ৰাস্তাও অচিনাকী যেন লগা হ’ল!
জাতিৰাম কামান
সদায় গৈ থকা ৰাস্তাও অচিনাকী যেন লগা হ’ল। ৰাস্তাৰ ওপৰেদি গাড়ী চলাই নিজকে অপৰাধী অপৰাধী লগা হল! ষ্টিয়েৰিঙত ধৰিলেই বুকুখন খুন্দা মাৰি ধৰা যেন লাগে! সদায় চলাই থকা গাড়ীখন চলাবলৈয়ো সংকোচ কৰা হলো! কিয় বা এনেখন হ’ব লগা হ’ল? পঢ়ি গলে ৰাইজে গম পাব।
বছৰি ঘৰৰ ‘ডাঙৰীয়া সকাম’ আমি কৰোঁ। ডাঙৰীয়া সকাম হ’ল কেৱলীয়া (কাল সংহতি) ধৰ্মত কৰা বছেৰেকীয়া সকাম। বোলে আমাক নিৰাপদে সুখ শান্তিৰে থাকিবলৈ দিয়াৰ নিমিত্তে ঘৰত দেৱতা থাকে হেনো! এয়া হ’ল ঘৰ ডাঙৰীয়া। ঘৰ ডাঙৰীয়াই বাহিৰা শত্ৰু তথা অপ-দেৱতা আদিৰ পৰা গৃহস্থক ৰক্ষা কৰিবলৈ ঘৰৰ চাৰিবেৰত দিনে নিশাই পহৰা দি থাকে হেনো! ঠিক তেনেকৈ পথাৰ শস্য আদি নষ্ট নহ’বৰ বাবে ৰখীয়া হোৱা দেৱতা হ’ল পথাৰৰ ডাঙৰীয়া।
ঘৰে বাহিৰে যত তত গাড়ী-ঘোঁৰা লৈ, ফুৰা চকা কৰিলেও সেই ‘ডাঙৰীয়া’ ৰূপী দেৱতাই আমাক অপায় অমঙ্গলৰ পৰা ৰক্ষা কৰে হেনো! সিমান দিনে সেই দেৱতাৰ কৃপাত কোনো দুৰ্ঘটনাত পতিত নোহোৱাকৈ যান বাহনত বিচৰণ কৰি আহি আছো। এয়া ডাঙৰীয়া বাবাৰেই কৃপা হব নিশ্চয়!
ডাঙৰীয়া সকামত ভকতে সেৱকীক আশীষ দিয়ে এইবুলি — “সেৱকীয়ে থিয় হৈ হাগিব, থিয় হৈ মুতিব, গাড়ী মটৰত ভ্ৰমণ কৰিব। গতিকে, ৰাস্তাই ঘাটে ভ্ৰমণ কৰোঁতে কোনো বিপদ বিঘিনি নোহোৱাকৈ যাতে যেন ঘৰ ডাঙৰীয়াই ৰক্ষা কৰি নিৰাপদে ঘৰ পোৱাইগৈ তাৰেই ভাৰসা কৰা হৈছে” বোলোতে পাৰিষদ সকলেও ‘হৈছে’ বুলি একেস্বৰে হয়বৰ দি আশীষ বাণীৰে ডাঙৰীয়া দেৱতাৰ কাণ চুৱায়।
আমি ‘ডাঙৰীয়া সকাম’ বছৰে প্ৰতি কৰোঁ আৰু কৰিও আহিছো।আমাৰ মাতৃ হল কেৱলীয়া নামধৰ্মত বিশ্বাসী গোড়া নামঘৰীয়া। গতিকে আমাৰ না নচলে। বাৰ্ষিক “সেৱা” সকাম আদিবোৰ কৰিবই লাগিব।
সেই যে ক’লো – নিয়মিতভাৱে ডাঙৰীয়া সকাম কৰাৰ কথা - গাড়ী মটৰত নিৰাপদে আহ যাহ কৰাৰ কথা সকলো ঠিকে ঠাকেই আছিল। কিন্তু জ্বৰে এৰিলেও পৰকিতিয়ে নেৰাৰ দৰে কথাটো হৈছেগৈ।
বেচেৰা আমাৰ গাড়ীখনে আহিব পৰা সেই অমঙ্গলীয় আপদবোৰৰ বোজা নিৰৱে কান্ধত লৈ সহি আছে!আমি ব্যৱহাৰ কৰি থকা ব্যক্তিগত বাহনখনে এতিয়ালৈকে কেবাটাও অন লাইন কেছৰ বোজা লৈ আছে। কেতিয়াবা বেল্ট নিপিন্ধাৰ বাবে ২০০০/-টকাৰ ফাইন, কেতিয়াবা অধিক স্পীডত গাড়ী দৌৰি যোৱা বাবে ২০০০/- টকা জৰিমনা, কেতিয়াবা আক’ পল্যুচন চাৰ্টিফিকেট নথকাৰ বাবে বা ভেলিডিটি পাৰ হৈ যোৱা বাবে হঠাৎ ১০,০০০/- টকা অন লাইন চালান! মুঠতে কেছেই কেছ।সেই যে ডেৰশ টকাৰ পল্যুশ্যন ফ্ৰি চাৰ্টিফিকেট কেৱল মাত্ৰ এক ডেৰ মাহ ভেলিডিটি পাৰ হোৱা বাবদ তাৎক্ষণিক ভাৱে ১০,০০০/- টকা ভৰণ হ’ল, ইয়াৰ জানো কিবা অৰ্থ আছে? এনেকুৱা লাগিল - আমাৰ গাড়ীখনৰ চাইলেন্সাৰেদি নিৰ্গত কলা ধোঁৱাই গোটেই অঞ্চলটো যেন ছানি ধৰিছে। বেচেৰা চালান কটা পুলিচে মোৰ গাড়ীৰ পৰা ওলোৱা কাৰ্বন মন’ক্সাইড গেছৰ পৰা উশাই লব পৰা নাই! কি যে আজৱ কাণ্ড!কি যে আজব Vehicle Act ! আমাৰ গাড়ীৰ পৰা ধোঁৱা ওলোৱাটো বাদেই দিয়ক, একেবাৰে চাউণ্ডো নহয়। না চাউণ্ড পল্যুশ্যন হয়, না বায়ু দুষিত হয়।ধোঁৱা ওলোৱাৰ চিনেই নাই! বহুত ওচৰৰ পৰা চালেও চোন ধোঁৱাৰ চিন মোকাম নাই! তেনেক্ষেত্ৰত চালান কটা মেচিনখন আছে বুলিয়েই ডিউটিৰ নামত চিধাই দহ হেজাৰ টকা ভৰাই নে? এয়া কি তাণ্ডৱ গাড়ী চেকিঙৰ নামত ? বজাৰ কৰিবলৈ গাড়ীখন লৈ ওলাই যাওঁতে বেল্ট নিপিন্ধা বাবদ দুই হেজাৰ টকাৰ চালান! চিট বেল্ট নলগোৱা বাবে দহ কিঃমিঃ স্পীডত যোৱা গাড়ীখনত বাৰু মূৰটো খুন্দিয়াই থেতেলা খাব নেকি বাৰু? ই কেনে ধৰণৰ ভেহিকল ৰুল?
টেক্সৰ নামত গাড়ী ক্ৰয় কৰোঁতে চেন্ট্ৰেল গভৰ্ণমেন্টে লগোৱা জিএছটি, তাৰোপৰি ৰাজ্য চৰকাৰে লোৱা জিএছটিতো আছেই, লগতে এক্সট্ৰা চাৰ্ভিছ টেক্স, চেছ আদিৰ ওপৰিও গাড়ী ৰেজিষ্ট্ৰেশ্যন কৰোঁতে ১৫ বছৰৰ ৰ’ড টেক্স। তাৰোপৰি পেট্ৰল ডিজেল ঢালোতে টেক্স। ভুতৰ ওপৰত দানহ পৰাদি আকৌ টোল টেক্স। কবাত এক মিনিটৰ বাবে ৰং পাৰ্কিং কৰোঁতেও আকৌ জৰিমনা। মুঠতে মুক্তভাৱে শান্তিৰে অকনো দৌৰিব পৰা নাই গাড়ীখনে।
গতিকে, সাতে পাছে গুণি গাড়ীখন ধোঁৱা ছাঙত তুলি দিম বুলি ভাৱিছো। ডা ডাঙৰীয়াও ৰক্ষা কৰিব পৰা নাই গাড়ীখন। বেচেৰা বেয়া লাগে গাড়ীখনলৈ চাই। গাড়ীত উঠা এৰি খোজ কাঢ়িব লাগিব। মোনাখন লৈ ডেইলি বজাৰলৈ দৌৰিব লাগিব। খোজ কঢ়া, দৌৰা আদি স্বাস্থ্যৰ কাৰণে ভাল বুলিছে। গতিকে গুলিমাৰ গাড়ী। তেল খৰছ কমিব। পুলিচ এমভিআইৰ অতপালিৰ পৰা অন্ততঃ সকাহ পাব।
পুচ্ছপদঃ
পেহেলগামত হোৱা নৰ সংহাৰত ত্ৰস্তমান পৰ্য্যটক সকলে ভয়তে ফ্লাইটেৰে কাশ্মীৰ এৰিলে বুলিছে। ফ্লাইটৰ ভাড়া বোলে ৬৫,০০০/-চুলেগৈ। এয়াও এক সন্ত্ৰাসবাদ! অৰ্থনৈতিক সন্ত্ৰাসবাদ! এয়াৰপোৰ্ট অথৰিটি, এৰোপ্লেন আদি সকলো প্ৰাইভেটাইজ হল।চৰকাৰৰ হাতত কন্ট্ৰোল নাই। কি কৰিব? জান বচাবলৈ টকা পানীৰ দৰে ভঁহাব লগা হৈছে।টকা আছে বাবেই পয়ষষ্ঠি হেজাৰ ভৰি প্লেনত উঠি উৰা মাৰিছে ধন/টকা-পইছা থকাসকলে। আমাৰ দৰে ছালছিগা বোৰে কি কৰিব? প্ৰাণ টাকি দৌৰিব লাগিব! প্ৰাণ থকালৈকে দৌৰা! দৌৰা! দৌৰ আৰু দৌৰ!জান বচাবলৈ দৌৰা আৰু দৌৰা। কাৰণ, দুইফালেই বিপদ! সমুখৰ পৰা বন্দুকেৰে বুকুত গুলি মৰা আৰু পিছফালৰ পৰা হাতুৰীৰে মূৰত মাৰ মৰা একেই কথা। দুয়োটাই মাৰ্ডাৰ।
Mising Anu Lutad, Epril, 2025