Type Here to Get Search Results !

দুচকুত ভাঁহি থকা এম এ চি চুপাৰ লীগৰ (U-17) চূড়ান্ত ফুটবল খেলখন

 


দুচকুত ভাঁহি থকা এম এ চি চুপাৰ লীগৰ (U-17) চূড়ান্ত ফুটবল খেলখন


দুষ্যন্ত নৰহ 

        

    যোৱা ইং ০৯/০২/২০২৫ তাৰিখে গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা এম এ চি চুপাৰ লীগৰ চূড়ান্ত খেলখন চালোঁ। খেল চাই কেনে পালোঁ এই কথা আনক নোকোৱাকৈ কেনেকৈ মনে মনে থাকোঁ বাৰু। সেই খেলুৱৈসকল আমাৰেই সপোন, আমাৰেই ভৱিষ্যৎ নহয় জানো। সেয়ে তেওঁলোকক গঢ় দিয়াৰ দায়িত্ব আমাৰো। আমাৰ যদি এটোপাল চিয়াঁহী তেওঁলোকৰ বাবে প্ৰেৰণা হয়, বুকুৰ ৰঙা কলিজাৰ পৰা সৰি পৰা চিয়াঁহীৰ টোপালবোৰে যদি তেওঁলোকৰ সপোনত বাখৰ পিন্ধাব পাৰে তেন্তে তেওঁলোকৰ বাবে হাড়ক পানী কৰি হাজাৰ চিয়াঁহীৰ টোপাল পেলাবলৈ আমিও সাজু।‌ আমাৰ গান যদি তেওঁলোকৰ হেঁপাহৰ বৰষুণ হয়, আমাৰ গান যদি তেওঁলোকৰ ৰঙৰ ফাগুন হয় তেন্তে হাজাৰ ধুমুহাৰ পাৰ ভাঙি তেওঁলোকৰ বাবে আমিও গাই যাম নীলাভ আকাশৰ বুকুত বুকু জুৰোৱা এজাক সেউজীয়া গান।‌ অৱশ্যে ‘এম এ চি’য়ে হ’ল সেই গানৰ গীতিকাৰ, সুৰকাৰ আৰু গায়ক। আমি হ’লোঁ শ্ৰোতা।‌ ‘এম এ চি’ ৰ গানত সেই সপোন পিপাসুসকল গাঁৱৰ পৰা গাঁৱলীয়া বাটেৰে সপোন জিনিবলৈ ওলাই আহিছে।‌ বোকাত ফুলা এজাক পদুম ফুলে এতিয়া গাঁৱৰ চাৰিসীমা ভাঙি গাঁৱৰ সুবাস বিলাই বিলাই টাউনৰ জপনামুখ পোৱাইছেগৈ। সেয়া সম্ভৱ হৈছে একমাত্ৰ মিচিং স্বায়ত্বশাসিত পৰিষদৰ সুদূৰপ্ৰসাৰী প্ৰয়াসৰ বাবে। 

         মিচিং স্বায়ত্বশাসিত ৪০ খন পৰিষদীয় সমষ্টিক A, B, C, D, E, F, G আৰু H হিচাপে ভাগ কৰি প্ৰতিটো জ’নৰ পৰা ১৮ জনকৈ অৰ্থাৎ ১৪৪ জন খেলুৱৈক এই ৮ টা জ’নৰ পৰা নিৰ্বাচিত কৰি মিংমাঙত এমাহ ফুটবলৰ প্ৰশিক্ষণ দিয়া হয়। এনে প্ৰশিক্ষণ প্ৰাপ্ত খেলুৱৈসকলৰ মাজতে বছৰি এম এ চি চুপাৰ লীগ অনুষ্ঠিত হৈ আহিছে। এইবেলিও মিংমাঙত এমাহ প্ৰশিক্ষণ প্ৰাপ্ত খেলুৱৈসকলৰ মাজত যোৱা ৬ ফেব্ৰুৱাৰীৰ পৰা চুপাৰ লীগখন অনুষ্ঠিত হৈ কালি চূড়ান্ত খেলখন এফ জ’ন আৰু এইচ জ’নৰ মাজত অনুষ্ঠিত হয়। 


গোগামুখ মহাবিদ্যালয়ে দিলে এক এনাজৰীৰ বাৰ্তা

   মিচিং, বড়ো, নেপালী, সোনোৱাল, কাৰ্বি, দেউৰী, ৰাভা আৰু আদিবাসী ছাত্ৰীসকলে নিজ নিজ বৰ্ণিল স্বকীয় সাজপাৰ পৰিধান কৰি ইজনে সিজনৰ হাত ধৰি যি অপূৰ্ব নৃত্য দেখুৱালে সেয়াই আছিল বৰ অসমৰ ভেটি নিৰ্মাণ কৰাৰ এক সুন্দৰ প্ৰয়াস। নৃত্যৰ শেষত বাৰেৰহণীয়া পখিলা জাকে ‘অ মোৰ আপোনাৰ দেশ’ এই জাতীয় সংগীতত বান্ধ খাই পৰেছিলগৈ। যি সংস্কৃতিৰেই মানুহ নহওক আমি অসমীয়া।‌অসমীয়া জাতিটোৱেই হৈছে আমাৰ শৰীৰ স্বৰূপ। বড়ো-ৰাভা-কছাৰী নানা উপজাতি এই শৰীৰৰ একো একোটা অংগ। এতিয়া কথা হ’ল শৰীৰৰ পৰা এটা অংগ কাটি নিলে কেৱল সেই অংগৰে বিষ নহয়। বিষত ছটপটাব সমগ্ৰ শৰীৰ। অৱশ্যে এইটো আমাৰ শৰীৰৰ গঠন প্ৰক্ৰিয়াৰ বাবে হয়।‌ আমাৰ শৰীৰৰ গঠন প্ৰক্ৰিয়া এনেকুৱা যে শৰীৰে এটা অংগও ত্যাগ কৰি শান্তিত থাকিব নোৱাৰে।‌ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াও এই শৰীৰৰ গঠন প্ৰক্ৰিয়াৰ দৰেই।‌ নৃত্যৰ দ্বাৰা এনে এটি বাৰ্তা দিয়াৰ বাবে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাহ, তত্ত্বাৱধায়ক ৰীমা পেগুৰ সহিতে ছাত্ৰীসকললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ।


 চূড়ান্ত খেলখন

  এই খেলৰ আৰম্ভণিতেই দুমৗৰ নাট্য গোষ্ঠীৰ উদ্যোগত চুপাৰ লীগৰ থীম চংটোৰ নৃত্য প্ৰদৰ্শন কৰে। তাৰ পাছতেই গুমৰাগ নৃত্য আৰু ওপৰত উল্লেখিত গোগামুখ মহাবিদ্যালয়ৰ এটি ছাত্ৰীৰ দলে এনাজৰী নৃত্য প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি কাঢ়ি নিয়ে।‌ অধ্যক্ষ সুনীল কুমাৰ পেগুদেৱে চূড়ান্ত খেলখন উদ্ধোধন কৰে। খেলখন পৰিচালনা কৰে কিৰন কুলিদেৱে। গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাহ, এম এ চিৰ উপাধ্যক্ষ জয়জ্ঞেশ্বৰ কুটুম, কাৰ্যবাহী সদস্য পুৰুত্তোম দলে, প্ৰভাত বসুমতাৰী, সাধাৰণ সদস্য ৰাজু পেগুকে ধৰি উচ্চ বৰ্ণৰ সহায়ক বিপিন গামকে প্ৰমুখ্যে কৰি এম এ চিৰ কৰ্মকৰ্তাৰ উপৰিও মিচিং আগম কৗবাঙৰ সচিব সোমেশ্বৰ কপ্তাক, পত্ৰিকা সম্পাদক দুষ্যন্ত নৰহ, এনাজৰী বঁটা প্ৰাপক য়কছা কুলি, TMPK ৰ সাধাৰণ সম্পাদক চান দ:ঞি পাংগিং, TMPK ৰ প্ৰাক্তন সাধাৰণ সম্পাদক পদ্মলোচন দলে আদি বহু গণ্য-মান্য ব্যক্তিয়ে দৰ্শকৰ আসনত খেল উপভোগ কৰি খেলুৱৈসকলক উৎসাহিত কৰে। 

       খেলখন চাই কেনে পাইছিলোঁ এই কথা ক’বলৈ গৈ টানি টানি কথাবোৰ অৱশ্যে মই দীঘল কৰি পেলালোঁ। পিছে, পাঠকক বিৰক্তি দিয়া মোৰ এই অভ্যাসক ভাল বুলিব নোৱাৰি। এতিয়া আৰু বহলাব নিবিচাৰোঁ। টু দা পইন্টলৈ আহোঁ। খেল এখন চাই যেতিয়া দৰ্শকৰ আমনি লাগে তেতিয়া এজন দুজনকৈ দৰ্শক আঁতৰি গৈ এটা সময়ত দৰ্শকৰ সংখ্যা পাতল হৈ পৰে। যোৱাকালিৰ চূড়ান্ত খেলখনত কোনো এগৰাকী দৰ্শকে খেল এৰি আঁতৰি যাবলগীয়া হোৱা নাছিল। আৰম্ভণিৰ পৰা শেষলৈ দৰ্শকসকলক উৎকণ্ঠাৰ মাজত ডুবাই ৰাখিব পৰাটো খেলখনৰ এটা ডাঙৰ সফলতা আছিল। শেষলৈ খেলুৱৈসকলৰ ষ্টেমিনাৰ, কৌশল, ৱাল পাচিং আদি উল্লেখনীয় আছিল বুলি ক’ব পাৰি। মাত্ৰ এমাহ প্ৰশিক্ষণ কালতেই খেলুৱৈসকল এনে উন্নত মানৰ খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। এইক্ষেত্ৰত ‘এম এ চি’ৰ প্ৰচেষ্টা সফল হৈছে বুলি ভাৱিব পাৰি। যদিও সমষ্টি ভিত্তিত বছৰজোৰা প্ৰশিক্ষণৰ দিহা কৰিব পাৰিলে আমি পাব বিচৰা ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈসকলক পাব পাৰিম। দৰ্শকসকলৰ এটাই মনৰ কথা আছিল যোৱা বাৰতকৈ খেলুৱৈসকলৰ প্ৰৰ্দশন যথেষ্ট উন্নত হৈছে ইত্যাদি ইত্যাদি। গতিকে আমি সকলোৱেই বুকুত হাত থৈ কও ‘এম এ চি’ য়ে গাঁৱৰ সপোনবোৰ বোকোচাত কঢ়িয়াই আনি এদিন বিশ্বৰ পাৰত জিলিকাই তুলিব। তাৰ বাবে আমি সকলোৱে ‘এম এ চি’ ৰ এই প্ৰয়াসলৈ দুহাত আগবঢ়াব লাগিব।‌

  আকৌ খেলখনৰ মাজলৈ উভতি আহিছোঁ। খেলখনৰ আৰম্ভণিতেই এইচ জ’নে এফ জ’নক ইমানেই এটেক্ট কৰিছিল য’ত এফ জ’নৰ উশাহ-নিশাহ প্ৰক্ৰিয়াই বন্ধ হৈ পৰিছিল। দৰ্শকসকলৰ উৎকণ্ঠাও বাঢ়িছিল। এই সুবাদতে এইচ জ’নে প্ৰথমে ১ গল স্কৰ কৰিবলৈ সক্ষম হৈছিল। এইটো ফালৰ পৰা সকলোৱেই ভাবিছিল বিজয়ৰ মুকুট এইচ জ’নেই নিশ্চিতভাৱে পিন্ধিব। কিন্তু হাফ টাইমৰ পাছত খেলৰ গতিপথ একেবাৰে সলনি হৈ পৰিছিল। এফ জ’নে এইচ জ’নক ইমানেই এটেক্ট কৰিব ধৰিলেগৈ য'ত এফ জ'নে এইচ জ’নক ১ গ’ল ৰিটাৰ্ণ কৰি খেলখন ড্ৰ কৰিবলৈ সক্ষম হৈছিল। খেলুৱৈসকলৰ ভৰিৰ যাদুৰ পৰা দৰ্শকসকলে দুচকু আঁতৰাই ৰাখিব পৰা নাছিল। মুঠতে ক’ব পাৰি এক মৰণপন যুঁজ। এই যুঁজৰ মাজতে খেলুৱৈসকলৰ বন্ধুত্বসুলভ মনোভাৱেও দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল।‌ যুঁজখন আকৰ্ষণীয় আছিল যদিও ০১-০১ গলতেই ড্ৰ হৈ খেলখন সমাপ্ত হৈছিল।

     শেষত ট্ৰাই বেকাৰত ০৫-০৪ ৰ ব্যৱধানত এফ জ’নে এইচ জ’নক পিছ পেলাই বিজয়ৰ মুকুট পিন্ধিবলৈ সক্ষম হয়। এইচ জ’ন ৰানাৰ্ছআপত থমকি ৰয় যদিও এইচ জ’নে হাৰি হাৰি দৰ্শকৰ মন জিনিবলৈ সক্ষম হয়।‌ দুয়োটা দলৰে খেল আমোদজনক আছিল।‌ দুয়োটা দলৰ খেলুৱৈসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

      H- Zone ৰ হৈ দিব্যজ্যোতি লাগাচুৱে ‘player of the tournament’ F-zone ৰ‌ হৈ বিদ্যাধৰ দলে ‘Best Goalkeeper’ কিলিং দলে ‘Man of the match’ ট্ৰফি লাভ কৰে।‌ বিজয়ী এফ জ’নে ১ লাখ টকা আৰু ৰানাৰ্ছআপ এইচ জ’নে ৫০ হাজাৰকৈ টকা লাভ কৰে।‌


ভাষ্যকাৰ বিমল স্বৰ্গিয়াৰী আৰু চন্দন পেগু

  কবিতা যিয়েই নহওক আবৃত্তিকাৰে এটা কবিতাৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব পাৰে।‌ ঠিক তেনেকৈ ভাষ্যকাৰে দৰ্শকসকলৰ বাবে এখন খেলক বেছি উপভোগ্য কৰি তুলিব পাৰে।‌ ক’ৰবাত কেনেবাকৈ ভৰিৰ যাদুৱে থমকি ৰৈ দৰ্শকৰ মন সেমেকি গ’লেও ভাষ্যকাৰৰ যাদুকৰী শব্দই ইয়াক জীপাল কৰি তুলিব পাৰে। এইক্ষেত্ৰত বিমল আৰু চন্দন দুয়োগৰাকী ভাষ্যকাৰে খেলৰ সমানে দৰ্শকক আমোদ দিবলৈ সক্ষম হৈছিল।‌ দুয়োগৰাকী ভাষ্যকাৰে খেলৰ বিৱৰণ সুন্দৰকৈ দৰ্শকৰ সমুখত তুলি ধৰিবলৈ সক্ষম হৈছে।‌ তেওঁলোক দুয়োৰে কণ্ঠত উজলি উঠিছিল এফ জ'নৰ জাৰ্চি নং ১৬।‌ শেষত জাৰ্চি নং ১৬ নে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছিল। মাজে মাজে দৰ্শকৰ প্ৰতিক্ৰিয়া। এইক্ষেত্ৰত গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাহদেৱৰ মনৰ কথাই আন যিকোনো খেলুৱৈক নিশ্চয় উৎসাহিত কৰিব। তেখেতৰ মন্তব্য আছিল - খেলুৱৈসকল আন খেলুৱৈৰ কেৰিয়াৰ নষ্ট কৰিবলৈ খেলিব নালাগে। সেয়া অত্যন্ত তাৎপৰ্যপূৰ্ণ মন্তব্য কিয়নো খেলুৱৈসকল এটা সময়ত ইমানেই আক্ৰোশমূলক হৈ পৰে য'ত আন কোনোবা খেলুৱৈৰ কেৰিয়াৰ নষ্ট হোৱাৰ সম্ভাৱনা দেখা যায়।‌ দুয়োগৰাকী ভাষ্যকাৰলৈ আমাৰ তৰফৰ পৰাও আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

     শেষত খেলৰ লগতে শৈক্ষিক ভাৰসাম্যতা ৰক্ষা কৰি আগবাঢ়ি যাবলৈ খেলুৱৈসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।


Mising Anu Lutad, February, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper