মিচিং এটা স্বাভিমানী জাতি
খগেন পেগু
অসমৰ ভূমিপুত্ৰ মিচিংসকল এতিয়া শোণিতপুৰ, বিশ্বনাথ, লক্ষীমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং, কামৰূপ মহানগৰ জিলা আৰু কোকৰাঝাৰ জিলাত কম-বেছি পৰিমানে বসতি কৰে৷ তেওঁলোকৰ সামাজিক জীৱন শান্তিপূৰ্ণ৷ সেয়ে তেওঁলোকৰ নামদ আনচৃঃনৌ মিচৃং, অৰ্থাৎ শান্তিপ্ৰিয় মিচিং।
মিচিংসকলে নিজকে চন্দ্ৰ-সূৰ্যৰ বংশধৰ বুলি কয়। তেওঁলোকৰ পূৰ্ব্বপুৰুষ সোণ-ৰূপৰ জখলাইদি স্বৰ্গৰ পৰা পৃথিৱীলৈ নামি অহা বুলি বিশ্বাস কৰে। হয়তো পাহাৰৰ পৰা সোণ-ৰূপবৰণীয়া দুডাল লতাইদি নামি অহাটোকে সৰলচিতীয়া মিচিংসকলে তেনেকৈ বিশ্বাস কৰিছিল।
ব্ৰহ্মপুত্ৰৰ বাহিৰেও চিয়াং, লালী, দিবাং, দতুং, লোহিত, চিলে, চিলি, চিলা, চিচি, চিমেন, দ্বিকাৰী, জীয়াধল বা কুমতি, সোৱণশিৰি, ধনশিৰি, জাঁজি, দিচাং, দিখৌ, দিহিং, জীয়াভৰলী, মানশিৰি আদি নৈৰ পাৰে পাৰে মিচিং গাঁওবোৰ তৰপ তৰপকৈ জিলিকি আছে৷ এনেকৈ নৈৰ পাৰত বাস কৰা বাবে তেওঁলোক নৈপৰীয়া।
বাৰিষা নৈৰ পানীৰ পৰা ৰক্ষা পাবলৈ মিচিংসকলে চাংঘৰ সাজে৷ অৱশ্যে বিভিন্ন জীৱ-জন্তুৰ সাম্ভাৱ্য আক্ৰমনৰ পৰা হাত সাৰিবলৈও নিৰাপত্তাজনিত কাৰণত চাংঘৰবোৰ বেছি অনুকূল।
জনসংখ্যাৰ ফালৰ পৰা মিচিংসকল অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতীয় জনগোষ্ঠী। তেওঁলোকৰ নিজা ভাষা, সংস্কৃতি আৰু সমাজ বিদ্যমান।
মিচিং ভাষা তাহানিৰে পৰা মৌখিক হিচাপে মিচিং মানুহৰ মুখে মুখে চলি আহিছিল যদিও বৰ্তমান ই চৰকাৰী স্বীকৃত ভাষা হিচাপে লিখিত ৰূপত পূৰাদমে চলি আছে৷ শেহতীয়াকৈ মিচিং ভাষা শিক্ষাৰ মাধ্যমৰ মৰ্যাদাও লাভ কৰিছে।
অসমৰ বাৰেৰহনীয়া বৃহত্তৰ সংস্কৃতিৰ এটা ঘাইখুঁটা হ’ল মিচিং সংস্কৃতি। মিচিং অই নিঃতমৰ জনপ্ৰিয়তা সকলোৰে সৰ্বজন বিদিত।
মিচিং বয়নশিল্প পৃথিৱী বিখ্যাত। যিকোনো সভা-সমিতি আৰু টি ভিৰ পৰ্দাত মিচিং সাজপাৰ পিন্ধিলে জাকত জিলিকা দেখা যায়৷ সেয়ে বিশেষকৈ যিকোনো মহিলাই মিচিং সাজপাৰ পিন্ধি ক’ৰবাত ওলাই যাব পৰাটো নিজৰ স্বাভিমান হিচাপে গণ্য কৰে।
মচাঃচাঃনাম এগে-গাচৰ (ফুলবচা মেখেলা-চাদৰ)ৰ বাদেও ৰিঃবৃ-গাচৌঙৰ মাফলাৰ অসমত অত্যধিক জনপ্ৰিয়৷ তেনেকৈ দুমৌৰ-মৌৰপুং (মিচিং গামোচা), তাপুম গাচৰ (এৰি চাদৰ), লুগৰ’ (হলৌ চোলা), গনৰ উগন (বিশেষ ধৰণৰ ধুতি), গাদু, অৰ্থাৎ মিৰিজিম আদি সকলোখিনি নিজস্ব বয়নশৈলীৰে মহিমামণ্ডিত।
গেৰ’ চাদৰৰ আৰ্হিৰে প্ৰস্তুত কৰা গেৰ’ জিজাইনৰ মেখেলা-চাদৰ এতিয়া সকলোৰে সুপৰিচিত। তেনেকৈ দুমদুম-লুঃপি (ঢোল-তাল), তুঃতগ-তাপুং-গুংগাং (বাঁহী-পেঁপা-গগণা) আৰু মিচিং নৃত্যশৈলীৰো নিজস্ব গৌৰৱ আছে।
আমি আগতেই উল্লেখ কৰিছোঁ, মিচিংসকলৰ সমাজিক জীৱন বৰ শান্তিপূৰ্ণ। সেয়ে যিকোনো লোকেই এই সমাজৰ লগত খুব কম সময়ৰ ভিতৰতে হাঁড়ে হিমজুৱে আৰু অতি সহজতে মিলি যাব পাৰে৷ তাৰ উদাহৰণ—চুতীয়া, আহোম, নেপালী আদি মিচিং হৈ যোৱাটো৷ সেয়া লাগনি-পাঁচনি, হালুৱা-হজুৱা, শ্ৰমিক-বনুৱা হিচাপেই হওক; বা বিয়া-বাৰু পতা সম্পৰ্কৰ জড়িতেই হওক, যিবিলাক মানুহ এতিয়া মিচিং সমাজত সোমাইছে তেওঁলোক হাঁড়ে-হিমজুৱে মিচিং।
মিচিং সমাজৰ এটা ডাঙৰ বৈশিষ্ট হ’ল, প্ৰায় যিকোনো ক্ষেত্ৰতে ইয়াৰ মানুহবোৰ সহজ-সৰল আৰু বিশ্বাসযোগ্য। যদিহে কিবা কাৰণত বিকলাঙ্গ নহয় তেন্তে মিচিং সমাজৰ প্ৰতিজন মানুহ অধ্যৱসায়ী আৰু পৰিশ্ৰমী৷ সেয়ে কিবা এটা পৰিশ্ৰমৰ বিনা কোনেও কাৰো ওচৰত এনেই হাত নাপাতে। অৰ্থাৎ মিচিং সমাজত ভিক্ষা বৃত্তি বা ভিক্ষাৰী নাই। অৱশ্যে কোনোবা ভিক্ষা মাগিবলৈ আহিলে তাক ভিক্ষা দিবলৈও ভাল পায়। লগতে অভ্যাগতক ভালকৈ খোৱাই-বোৱাই পঠিয়ায়।
পিছে এনেহেন সময়তে কোনোবা অজীণ পাতকীয়ে নিজৰ অজ্ঞতাৰ বাবে মিচিংসকলৰ ওপৰত কোপদৃষ্টি পেলোৱাৰ অপচেষ্টা চলাইছে। তেওঁ কেনেকৈ তেনে দুঃসাহস কৰিব পাৰিলে? আমি শুনিও নুশুনাৰ ভাও জুৰিলে নহ’ব। হয়তো কোনোবাজনৰ ধেমালিতে কৰা ৰগৰ নুবুজি তেওঁ নিজকে কলঙ্কিত কৰিছে।
এই ল’ৰাটো প্ৰকৃততে বড়ো ল’ৰা হয়নে নহয় সন্দেহ আছে। হয়তে বড়ো-মিপাগ মিক্স হ’ব পাৰে। কিয়নো বড়ো এজনে আমাৰ মিচিঙক এনেকৈ নক’লেহেঁতেন বুলি ভাবোঁ। তেওঁ আচলতে গাধ আৰু ঘোঁৰাৰ সংমিশ্ৰণত উৎপন্ন হোৱা খচ্ছৰ যেনহে লাগিছে।
উদণ্ড যুৱকজনে বহুখিনি নক’বলগীয়া কথা কৈছে। জেললৈ পঠিয়াই তেওঁক এটা প্ৰতীকাত্মক শাস্তি দিবই লাগে, যাতে ভৱিষ্যতলৈ অন্য কোনেও তেনে মন্তব্য দিবলৈ সাহস নকৰে।
অবাইচ শব্দৰ ব্যৱহাৰেৰে অভব্য আচৰণ কৰি তেওঁ নিঃসন্দেহে এটা অপৰাধ কৰিছে৷ তেওঁ কৰা অপৰাধ অমাৰ্জনীয়৷ আইনৰ যোগেদি তেওঁক জেললৈ পঠিয়াই এটা প্ৰতীকাত্মক শাস্তি প্ৰদান কৰাটো আমাৰ দায়িত্ব। তেওঁ আমাৰ জাতিটোৰ নামত ধৰি ঢেৰ নক’বলগীয়া কথা কৈছে৷ আমি তেওঁৰ বিৰুদ্ধে একো এটা নকৰিলে পৰে আসৈ পাব। তাৰ বাবে জাতীয় দায়ৱদ্ধতা ৰাখি আমাৰ জাতীয় সংগঠনবিলাকে মাত মাতিব লাগে; আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা ভৱিষ্যতলৈও এনে দুঃসাহস বহুজনে কৰিব। শুভমস্তু!
Mising Anu Lutad, Epril, 2025