Type Here to Get Search Results !

ভোটাৰৰ বেদনা

 


ভোটাৰৰ বেদনা!


                           হৰেন কপ্তাক


ৰাজনীতিৰ ৰ’ টোও নজনা

আমি হলো সাধাৰণ ভোটাৰ


আগৰ দৰেই এইবাৰো আহিছে নিৰ্বাচন


ভোট দিয়াটো পৰম্পৰা বুলি ভাবিয়েই

প্ৰতিটো নিৰ্বাচনতেই ভোট দি আহিছো


নিৰ্বাচনৰ সময়খিনিত

বহুমূলীয়া হৈ পৰো মোৰ আঙুলিৰ টিপা


ভোট গণনাৰ আগদিনা

যেনেকৈ প্ৰাৰ্থীৰ বুকু কঁপনি উঠে

ঠিক তেনেকৈয়েই 

সাধাৰণ ভোটাৰ হিচাপে

মোৰ বুকুৰ কঁপনি দহ গুণ বাঢ়ে!


ভোট কেন্দ্ৰত যেতিয়া সোমাওঁ

দীঘলকৈ হুমুনিয়াহ এটি ওলাই আহে

গুচি যোৱা পৰিকল্পনাবোৰৰ কথাবোৰ ভাবি!


কিন্তু! এইটো নহয় যে

কোনো উন্নয়নৰ কাম হোৱা নাই!


কেতিয়াবা বৰকৈ দুখ লাগে

নিৰ্বাচনৰ সময়ত দিয়া

প্ৰতিশ্ৰুতিবোৰ কিয়...!


ভোট দিবলৈ ভয় কৰিছো আজি

আমিবোৰ এতিয়া কোটি টকীয়া মূল্যৰ মানুহ

কিন্তু ভোট দি ওলাই যোৱাৰ লগে লগেই হৈ পৰো

মূল্যহীন ভোটাৰ

যিদৰে প্ৰাৰ্থীয়ে

সহস্ৰবাৰ ভোট ভিক্ষা মাগি

মোৰ কাষ চাপিছিল

ঠিক সেইদৰেই আঁচনিকণ বিচাৰিও

কিমান বাৰ যে প্ৰতিনিধিক

খাতিৰ কৰিব লাগিব?!

কিন্তু মই হলো সাধাৰণ শ্ৰমিক

নাজানো কৰিব খাতিৰ

নুবুজো ডিজিটেলাইচৰ শব্দ

এটাই মাঁথো জানো

কোনো মতে পেটৰ ভোক মাৰিলেই হ’ল

নাজানো নিচিনো

আৰ চি চি অসম আৰ্হিৰ ঘৰ

এটাই মাঁথো জানো

পঁজাকণ হলেও

ৰ’দ বতাহ বৰষুণৰপৰা

ৰক্ষা পালেই হ’ল

যিহেতু,আমি হলো

ডাঙৰ সপোন নেদেখা মানুহ!


নিৰ্বাচন আহিলেই

মূল্যৱান ভোটাৰ

গুচি গলেই হৈ পৰো

পণ্য সামগ্ৰীৰ একো একোটা দ্ৰব্য

কিন্তু,আমিও জীৱশ্ৰেষ্ঠ

মানৱৰ শাৰীতেই থাকো

তথাপিও আমি হলো সাধাৰণ ভোটাৰ

কোনোকালে আমাৰ ওচৰত

আভিৰ্ভাৱ নহয় ডাঙৰ সপোন

সৰু সপোনবোৰকেই সাৱটি

জীয়াই আছো আৰু থাকিম

মৰাৰ আগদিনালৈকে!


Mising Anu Lutad, Epril, 2025


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper