতি নিদিয়ে। কাকনো বুলিবা ককা, আটাইৰে দাঢ়ি চুলি পকা হেন কথা।
এতিয়া কথাটো হ’ল - নিৰ্বাচনত কোনে কাক হৰুৱাব? কোন বেছি লাভৱান হব? এয়াহে এতিয়া ডাঙৰ প্ৰশ্ন!
প্ৰশ্ন নং ১):-
অখিল গগৈৰ কংগ্ৰেছ বিৰোধী স্থিতিয়ে বিজেপিক লাভান্বিত কৰিবনে,কংগ্ৰেছক লোকচান কৰিব?
প্ৰশ্ন নং ২)
ভুপেন বৰাৰ অখিল বিৰোধী স্থিতিয়ে ৰাইজৰ দলক শক্তিশালী কৰিবনে,কংগ্ৰেছক অধিক মজবুত কৰিব?
প্ৰশ্ন নং ৩)
ড০ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক কৰা ৰাজনৈতিক আক্ৰমণে গৌৰৱ গগৈক অসমৰ ৰাইজৰ পৰা আতঁৰাব নে অধিক কাষ চপাব ?
প্ৰশ্ন নং ৪)
ড০ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক কৰা কৌশলী আক্ৰমণে ড০ শৰ্মাক ৰাজনৈতিক ভাৱে লাভান্বিত কৰিব নে, শলঠেকত পেলাব ?
প্ৰশ্ন নং ৫)
অখিল গগৈয়ে ড° হিমন্ত বিশ্ব শৰ্মা আৰু ভুপেন বৰা দুয়োকে লক্ষ্য কৰি কৰা ৰাজনৈতিক ৰণত শাসকীয় বিজেপি দলৰ লগতে কংগ্ৰেছৰ দুৰ্গ নষ্ট কৰি ‘ৰাইজৰ দল’ক অসমৰ ৰাজনীতিত অধিক খোপনি পোতাত সহায় কৰিবনে?
প্ৰশ্ন নং ৬)
গৌৰৱ গগৈ, অখিল গগৈ আৰু ভুপেন বৰাক সমানে টাৰ্গেট কৰি ড° হিমন্ত বিশ্ব শৰ্মাই ২৬ ৰ নিৰ্বাচনত নিজৰ ৰাস্তা ক্লিয়াৰ কৰিব পাৰিবনে?
আচলতে কোনে কাক আক্ৰমণ কৰিছে? কাৰ পক্ষত কোনে যুঁজি মৰিছে? কাক কোনে পৰোক্ষ ভাৱে সহায় কৰিছে? কাৰ ৰাজনৈতিক অভিষ্ট সিদ্ধি হৈছে এয়া নুবুজা সাঁথৰ হৈছে অসমৰ সাম্প্ৰতিক ৰাজনীতি! এক প্ৰকাৰ বেবেৰিবাং ৰাজনীতি।
গৌৰৱৰ ভূতে খেদিছে হিমন্তক,হিমন্তৰ ভূতে খেদিছে ভূপেনক, ভূপেনৰ ভূতে খেদিছে অখিলক, অখিলৰ ভূতে খেদিছে হিমন্তক, হিমন্তৰ ভূতে খেদিছে গৌৰৱক, অখিলৰ ভূতে খেদিছে ভুপেনক। মুঠতে কাক কাৰ ভূতে খেদিছে ধৰিবই নোৱাৰিচোন!
আচলতে চাৰিও গৰাকী নেতাৰ বিষয়ে সাম্প্ৰতিক অসমীয়া সংবাদ মাধ্যমত সৰৱ চৰ্চা চলি আছে। সাম্প্ৰতিক অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত চাৰিও গৰাকীয়েই প্ৰতিষ্ঠিত ৰাজনৈতিক নেতা। আন তিনি গৰাকীত বাদে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ভুপেন বৰাও এক প্ৰকাৰ প্ৰতিষ্ঠিত নেতা।
আচলতে চাৰিও গৰাকী ৰাজনীতিক একো একোজন উচ্চাকাংক্ষী (Ambitious!)নেতা। নিৰ্মোহ বিশ্লেষণ কৰি চালে চাৰিওগৰাকীৰে সাম্প্ৰতিক অসমৰ ৰাজনীতিত দপ দপনি আছে। অৰ্থাৎ নেতৃত্ব বহন কৰিব পৰা গুণ (Quality) নাই বুলি কব নোৱাৰি।
ড° শৰ্মাটো অসমৰ মুখ্যমন্ত্ৰী। ভাৰতীয় কংগ্ৰেছ পাৰ্টীত ৰাহুলৰ পাছতে গৌৰৱ গগৈৰ স্থান।অখিল গগৈ জেলত থাকি বিধায়ক হোৱা কৃষক নেতা। ভূপেন বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি। গতিকে ড° শৰ্মাকে আদি কৰি কম বেছি পৰিমাণে অসমৰ ৰাজনীতিত চাৰিও গৰাকীৰে প্ৰাসংগিকতা নিশ্চিত ভাৱে আছে ।
কিন্তু মন কৰিবলগীয়া কথাটো হ’ল তেওঁবিলাক প্ৰত্যেকেই উচ্চাকাংক্ষী নেতা হোৱা বাবে নিজা ৰাজনৈতিক মতত চলা ব্যক্তি। প্ৰত্যেকেই সৰলৰৈখিক গতিৰে নিজা কক্ষপথত গতি কৰা নেতা। কোনেও কতো ক্ৰছ কৰাৰ আশা ক্ষীণ! মানে সংযোগ নহবই কিজানি! ফাইট কাৰ মাজত হবলৈ গৈ আছে এয়া সতকাই কোৱা টান। ৰাজনীতিৰ নিমিলা অংক!
ভোটদাতাহে জানিব কাৰ বাহুত কিমান বল!অৰ্থবল ধনবলৰ ফেক্টৰটোতো আছেই। এয়া লুকাব নোৱৰা ষ্ট্ৰেটেজীত পৰিণত হৈছে।
সেই সকলোবোৰ সামৰি সোতৰি থোৱাৰ পাছতো কিন্তু শীৰ্ষ নেতৃত্বৰ চুপতা চুপতিয়ে ৰাজনীতি জমাই ৰাখিছে। আজিৰ তাৰিখত এয়াই ৰাজনৈতিক জমনি। পাৰস্পৰিক বাক্ যুদ্ধৰে ৰাজনীতি জমি আছে।
আমিবোৰে নিৰৱ দৰ্শকহৈ জমনিৰ ৰস স্বাদন কৰি আছোঁ। গুলিমাৰ আকাশলংঘী বজাৰৰ জুই ছাই দাম।
পেটত গামোছা বান্ধি হলেও আমি ৰাজনৈতিক নেতাৰ চুপতা চুপতিৰ মজা লুটিম। তাতেইতো মজা। সকলোৱে তেনে মজা লুটি মজি থাকক। ইচ্ছ্যুবোৰ গুলিমাৰক। দেশ তেনেকৈয়ে চলি আছে, চলি থাকিব দিয়ক। লুটাই লুটিছে, মৌজ কৰাই মৌজ কৰিছে। হেবাঙৰ দৰে আমিবোৰ তাকেই চাই মজা মাৰি থাকোঁহক। বহুবল্কী নেতাৰ পয়োভৰ থকা দল সংগঠনেৰে পিষ্ট দেশ এনেকৈয়ে চলে। চৰৈৱতী। চৰৈৱতী॥
Mising Anu Lutad, Me:, 2025