Type Here to Get Search Results !

ব্যয় বহুল দদগাং বনাম ভাগৱতীয়া ধৰ্ম

 


ব্যয় বহুল দদগাং বনাম ভাগৱতীয়া ধৰ্ম


জাতিৰাম কামান


    আমাৰ মিচিং সকলৰ নিৰ্দিষ্ট ধৰ্ম নাই বুলি বহুতে ক্ষোভ প্ৰকাশ কৰে। এৰা, মিচিং সকলৰ নিৰ্দিষ্ট ধৰ্ম সঁচাকৈয়ে নাই। আমাৰ পূৰ্বজ সকলে প্ৰকৃতি পূজা যে কৰি আহিছিল সেইটো হ’লে খাটাং। কাৰণ, বিশ্বৰ সকলো আদিবাসী তথা জনজাতিসকলৰ ধৰ্মীয় উপাসনাই হ’ল প্ৰকৃতি পূজা যাক ইংৰাজীত Animism বোলা হৈছে। আমাৰ পূৰ্বজেও দঞি প:লক অৰ্থাৎ সূৰ্য চন্দ্ৰক উপাস্য দেৱতা ৰূপে পূজা অৰ্চনা কৰি আহিছে। তাৰ আলম লৈয়েই আজিৰ তাৰিখত আমাৰ কিছুচাম মিচিং সমাজে দ:ঞি প:ল য়েলামক মিচিঙৰ মূল ধৰ্ম বুলি প্ৰতিপন্ন কৰিবলৈ প্ৰয়াস কৰি আহিছে। দ:ঞি প:ল য়েলাম আদী-মিচিঙৰ ধৰ্ম। য়েলামৰ প্ৰৱৰ্তক তালম ৰুক্ব আদী সম্প্ৰদায়ৰ লোক। দ:ঞি প:ল ধৰ্মটো অকল আদী মিচিঙৰেই নহয় এয়া সমগ্ৰ তানি গোষ্ঠীৰেই ধৰ্ম যদিও বহু তানি গোষ্ঠীৰ মানুহ বিভিন্ন ধৰ্মত দীক্ষিত হৈ ধৰ্মীয়ভাৱে বিভক্ত হ’ল। হ’লেও ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত এতিয়াও একত্ৰিত হৈ আছে যেন লাগে।

  অৰুনাচল প্ৰদেশৰ তানিগোষ্ঠীৰ এচাম আপাতানিকে প্ৰমুখ্য কৰি ক্ৰমে আদী, গাল’, নিচি, তাগিন তথা অসমৰ এচাম মিচিং লোকে খ্ৰীষ্টধৰ্মত দীক্ষিত হৈছে। তাৰোপৰি বৌদ্ধধৰ্মৰ লগতে অনুকুল ঠাকুৰৰ অনুগামী হৈছে ঠায়ে ঠায়ে।

   বিপৰীতে মিচিং সকলৰ মূল সূঁতিটো কিন্তু কেৱলীয়া ধৰ্মাৱলম্বী। কেৱলীয়া ধৰ্ম মানে ব্ৰাহ্মণ্যবাদী হিন্দু পু্ৰােহিত (গোঁসাই) সকলে দেখুৱাই দিয়া কাল সংগতি নামে কেঁচা পকা ৰীতিৰে ধৰ্মীয় সকাম আদি কৰি উপাস্য দেৱতাক নমন কৰা ধৰ্মাচাৰ। পকা কেঁচা কেৱলীয়া ধৰ্ম মিচিং সকলৰ বাদেও আহোম সমাজতো দেখা যায়। কেৱলীয়া (কাল সংহতি) বা নামঘৰীয়া, ভাগৱতীয়া, সংঘৰীয়া আদি সমূহ আচলতে হিন্দু ধৰ্মৰ শাখা। শংকৰদেৱ গুৰুজনাই নৱ বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰাৰে পৰাই সনাতনী ধৰ্মাচাৰ সমূহ পৃথক পৃথক পন্থাত ভাগ হ’ল। গুৰুজনাৰ আগতে মধ্যযুগীয়া অসমীয়া সমাজত শাক্ত ধৰ্মৰ প্ৰভাৱ আছিল। লগতে শৈৱ ধৰ্মৰ প্ৰভাৱো নুই কৰিব নোৱাৰি। শাক্ত ধৰ্মৰ মূলমন্ত্ৰই হ’ল শক্তিপূজা। বলি বিধানেৰে উপাস্য দেৱ দেৱীক উপাসনা কৰা। কালী, গোঁসানী, দূৰ্গা আদি উপাস্য দেৱীৰ তুস্তিৰ নিমিত্তে ইতৰ প্ৰাণী জীৱন্তে শিৰচ্ছেদ কৰি তাৰ ৰক্তদানেৰে দেৱী প্ৰতিমাত উৎসৰ্গা কৰি বৰ লোৱাই হল ভক্তৰ উদ্দেশ্য। উদ্দেশ্য সিদ্ধিৰ বাবে তেনে পূজা পাতল কৰি আহিছে তাহানিৰে পৰা। শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰাৰ পাছতো শাক্ত ধৰ্মৰ প্ৰভাৱ এতিয়াও হিন্দু উপাসক সকলত বিদ্যমান। তাৰ জ্বলন্ত উদাহৰণ হ’ল আজিও বিভিন্ন জেগাত থকা গোঁসানী থান, আইথান সমূহ।

