মিচিং বৰ্ণৰ ক্ৰম আৰু নতুন পঠন শৈলীৰ সন্দৰ্ভত একলম
দুষ্যন্ত নৰহ
জপনামুখ
এই লেখাটো কেৱল প্ৰাথমিক শিক্ষকৰ বাবে যুগুত কৰা হৈছে যিসকল শিক্ষক মিচিং বৰ্ণৰ নতুন ক্ৰম আৰু পঠন-শৈলীৰ সন্দৰ্ভত বৰ্তমানো দোধোৰ-মোধোৰ অৱস্থাত আছে। সম্প্ৰতি একাংশ শিক্ষকে বৰ্ণৰ নতুন ক্ৰম আৰু পঠন-শৈলী অনুসৰি পাঠদান কৰি থকাৰ বিপৰীতে আন একাংশই বৰ্ণৰ পূৰ্বৰ ক্ৰম আৰু পঠন শৈলীত পাঠদান কৰি থকাৰ কথা চচিয়েল মিডিয়াত সম্প্ৰচাৰিত হৈ আছে। অৱশ্যে এইক্ষেত্ৰত কিছুলোকে নাজানি সেই ভুল কৰিব পাৰে। তাত আমাৰ বিশেষ ক'বলগীয়া নাই। কিন্তু কিছু কিছু লোকে জানিও সেই ভুল কৰি আছে। তাতহে আমাৰ ক'বলগীয়া আছে। আমি যদি এনেকৈ নতুন আৰু পুৰণা দুয়োটা শৈলীকে নিজৰ খেয়াল-খুচিমতে প্ৰয়োগ কৰি থাকোঁ তেতিয়া হ’লে সু-শৃংখলিত ভাষাটোও এটা সময়ত বিশৃংখল আৰু বেমেজালি হৈ পৰিব। যাৰ ফলত ন- ন শিকাৰুসকলে মিচিং ভাষাটোৰ সঠিক শিক্ষা লাভ কৰিব নোৱাৰিব। অৱশ্যে এনে কৰ্মকাণ্ডবোৰ আমাৰ মাজত এনেকৈ চলি থাকিলে জাতিটোৰ বাবেই ক্ষতি হোৱাৰ আশংকা আছে।
বৰ্তমানো একাংশই আগম কৗবাঙৰ সেই সিদ্ধান্তক মানি ল’ব নিবিচৰা মানসিকতাৰে নতুন পঠন-শৈলীক নস্যাৎ কৰি পুৰণা শৈলীমতে পাঠদান কৰি থকা আমাৰ দৃষ্টিগোচৰ হৈছে। সাধাৰণতে এখন সভাত সংখ্যাগৰিষ্ঠভাৱে সন্মতি দিয়াৰ পাছতহে এটা সিদ্ধান্ত গৃহীত হয় যদিও আমাৰ কিছু কিছু লোকৰ মনত সংঘাত তেতিয়াও থাকি যায়। এটা কথা আমিও ভবা উচিত যে ভগৱান সৰ্বশক্তিমান যদিও তেওঁ সকলোকে সমানে সন্তুষ্ট কৰিব নোৱাৰে। কাৰোবাৰ অসন্তুষ্ট, মনৰ সংঘাত থাকিলেও এইটো হ’ব নালাগে যে কৗবাঙৰ সেই সিদ্ধান্তক কাহানিও মানি নলও। আৰু এইটো হ’ব নালাগে যে নাও বুৰিলেও টিঙৰ পৰা নানামো। আৰু এইটো ভৱা অনুচিত মোৰ মতে হ’বই লাগিব। এনে কৰিলে নিজৰ মাজত সংঘাত বৃদ্ধি পোৱাৰ সম্ভাৱনাই অধিক। দুই মঁহৰ যুঁজত বিৰিণা পাতৰ মৰণ ঘটাৰ দৰে এনে কিছু কিছু লোকৰ বৌদ্ধিক সংঘাতৰ বাবে আমাৰ কণ কণ মইনাহঁতৰ মূৰত নিঃসন্দেহে মাধমাৰ পৰিব সেয়াও ধূৰূপ। এনেস্থলত জাতিটোৰ বাবে দুই-এক সংঘাত পৰিহাৰ কৰি কৗবাঙৰ সেই সিদ্ধান্তক আঁকোৱালি লৈ হাতে হাতে ধৰি আগবাঢ়ি যাবলৈ পণ গ্ৰহণ কৰিব পৰাটোহে আজিৰ তাৰিখত বাস্তৱ সত্য কথা।
একে আকাৰ আকৃতিৰ বৰ্ণ এটাই দুটা নাম আৰু চিনাকি বহন কৰিলে সেই বৰ্ণটো চিনি পোৱাৰ ক্ষেত্ৰত বিশেষকৈ প্ৰাথমিক পৰ্যায়ৰ ল’ৰা-ছোৱালী বিমোৰত পৰাটো স্বাভাৱিক। পূৰ্বৰ শৈলীমতে এটা বৰ্ণই দুটাকৈ নাম বহন কৰিছিল। যেনে - K (কে) আৰু ক। এটা বৰ্ণৰ দুটা নাম হ'লে কণ কণ ল'ৰা-ছোৱালীয়ে বুজাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব। যদি বৰ্ণ শিক্ষাতেই কণ কণ ল’ৰা-ছোৱালী এনে জটিলতাৰ সন্মুখীন হ’বলগীয়া হয় তেতিয়া তেওঁলোক শিকাত আগ্ৰহী নহ’ব। এটা কথা ঠিক বৰ্ণৰ ক্ৰমেই হওঁক, পঠন-শৈলীয়েই হওঁক, পাঠ্যপুথি প্ৰণয়নেই হওঁক মুঠতে শিশুৰ বোধগম্য হ’বই লাগিব আৰু শিশুক অধিক আকৰ্ষিত কৰি তুলিব পাৰিব লাগিব। তেতিয়াহে শিক্ষাই প্ৰাথমিক পৰ্যায়ৰ পৰাই সফলতা লাভ কৰিব পাৰিব। প্ৰাক প্ৰাথমিক পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উদ্ভৱ হ’ব পৰা এনেবোৰ জটিলতা দূৰ কৰাৰ বাবেই হয়তো মিচিং বৰ্ণৰ পূৰ্বৰ ক্ৰম আৰু পঠন-শৈলীক সলনি কৰা হৈছে। সেয়ে এতিয়া মিচিং বৰ্ণৰ ক্ৰম আৰু পঠন-শৈলীক ইংৰাজীৰ বৰ্ণমালাৰ ক্ৰম আৰু পঠন-শৈলীৰ আৰ্হিত গ্ৰহণ কৰা হৈছে। মিচিং বৰ্ণৰ নতুন পঠন-পাঠন শৈলীমতে এটা বৰ্ণৰ এটাই নাম থাকিব। যেনে A বৰ্ণটোকে ধৰা হওঁক। ইংৰাজী ভাষাৰ পাঠদানত A (এ) বৰ্ণটো A (এ) হ’ব। ঠিক তেনেকৈ মিচিং ভাষাৰ পাঠদানটো A (এ) বৰ্ণটো A (এ) হ’ব। তেনেক্ষেত্ৰত A বৰ্ণটোৰ বিষয়ে ল’ৰা-ছোৱালীয়ে সহজে আয়ত্ত কৰিব পাৰিব। ঠিক তেনেকৈ বাকী বৰ্ণসমূহৰ বিষয়েও ল’ৰা-ছোৱালীয়ে সহজে শিকিব পাৰিব। ইয়াৰ পৰা এইটো স্পষ্ট হ’ল যে শিক্ষাৰ আদি-পাঠতেই শিশুসকলৰ মাজত উদ্ভৱ হ’ব পৰা বৰ্ণ শিক্ষাৰ যি জটিলতা এই জটিলতাক বৰ্ণৰ নতুন ক্ৰম আৰু পঠন-শৈলীয়ে নিশ্চিতভাৱে দূৰ কৰাত সহায় কৰিব। অৱশ্যে মিচিং বৰ্ণৰ ক্ৰম আৰু পঠন-শৈলী ইংৰাজী বৰ্ণমালাৰ আৰ্হিত একে হ’লেও বৰ্ণসমূহৰ ওপৰত আৰোপ কৰা ধ্বনিসমূহ পূৰ্বৰ দৰে একে থাকিল। যেনে A বৰ্ণৰ ধ্বনি আ, B বৰ্ণৰ ধ্বনি ব, K বৰ্ণৰ ধ্বনি ক ইত্যাদি ইত্যাদি। এইক্ষেত্ৰত বৰ্ণৰ নামবোৰ সলনি হ’লেও ধ্বনিসমূহ কিন্তু পানিনীয়ন পদ্ধতিতেই আজিও বৰ্তি আছে। সেয়ে আমি ক’ব খুজোঁ পঠন-শৈলী ইংৰাজী আৰ্হিত হ’লেও মিচিং ভাষা ইংৰাজী হৈ যোৱা নাই। বৰঞ্চ ই পূৰ্বৰ দৰে শিপাটোক খামুচি মাৰি ধৰিহে আছে। আচলতে লিপি যিয়েই নহওক সেই লিপিৰ ওপৰত আৰোপ কৰা ধ্বনিয়ে ভাষাৰ স্বকীয়তা আৰু স্বাভিমান ৰক্ষা কৰে। ভাষাৰ কালিকা অনুযায়ী একেটা লিপিৰ ওপৰত আৰোপ কৰা জাতিগত ভাষাৰ ধ্বনিসমূহ সুকীয়া হ’ব পাৰে। এইটো ফালৰপৰা ভাষা বিজ্ঞানীসকলে লিপিৰ নিজস্বতা নাই বুলি কোৱা কথাষাৰ সঁচা বুলিব পাৰি। সেয়ে মিচিং ভাষাৰ পঠন-পাঠন শৈলী ইংৰাজী বৰ্ণমালাৰ আৰ্হিত হ’লেও কাৰোৱেই শংকা থাকিব নালাগে কিয়নো ইয়াৰ মাজতেই বৰ্ণসমূহে মিচিং ভাষাৰ কালিকা ৰক্ষাৰ সমান্তৰালভাৱে প্ৰচুৰ আশা-আকাংক্ষা, সম্ভাৱনাও বহন কৰি গৈছে। এতিয়া আমাৰ মিচিং ল’ৰা-ছোৱালীয়ে ইংৰাজী আৰু মিচিং দুয়োটা ভাষাৰ পাঠদানতেই A, B... বুলিয়েই শিকিব। গতিকে আমাৰ ল’ৰা-ছোৱালীয়ে অতি কম সময়ৰ ভিতৰতে A, B ... শিকিব। সেয়ে প্ৰাক প্ৰাথমিক স্তৰতেই বৰ্ণ শিকাৰ জটিলতা নোহোৱা হৈ পৰিল। আমি মাত্ৰ ল’ৰা-ছোৱালীক বৰ্ণসমূহৰ ধ্বনিসমূহ চিনাক্ত কৰাতহে গুৰুত্ব আৰোপ কৰিব লাগিব। ল’ৰা-ছোৱালীক বৰ্ণৰ ধ্বনিসমূহ কেনেকৈ চিনাক্ত কৰাব সেই সম্পৰ্কে আলোচনা পাছলৈ ৰখা হৈছে। শেষত আমি এইটো ক’ব খোজা নাই যে নতুন পঠন-শৈলীয়ে এশ শতাংশই মিচিং ভাষাৰ সমস্যা সমাধান কৰিব। আনৰ লিপিক নিজৰ লিপি হিচাপে গ্ৰহণ কৰিছোঁ যেতিয়া সমস্যা ওলাই থাকিবই। আমি মাথোঁ সময়ে সময়ে আলাপ-আলোচনাৰ যোগেদি সেই সমস্যা সংশোধন কৰি যাব লাগিব। কিন্তু সেই সংশোধনৰ নামত ভাষাটোক পুনৰ ৫০ বছৰ ওভতাই নিয়াৰ পৰিকল্পনা অথবা মানসিকতা ভৱিষ্যতে আমাৰ থাকিব নালাগে।
মিচিং বৰ্ণৰ ধ্বনিসমূহৰ সৈতে ল'ৰা-ছোৱালীক কেনেকৈ পৰিচয় কৰাবঃ
মিচিং বৰ্ণমালাত ২৫ টা বৰ্ণৰ সমাহাৰ ঘটিছে। এই ২৫ টাৰ ভিতৰত ২৪ টা বৰ্ণৰ একোটাকৈ ধ্বনি আছে। এটা বৰ্ণ অৰ্থাৎ য়াৰগদ (:) ৰ নিজস্ব ধ্বনি নাই যদিও স্বৰবৰ্ণৰ পাছত বহি ই দীৰ্ঘ স্বৰ ধ্বনিৰ সৃষ্টি কৰে। যেনে-
Pato (খুটিলে), Pa:to (পালোঁ)। ইয়াত শব্দ দুটা দেখাত হুবহু একে যেন লাগিলেও শব্দ দুটাৰ উচ্চাৰণত কিছু তাৰতম্য ঘটিছে যাৰ ফলত শব্দ দুটাই ভিন্ন অৰ্থ প্ৰকাশ কৰিছে। ইয়াৰ পৰা বুজা যায় যে সঠিক শব্দত মুগয়াৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তা কিমান।
ইংৰাজী বৰ্ণৰ উচ্চাৰণসমূহ কেনেকৈ সৃষ্টি হৈছে জ'লি ফনিকচত ইয়াক বিভিন্ন খেলৰ ভংগীমাৰে ল’ৰা-ছোৱালীক দেখুওৱা হৈছে। এইক্ষেত্ৰত আমিও নিজা ভংগীৰে আমাৰ বৰ্ণসমূহ ল’ৰা-ছোৱালীৰ সৈতে পৰিচয় কৰাব পাৰোঁ। সৰু ল’ৰা-ছোৱালীয়ে প্ৰথমে আমি সচৰাচৰ ব্যৱহাৰ কৰি থকা বস্তুবোৰ দেখে, বস্তুৰ নামবোৰ ক’বলৈ শিকে আৰু সেইবোৰৰ বিষয়ে লাহে লাহে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰে। আমি প্ৰথমে মইনাহঁতক A বৰ্ণটোৰ পৰিৱৰ্তে Appun টোকে ক’বলৈ শিকাম। কিয়নো A বৰ্ণটোতকৈ Appun টোৱে তেওঁলোকৰ বাবে প্ৰথম চিনাকি। ইয়াৰ কাৰণ হ’ল ল’ৰা-ছোৱালীক প্ৰথমে ক’বলৈ শিকোৱা আৰু তেওঁলোকৰ মৌখিক ভাষা বিকাশ কৰাৰ লগতে বস্তুটোৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰা। তেতিয়া A বৰ্ণটো যে ‘আ’ ধৱনি কৰিছে এই কথা ‘Appun’ শব্দটোৰ পৰাই ল’ৰা-ছোৱালীয়ে আপোনা আপুনিভাৱে লাহে লাহে অনুমান কৰি ল’ব। এই প্ৰচেষ্টাক শিক্ষকসকলে যাদৃচ্ছিকভাৱে আগবঢ়াই নিলে ল’ৰা-ছোৱালীয়ে প্ৰতিটো বৰ্ণৰ বিষয়ে শিকাৰ উপৰিও সেই বৰ্ণসমূহৰ ধ্বনিসমূহকো সহজে আয়ত্ত কৰি ল’ব পাৰিব। শিক্ষকসকলে বিশেষকৈ প্ৰাক প্ৰাথমিক পৰ্যায়ত ল’ৰা-ছোৱালীক বৰ্ণৰ সৈতে পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত এনে বিভিন্ন কৌশল নিজাববীয়াকৈ প্ৰয়োগ কৰি চাব।
ক’ত কেতিয়া কি পঢ়াব শিক্ষকসকল প্ৰস্তুত থাকিব লাগিবঃ
কিছু দিনৰ আগতে চ’চিয়েল মিডিয়াত এগৰাকী শিক্ষকৰ পাঠদানৰ দৃশ্য দেখি আগম মিগাং আবু ড° নাহেন্দ্ৰ পাদুনে ‘সাংঘাটিক কথা’ বুলি নিজৰ কথা এনেকৈ প্ৰকাশ কৰিছিল - “....এনে দাৰ্শনিক তত্ব থকা শ্লোকসদৃশ কথাবোৰ প্ৰাক প্ৰাথমিক শ্ৰেণীত পঢ়ুৱাটো বা মুখস্থ কৰিবলৈ দিয়াটো এক প্ৰকাৰ মুৰ্খামিৰ কথা।”
আচলতে শিক্ষকজনে সৃষ্টিতত্বৰ বিষয়ে পঢ়াবলৈ গৈ কৗঃয়ুম..... শব্দটোকে ভূলকৈ উচ্চাৰণ কৰা হৈছে বুলি পাদুন ছাৰে আঙুলিয়াই দিয়াৰ কথাও সকলোৰে মনত আছে। অৱশ্যে আমিও নিজৰ বিবেকক টুকুৰিয়াই চাওঁ- মাতৃৰ কোলাৰ পৰা বাগৰি অহা সেই কোমল মনৰ শিশুসকলক সৃষ্টিতত্ত্বৰ বিষয়ে কিবা শিক্ষা দিয়াৰ প্ৰাসংগিতা আছেনে ? বহুতেই হয়তো ক'ব এনে স্তৰত সেই শিক্ষাৰ প্ৰাসংগিকতা নাই। তেন্তে শিক্ষকসকলে (সকলোকে সামৰা নাই) কণ কণ ল’ৰা-ছোৱালীক ক’ত কেতিয়া কি পঢ়াব লাগে তাক লৈ নিজকে প্ৰস্তুত কৰি তুলিব পাৰিছেনে?
শ্ৰেণী কোঠাত শিক্ষকে যিকোনো এটা বিষয়ত ছিৰিয়াছ হ'বই লাগিব কিয়নো সেই শ্ৰেণী কোঠাতেই শিক্ষাৰ্থীৰ ভৱিষ্যত নিৰ্মাণ কৰা হয় বুলি কোঠাৰী আয়োগে কৈ গৈছে। এইখিনিতে এজন দাৰ্শনিকে কোৱা এষাৰ কথা সংযোজন কৰিব বিচাৰোঁ - এজন চিকিৎসকৰ ভূল চিকিৎসাই এজন বা দুজন মানুহক মৃত্যু ঘটাব পাৰে। কিন্তু এজন শিক্ষকৰ ভুল শিক্ষাৰ বাবে এটা প্ৰজন্ম বা এটা জাতি ধ্বংস হ’ব পাৰে। ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে এষাৰ কথা কৈছে - শিক্ষক আৰু পথ দুয়ো একেই। নিজেই একে ঠাইতে থাকি আনক নিজৰ লক্ষ্যত উপনীত কৰাত সহায় কৰে। গতিকে ইয়াৰ পৰা শিক্ষকৰ মৰ্মাৰ্থ বুজি শিক্ষকসকলে ল’ৰা-ছোৱালীক ক’ত কেতিয়া কি পঢ়াব লাগিব তাক লৈ সদায় প্ৰস্তুত হৈ থাকিব লাগিব।
মিচিং লিপিক সংশোধিত ৰোমান লিপি বুলি কিয় কোৱা হয়ঃ
ইংৰাজী বৰ্ণমালাত মুঠ ২৬ টা বৰ্ণ আছে। ইয়াৰে মিচিং লিপি হিচাপে ২০ টা বৰ্ণক গ্ৰহণ কৰাৰ বিপৰীতে ৬ টা বৰ্ণ যেনে C, F, Q, X, V আৰু Z ক গ্ৰহণ কৰা হোৱা নাই।কিয়নো সেই বৰ্ণ কেইটাই মিচিং ভাষাৰ ধ্বনিক প্ৰতিনিধিত্ব কৰা নাই। সেই ২০ টা বৰ্ণই মিচিং ভাষাৰ সকলো ধ্বনিক সামৰি নোলোৱাৰ বাবে ৫ টা বৰ্ণ নিজাকৈ সংযোজন কৰা হৈছে। সেই বৰ্ণসমূহ হ'ল - É, Í, NG, NY আৰু : (য়াৰগদ)। সেই সংশোধিত পাঁচটা বৰ্ণক সামৰি মিচিং বৰ্ণমালাৰ মুঠ বৰ্ণ হ’লগৈ ২৫ টা। সেই পাঁচটা লিপিৰ সংযোজনৰ বাবে মিচিং বৰ্ণমালাক সংশোধিত ৰোমান লিপি বুলি কোৱা হৈছে।
মিচিং বৰ্ণমালা আৰু ইয়াৰ ধ্বনিসমূহঃ
একো-একোটা ভাষাত অন্তৰ্গত সকলো বৰ্ণৰ সমষ্টিক একেলগে বৰ্ণমালা বোলা হয়। সাধাৰণতে বৰ্ণমালাক মিচিং ভাষাত Bíglung (Abíg alung) বুলি কোৱা হয়। প্ৰতিটো মিচিং বৰ্ণৰ বিপৰীতে একোটাকৈ ধ্বনি নিহিত হৈ থাকে। মিচিং বৰ্ণমালাৰ নতুন ক্ৰম আৰু পঠন-শৈলীটো ইংৰাজী বৰ্ণমালাৰ ক্ৰম আৰু পঠন-শৈলীৰ সৈতে একে থাকিব। মাত্ৰ বৰ্ণৰ ধ্বনিসমূহে আমাৰ মতে হ’ব। এইক্ষেত্ৰত যিহেতু মিচিং ল’ৰা-ছোৱালীয়ে ইংৰাজী বৰ্ণমালা শিকিবই যেতিয়া মিচিং বৰ্ণ শিকাত বিশেষ কাৰো অসুবিধা নহ’ব। মিচিং বৰ্ণসমূহ লিখোঁতে পাঁচটা শাৰীত পাঁচোটাকৈ বৰ্ণ লিখিব। এটা শাৰীত পাঁচটাকৈ বৰ্ণ লিখিলে মুঠ ৫×৫= ২৫ টা বৰ্ণ পোৱা যাব। বৰ্ণসমূহ এনেকৈ লিখিলে ল’ৰা-ছোৱালীক rhymes ৰ দৰে পঢ়াবলৈ সুবিধা হ’ব। এই ২৫ টা বৰ্ণৰ সৈতে ধ্বনিসমূহ তলত উল্লেখ কৰা হ’ল।
