মিচিং লিপিৰ পঠন পাঠনৰ সন্দৰ্ভত
ড° নাহেন্দ্ৰ পাদুন
দুষ্যন্ত নৰহে মিচিং ভাষাৰ বাবে গ্ৰহণ কৰা লিপিৰ পঠন-পাঠনৰ বিষয়ে লিখিবলৈ লোৱাৰ বাবে আদৰণি জনাইছোঁ। এই কামটো তিনি চাৰি বছৰ আগতেই কৰিব লাগিছিল। আগম কৗবাঙৰ বিষয়-ববীয়াসকলক মই কেবাবাৰো কৈছিলোঁ। আন নহ’লেও দুটামান আলোচনা চক্ৰ পাতিব লাগিছিল। আগতে অসমীয়া আৰু ৰোমান লিপি লোৱাৰ আগতে শেষ সিদ্ধান্ত ল’বলৈ বহু চেমিনাৰ, প্ৰশ্নোত্তৰ, বিতৰ্ক আদি পাতি চাৰি বছৰৰ পৰীক্ষামূলক কাৰ্যকৰী ব্যৱস্থা লোৱা হৈছিল। তাৰ পিছতহে পাণিনীয় পদ্ধতি প্ৰয়োগ কৰি ৰোমান লিপিক সংশোধিত ৰূপত গ্ৰহণ কৰি ইয়াক “মিচিং” লিপি বুলি গ্ৰহণ কৰা হৈছিল। বৰ্তমানৰ লিপি গ্ৰহণৰ ক্ষেত্ৰত তেনে ধৰণৰ কোনো পৰীক্ষা-নিৰীক্ষা নকৰি মুষ্ঠিমেয় কেইজনমান বিষয়-ববীয়াই এঘন্টামানৰ ভিতৰতে প্ৰয়াত টাবু টাইদৰ ঘৰত সিদ্ধান্ত লৈ চূড়ান্ত কৰিলে।
আগৰ লিপি পদ্ধতিটোত ৰোমান লিপিৰ আখৰখিনি লৈ সেইবোৰৰ উচ্চাৰণ ভাৰতীয় আৰ্য ভাষাৰ অৰ্থাৎ পাণিনীয় ব্যাকৰণৰ পদ্ধতিত সজোৱা হৈছিল। সেই কাৰণে আগৰ পদ্ধতিটো সংশোধিত ৰোমান লিপি (Adapted or adaptation) বুলি কোৱা হৈছিল। এতিয়াৰ যিটো পদ্ধতি লোৱা হৈছে সেইটো সংশোধিত ৰোমান নহয়। এতিয়াৰ লিপিটো তুলি লোৱা বা তোলনীয়া (Adopted)। কাৰণ লিপিৰ উচ্চাৰণ আগৰ দৰে ৰাখি অদৰকাৰী ৬টা লিপি বাদ দি নতুনকৈ ৫টা লিপি প্ৰতীক লোৱা হ’ল। গতিকে ই তুলনীয়া পুত্ৰসদৃশ।
লিপিৰ আলোচনাত আৰু কেতবোৰ জটিলতা আছে। সেই সময় পালে পিছেপৰে ক’ম।
Mising Anu Lutad, Epril, 2025