সময়
অৱনী মিলি
হাঁহি হাঁহি বাই বাই দি
সকলোৰে সময়বোৰ
পাৰ হৈ যায়,
এয়াই হেনু পৃথিবীৰ
পুৰণি নিয়ম।
আনৰ বাবে ৰ’বলৈ কাৰো
সময়যে নাই।
চিৰদিন থাকো বুলি
কোনোৱে নোৱাৰে থাকিব
কিনো পাব গৰ্ব কৰিলে ?
এই মৰমৰ বান্ধোন
চিৰদিন ৰাখিব নোৱাৰে
নিজে এৰখাই যায় নিজৰ
অন্তিম সময় আহিলে।
জীৱনত পোৱা নোপোৱা
কথাখিনিত লাগি
এজনে আনজনক দিবলগা
মৰমবোৰ যায় পাহৰি,
কামত ব্যস্ত মানুহ
কাৰো কথা ভাবিবলৈ
কোনো নাপায় আহৰি।
সময়ৰ কাম সময়ত কৰিবা
সময় কাৰো বাবে
নাথাকে ৰৈ। সুখ-দুখেৰে
ভৰা জীৱনৰ কথাখিনি
পাহৰি পেলুৱা,
সময় পাওঁতেই পাৰা যদি
সকলোকে হাঁহিৰে
মৰম বিলোৱা।
এই পৃথিৱীৰ কিমান দিনৰ
আলহী আমি এই কথা
নিজেই নাজানো।
কোনো কাকো নোৱাৰে
ৰাখিব ধৰি,
কোনোবা এদিন
সকলোৱে যাবগৈ লাগিব
এই ঠাই এৰি।
শুনি যোৱা বন্ধু ! মই
কাৰোবাবে নোৱাৰো থাকিব ৰৈ,
পাখি কোবাই কোবাই
সময়ে, উৰি গুচি গ’ল
বাৰে বাৰে এই কথাকে
কৈ।
Mising Anu Lutad, Epril, 2025