মিচিং বৰ্ণমালা (Mising Bíglung)
বৰফলা (Bíkta)
A B D E G
H I J K L
M N O P R
S T U W Y
NG NY É Í : (Mugyar agod)
সৰুফলা (Bígme:)
a b d e g
h i j k l
m n o p r
s t u w y
ng ny é í : (Mugyar agod)
স্বৰবৰ্ণ (Gomug Abíg)
যিবোৰ বৰ্ণ কোনো বৰ্ণৰ সহায় নোলোৱাকৈ স্বতঃস্ফুৰ্তভাৱে উচ্চাৰণ কৰা হয় তেনে বৰ্ণসমূহক স্বৰবৰ্ণ বোলা হয়। মিচিং বৰ্ণমালাত ৮ টা স্বৰবৰ্ণ পোৱা যায়। স্বৰ বৰ্ণসমূহ হ’ল-
বৰফলা/সৰুফলা
(Bíkta/Bíkme:)
A/a, E/e, I/i, O/o, U/u, É/é, Í/í, : (Mugyar agod)
স্বৰধ্বনি
মুঠ স্বৰবৰ্ণ ৮ টা যদিও ১৪ টা স্বৰধ্বনি পোৱা যায়। ইয়াৰ ভাগ দুটা হ’ল - হ্ৰস্ব ধ্বনি (Gomdéng)
আৰু দীৰ্ঘ ধ্বনি (Gomyar)।
হ্ৰস্ব ধ্বনি (Gomdéng)
A (আ) E ( এ) I (ই) O (অ) U (উ) É (অৗ) Í (অৃ) ।
দীৰ্ঘ ধ্বনি (Gomyar)
মুগয়াৰ (:) টোক স্বৰবৰ্ণ হিচাপে ধৰা হৈছে যদিও ই অকলে কোনো ধ্বনিৰ সৃষ্টি কৰিব নোৱাৰে। ই মাত্ৰ স্বয়বৰ্ণৰ পাছত বহি দীৰ্ঘ ধ্বনিৰহে সৃষ্টি কৰে। এইক্ষেত্ৰত মুগয়াৰটো স্বৰবৰ্ণৰ পাছত বহিলে এটা বৰ্ণ হিচাপে ধৰা হয় বাবে দীৰ্ঘ স্বৰব্বনিও ৭ টা হয়। দীৰ্ঘ স্বৰধ্বনিবোৰ হৈছে -
A: (আ:) E: (এ:) I: (ই) O:(অ:), U: (উ:) É:(অৗ: ) í: (অৃ) ।
মনত ৰাখিবলগীয়া কথাটো হ’ল মুগয়াৰটো কেৱল স্বৰবৰ্ণৰ পাছতহে বহিব। মিচিং শব্দসমূহত মুগয়াৰৰ ব্যৱহাৰ ব্যাপক। শব্দবোৰ দেখাত অনুৰূপ একে যেন লাগিলেও সঠিক শব্দত মুগয়াৰ ব্যৱহাৰ নকৰিলে শব্দৰ অৰ্থবোৰ মনৰ ভাৱমতে নহ’ব পাৰে। তলৰ শব্দসমূহ মন কৰক-
Koye- খুজিব বা বিক্ৰী কৰিব
Ko:ye- পাৰ কৰিব
Doye- খাব
Do:ye- পৰি থাকিব
Kapé- কেনেকুৱা
Ka:pé- চাম
ইয়াৰ পৰাই বুজা যায় যে শব্দৰ বিন্যাসবোৰ একে। মাত্ৰ মুগয়াৰৰ বাবে শব্দৰ অৰ্থৰ ভিন্নতাহে দেখা যায়। সেয়ে আমি মুগয়াৰ ব্যৱহাৰত খুউব সতৰ্ক হোৱা উচিত হ'ব। আচলতে শব্দবোৰ উচ্চাৰণ কৰি পৰীক্ষা কৰি লোৱাৰ পাছত য’ত দীৰ্ঘ স্বৰধ্বনিৰ উচ্চাৰিত হ’ব তাৰ পাছত মুগয়াৰটো ব্যৱহাৰ কৰিব লাগে।
ব্যঞ্জনবৰ্ণ (Mukténg Abíg)
যিবোৰ বৰ্ণ আন বৰ্ণৰ সহায় লৈ উচ্চাৰণ কৰা হয় সেই বৰ্ণসমূহক ব্যঞ্জনবৰ্ণ বোলা হয়। মিচিং বৰ্ণমালাৰ ২৫ টা বৰ্ণৰ পৰা ৮ টা স্বৰবৰ্ণক বিয়োগ কৰিলে যি ১৭ টা বৰ্ণ থাকি যায় একপ্ৰকাৰ সেইবোৰেই হৈছে ব্যঞ্জনবৰ্ণ। সেই ব্যঞ্জনবৰ্ণসমূহ হৈছে -
বৰফলা (Bíkta)
B D G H J
K L M N P
R S T W Y
NG NY
সৰুফলা (Bígme:)
b d g h j
k l m n p
r s t w y
ng ny
ব্যঞ্জনবৰ্ণসমূহ লিখোঁতে তিনিটা শাৰীত পাঁচোটাকৈ বৰ্ণ আৰু শেষৰটো শাৰীত দুটাকৈ বৰ্ণ লিখি মুঠ ১৭ টা ব্যঞ্জনবৰ্ণ অতি সহজে লিখি উলিয়াব পাৰি।
হ্ৰস্ব স্বৰধ্বনিযুক্ত শব্দ
বৰ্ণৰ নাম ধ্বনি শব্দ
Abíg amin Gombéng Gompir
A/a ( এ ) আ Appun
I/i ( আই) ই Igi:
O / o (অ) অ Ongo
U/u ( ইউ) উ Unlé
É/ é ( অৗ) অৗ Ékkam
Í/ í (অৃ ) অৃ Ílíng
: (মুগয়াৰ আগদ) —
দীৰ্ঘ স্বৰধ্বনিযুক্ত শব্দ
বৰ্ণৰ নাম ধ্বনি শব্দ
A:/a: (এ:) আ: A:né
E:/e: (ই:) এ: E:long
I:/i: (আই:) ই: I:pang
O:/o:(অ:) অ: O:ri
U:/ u:(ইউ:) উ: U:d
É:/é: (অৗ:) অৗ: É:jo
Í: / í: (অৃ:) অৃ: Í:ng
ব্যঞ্জনবৰ্ণৰ ধ্বনিসমূহ
বৰ্ণৰ নাম ধ্বনি ব্যঞ্জনবৰ্ণযুক্ত
শব্দ (Gompir)
B/b (বি) ব Bograng
D/d (দি) দ Dorkang
G /g (জি) গ Go:nor
H /h( এইচ) হ Himani
J/j ( জে) জ Jo:jog
K/k (কে) ক Kolom
L/l ( এল) ল Lo:né
M/m ( এম) ম Mo:san
N/n ( এন) ন Nolu
P/p ( পি) প Po:lo
R/r ( আৰ) ৰ Rokpo
S/s ( এচ) চ Sorog
T/t ( টি) ত Togéng
W /w( ডব্লিউ) ৱ Wagmoni
Y /y( ৱাই ) য় Ya:yo
NG/ng( এন-জি) ঙ Ngomug
NY/ny ( এন -ৱাই) ঞ Nya:nyi
মন কৰিবলগীয়া কেইটামান কথাঃ
H (হ) আৰু W (ৱ) ধ্বনি দুটা মিচিং ভাষাৰ মৌলিক ধ্বনি নোহোৱা বাবে এই বৰ্ণ দুটাৰে আৰম্ভ হোৱা শব্দ প্ৰায় নাই বুলিবই পাৰি। অৱশ্যে নামবাচক শব্দৰবোৰ লিখোঁতে যেনে Himaloi, Himasol, Himani ইত্যাদিৰ ক্ষেত্ৰত H ব্যৱহাৰ কৰা দেখা যায়। মিচিং ভাষাৰ বানান পদ্ধতিত আগম মিগাং টাবুৰাম টাইদে W (ৱ) ৰ ব্যৱহাৰ সঠিককৈ দেখুওৱা পৰিলক্ষিত হৈছে। তেখেতে W (ৱ) ব্যৱহাৰৰ প্ৰসংগত কৈছে - W (ৱ) ধ্বনিৰ আগত হ্ৰস্ব u ধ্বনি এটা উচ্চাৰিত হয়। গতিকে W (ৱ) ৰ আগত সদায় এটা u ব্যৱহাৰ কৰা যুগুত হ’ব। যেনে - rouwém, kouwé ইত্যাদি।
Ny ধ্বনিটো মিচিং ভাষাৰ মৌলিক ধৱনি যদিও ইয়াক লৈ আৰম্ভ হোৱা শব্দৰ সংখ্যা যথেষ্ট কম।
মিচিং বৰ্ণমালাত নথকা C, F, Q, V, X আৰু Z বৰ্ণৰ উপৰিও আন বৰ্ণৰে অন্য ভাষাৰ শব্দ লিখিবলৈ হ'লে সেই শব্দসমূহ কটেচন (‘ ’) ৰ ভিতৰত অথবা ‘Italics’ কৰি লিখিবলৈ মিচিং ভাষাৰ বানান পদ্ধতিত আগম মিগাং টাবুৰাম টাইদে পৰামৰ্শ আগবঢ়াইছে। যেনে- ‘’College’ ‘’University’, ‘’Zerox’ ইত্যাদি।
মিচিং বৰ্ণসমূহৰ মাত্ৰ এটাকৈ ধ্বনিথাকিবঃ
শব্দৰ গঠন, উচ্চাৰণ আৰু ব্যাকৰণ অনুসৰি ইংৰাজীত ভিন ভিন শব্দত এটা বৰ্ণই কেইবাটাও ধ্বনিক প্ৰতিনিধিত্ব কৰে। উদাহৰণস্বৰূপে University, Under আৰু Upen শব্দ তিনিটাক মন কৰক। এই শব্দ তিনিওটাত U বৰ্ণটোৱে ক্ৰমে ইউ,আ আৰু উ ধ্বনিক প্ৰতিনিধিত্ব কৰিছে। শব্দৰ গঠন আৰু বৰ্ণ এটাৰ আনটোৰ ওপৰত প্ৰভাৱ অনুসৰি ইংৰাজীত এটা বৰ্ণই কেইবাটাও যে ধ্বনি সৃষ্টি কৰিব পাৰে এইটো মাথোঁ ইয়াৰ এটা উদাহৰণ। আচলতে ইয়াক বৰ্ণৰ এটা জটিল প্ৰক্ৰিয়া বুলিব পাৰি। পৃথিৱীত যদিও ইংৰাজী সকলোতকৈ চহকী ভাষা। মিচিং বৰ্ণক ইংৰাজী বৰ্ণৰ আৰ্হিত লোৱা হৈছে যদিও ইংৰাজীৰ বৰ্ণৰ দৰে মিচিং ভাষাত বৰ্ণৰ এনে জটিলতা নাই। মিচিং বৰ্ণ এটাৰ সুকীয়া বৈশিষ্ট্য হ'ল যে ই সাধাৰণতে ইংৰাজী বৰ্ণ এটাৰ দৰে কেইবাটাও ধ্বনিক প্ৰতিনিধিত্ব নকৰে। মিচিং বৰ্ণ এটাই কেৱল এটা ধ্বনিয়ে বহন কৰে। এইক্ষেত্ৰত মিচিং ভাষাত ধ্বনিৰ কোনো বিশেষ জটিলতা নাই।
মিচিং বৰ্ণ, শব্দৰ যি স্থানতেই নাথাকক লাগে ই কেতিয়াও নিজৰ ধ্বনিক হেৰুৱাই নেপেলায়। এটা বৰ্ণৰ ধ্বনি আন এটা বৰ্ণৰ ধ্বনিৰ প্ৰভাৱত বৰ্ণ দুটাই মিলি এটা মিশ্ৰিত ধ্বনিৰ সৃষ্টি কৰিলেও বৰ্ণ কেইটাই স্ব-ধ্বনিৰ পৰা আঁতৰি নাযায়। যেনে Kumpa:sudung শব্দটো মন কৰক। ইয়াত K (ক) আৰু u (উ) ধ্বনি মিলি ‘কু’ ধ্বনি, p (প) আৰু a (আ) ধ্বনি মিলি ‘পা’ ধ্বনি, s (চ) আৰু u (উ) ধ্বনি মিলি ‘চু’ ধ্বনি, d (দ) আৰু u (উ) মিলি ‘দু’ ধ্বনিৰ সৃষ্টি কৰিছে। এক প্ৰকাৰ ইয়াত এটা ব্যঞ্জন ধ্বনি আৰু স্বৰধ্বনি মিলি শেষত স্বৰধ্বনিৰ প্ৰভাৱ থাকিলেও ব্যঞ্জন ধ্বনিয়েও একেবাৰে নিজৰ অস্তিত্বক বিসৰ্জন দিয়া নাই।
শব্দৰ আগত স্বৰধ্বনি থাকিলে ইয়াৰ ধ্বনি একক আৰু মুক্ত হৈ থাকে। যেনে A:to, Enge:, Ékkam, Ílíng আদি শব্দবোৰ মন কৰক। ইয়াত প্ৰতিটো শব্দৰ স্বৰধ্বনি আ, এ, অৗ, অৃ একক আৰু মুক্ত। আনহাতে ব্যঞ্জন ধ্বনিৰ পাছত স্বৰধ্বনিৰ যুক্ত হ’লে দুয়োটা ধ্বনি মিলি এটা স্বৰ-ব্যঞ্জন ধ্বনিৰ সৃষ্টি কৰে। যেনে - Asi, Gíma: শব্দ দুটা মন কৰক। ইয়াত Asi শব্দটোত s আৰু i অৰ্থাৎ চ আৰু ই ধ্বনি মিলি চি ধ্বনিৰ সৃষ্টি কৰিছে। ঠিক তেনেকৈ Gíma শব্দটোত G (গ) আৰু í (অৃ) ধ্বনি মিলি গৃ, m (ম) আৰু a (আ) ধ্বনি মিলি মা ধ্বনিৰ সৃষ্টি হৈছে। যেতিয়া ব্যঞ্জন আৰু স্বৰবৰ্ণ যুক্ত হৈ এটা ধ্বনিৰ সৃষ্টি হয় তেতিয়া বৰ্ণ দুটাৰ ধ্বনিৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। সেয়ে ওপৰত উল্লেখিত বৰ্ণৰ বিপৰীতে বন্ধনীৰ ভিতৰত ইয়াৰ ধ্বনিসমূহ দেখুওৱা হৈছে। ইয়াৰ পৰা দেখা গৈছে যে মিচিং বৰ্ণ যি কাল পাত্ৰতেই নাথাকক লাগে ই সদায় স্ব-ধ্বনিক বহন কৰে । এইটো এটা ইয়াৰ প্ৰধান বৈশিষ্ট। সেয়ে মিচিং ভাষা একক আৰু অনন্য।
শব্দবোৰৰ বানান কেনেকৈ কৰিবঃ
মিচিং বৰ্ণৰ ক্ৰম আৰু পঠন শৈলী সলনি কৰাৰ উদ্দেশ্যে মিচিং আগম কৗবাঙে গঠন কৰা তিনিজনীয়া Expert Committee ৰ প্ৰতিবেদনত মিচিং বৰ্ণৰ নতুন ক্ৰম আৰু পঠন শৈলীৰ সন্দৰ্ভত ব্যাখা আগবঢ়াইছে। মিচিং শব্দৰ বানানসমূহ কেনেকৈ কৰিব লাগে এই সম্পৰ্কেও উল্লেখ কৰিছে। মিচিং শব্দ বানানৰ ক্ষেত্ৰত মন কৰিবলগীয়া কথাবোৰ -
বৰ্ণসমূহৰ নাম আৰু ক্ৰম অনুসৰি বাওঁফালৰ পৰা সোঁফাললৈ শব্দসমূহ বানান কৰিব লাগে। কিন্তু শব্দৰ উচ্চাৰণ বৰ্ণৰ ধ্বনিসমূহৰ সৈতে হ’ব। যেনে -
Ajon শব্দটোৰ বানান হ’ব -
A (এ)- j (জে) o -(অ) n- (এন) আৰু এতিয়া এই বৰ্ণৰ ধ্বনি অনুসৰি ইয়াৰ উচ্চাৰণ হ’ব- A (আ)- j (জ) -o (অ) -n (ন) অৰ্থাৎ আজন।
ঠিক তেনেকৈ Koksi শব্দৰ ক্ষেত্ৰত বানানটো হ’ব -
k (কে) -o (অ) -k (ক)-s (এচ) -i (আই) আৰু শব্দটোৰ উচ্চাৰণটো হ’ব - ককচি ইত্যাদি।
মুগয়াৰ থকা শব্দৰ বানান ক্ষেত্ৰত সেই একেই নীতি আমি মানি চলিব লাগিব। যিহেতু মুগয়াৰটো স্বৰবৰ্ণৰ পাছত বহি দীৰ্ঘ স্বৰধ্বনিৰ সৃষ্টি কৰে। এইক্ষেত্ৰত মুগয়াৰ থকা শব্দৰ বানানৰ ক্ষেত্ৰত প্ৰথমে স্বৰবৰ্ণটোৰ নাম তাৰ পাছত মুগয়াৰটো গাব লাগে।
যেনে -
A:to শব্দটোৰ বানান -
এ মুগয়াৰ -টি-অ
উচ্চাৰণ হ’ব - আ:ত
I:pang শব্দটোৰ বানান
আই মুগয়াৰ -পি-এ-এন-জি
উচ্চাৰণ হ’ব - ই:পাং
Lé:pag শব্দটোৰ বানান -
এল -অৗ মুগয়াৰ-পি-এ-জি
উচ্চাৰণ হ’ব -লৗ:পাগ ইত্যাদি।
সামৰণিঃ
ভাষাই হৈছে এটা জাতিৰ প্ৰাণ আৰু আত্মা। প্ৰাণ আৰু আত্মা অবিহনে পৃথিৱীৰ জীৱকুল যেনেকৈ অস্তিত্ববিহীন ঠিক তেনেকৈ ভাষা অবিহনে একো-একোটা জাতিও অস্তিত্ববিহীন। ভাষাই হৈছে এটা জাতিৰ গৰ্ব আৰু পৰিচয়ৰ বাহক। ভাষা আছে বাবেই আ:বাং আছে। ভাষা আছে বাবেই অই নি:তমে আজি গাঁৱৰ পৰিধি ভাঙি বিশ্বৰ পৰিধি অতিক্ৰম কৰিছে। ভাষা আছে বাবেই মিচিং জাতিৰ বৰ্ণিল সংস্কৃতিয়ে লোহিতৰ দুয়োপাৰ জিলিকাই ৰাখিছে। এই ভাষা কেৱল চৰকাৰে জীয়াই ৰাখিব নোৱাৰে। এই ভাষা কেৱল শিক্ষকে জীয়াই ৰাখিব নোৱাৰে। এই ভাষা কেৱল ছাত্ৰ-ছাত্ৰী অথবা অভিভাৱকে জীয়াই ৰাখিব নোৱাৰে। ইয়াক জীয়াই ৰাখিবলৈ হ’লে সমাজৰ প্ৰতিটো স্তৰৰ লোকে মূৰ পাতি ল’ব লাগিব। তাৰবাবে আমি প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰাই গুণগত শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবই লাগিব। অৱশ্যে ইয়াৰ বাবে শিক্ষক নিযুক্তি বিষয়টোৱে মূল কেন্দ্ৰ হৈ পৰে। ইয়াৰ এটা সঠিক সমাধান পাম বুলি চৰকাৰৰ পৰা আমি আশা কৰিলোঁ। এইবাৰ প্ৰথম বাৰৰ বাবে ২০০ খন প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ মাধ্যমত পাঠদান আৰম্ভ হৈছে। এই মাতৃভাষাত শিক্ষা লাভৰ ব্যৱস্থাই নিশ্চিতভাৱে ভৱিষ্যতে শিশুসকলৰ মন-মগজুত মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধা, চেতনা আৰু জাতীয় দায়বদ্ধতাৰ বীজ ৰোপন কৰিব। অৱশ্যে ইয়াৰ বাবে শিশুসকলে যাতে মাতৃভাষা মাধ্যমত সঠিক শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে আমিও অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব।
Mising Anu Lutad, Epril, 2025