   সনাতনী হিন্দু মঠ মন্দিৰ সমূহত ম্লেছ শূদিৰ আদি নীহকূলীয়া মানুহৰ প্ৰৱেশ নিষেধ। মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ হ’ব লাগিব বিপ্ৰ, দ্বিজ অথবা ব্ৰাহ্মণ। হেন জানি গুৰুজনাই মন্দিৰৰ ঠাইত নামঘৰ স্থাপন কৰিলে যাতে বিপ্ৰ দ্বিজৰ লগতে শূদ্ৰাদি আদি নীহ-কুলীয়া লোকেও সমানে সমানে প্ৰৱেশ কৰি হৰি নাম লব পাৰে প্ৰাচীৰ নথকা মুক্ত নামঘৰত।

    মিচিং সকলে গোঁসাইত শৰণ লৈ সনাতনী ধৰ্মাচাৰ কৰিবলৈ যাওঁতে নাম কীৰ্তন ঘোষা আদি ৰ লগতে ব্ৰহ্মাকে আদি কৰি দেৱগনৰ নামাদি লোৱাৰ উপৰিও চন্দ্ৰ সূৰ্য আদি গ্ৰহ নক্ষত্ৰক সাক্ষী কৰি পূৰ্বজ তথা মৃতক সকলৰ নাম লৈ সেৱা অৰ্চনা কৰে। ভোজৰ নামত তামসিক ভোজৰ লগতে সাত্বিক ভোজন। কীৰ্তন ভাগি কৰি প্ৰসাদ হিচাপে মাহ প্ৰসাদ গ্ৰহন কৰি আকৌ মাছে মঙহে সুৰাপান কৰি তামসিক ভোজনো কৰে। মুঠতে উপাসনাৰ নামত যেনেদৰে বিভিন্ন দেৱ দেৱীৰ নামৰ সতে গ্ৰহ নক্ষত্ৰ তথা মৰা মৃতকৰ নামোচ্ছাৰণ কৰি উপাসনাৰ নামত খিছিৰি পঘোৱা হয় তদ্ৰুপ প্ৰসাদ গ্ৰহণতো পায়স ফলমূল আদি লঘূ সাত্বিক আহাৰ গ্ৰহণ কৰাৰ লগতে একেলগে মদে মাংসই গুৰুপাকী তামসিক ভোজেৰে একপ্ৰকাৰ বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় কেৱলীয়া সকাম নিকাম সমূহত।

  কেৱলীয়া নিয়মে কৰা দহাকাজ অতি ব্যয়বহুল। আজি কালি দহা/দদগাং বোৰ বৃহৎ ভোজ ভাতৰ থলী লৈ ৰূপান্তৰিত হৈছেগৈ। সাধাৰণ দুখীয়া গঞা নালাগে বহু মধ্যবিত্তীয় লোকৰ বাবেই দদগাং কৰাতো দুৰূহ হৈ পৰিছে। দদগাঙৰ নামত ভোজ ভাতৰ প্ৰতিযোগিতাহে চলিছে যেন! যিয়ে যিমান পাৰে মানুহ মাতিব, যিমান পাৰে গাহৰি মাৰিব পাৰিব, যিমান পাৰে ছাই মদ চাকিব পাৰিব তাৰহে যেন প্ৰতিযোগিতাত নামিছে আমাৰ মানুহবোৰ। বহু দুখীয়া নিচলা মানুহে অৰ্থৰ অভাৱত বহু বছৰলৈ দদগাং নকৰাকৈ থাকিব লগা হয়। জীৱনৰ আধা উপাৰ্জন কেৱল দদগাঙতে ব্যয় হৈ যায় বুলি কলেও অত্যুক্তি কৰা নহ’ব নিশ্চয়।

   এইখিনিতে প্ৰণিধাণযোগ্য যে আমাৰ দৰে দহাকাজ বা মৃতকৰ কৰাকৰ্মত যিমান ব্যয় হয় বাকী ধৰ্মত যেনে- খ্ৰীষ্টিয়ান, বৌদ্ধ, ইশ্লাম আদি ধৰ্মত দেখা নাযায় আৰু হিন্দু ব্ৰাহ্মণ পুৰোহিতে দেখুৱাই দিয়া চোৱা লগা, চোৱা ভঙা আদি মধ্যযুগীয়া ৰীতি ৰিৱাজ আদিবোৰ দেখা নাযায়।

   অৱশ্যে গুৰুজনা শংকৰদেৱে প্ৰৱৰ্তন কৰা বৈষ্ণৱৰ এটা ঠাল সংঘৰীয়া তথা ভাগৱতীয়া ধৰ্মত তিলনি, শুচি, দহাকাজ আদিত বৰকৈ খৰছ হোৱা দেখা নাযায়।

   ভাগৱতীয়া ধৰ্মত শৰণ লোৱা বন্ধু এগৰাকীয়ে ক’লে যে - তেওঁবিলাকে মৃতকৰ দহা সকাম আদি কৰোঁতে মাত্ৰ পাঁচশ এহেজাৰ মানতে মাংগলিক কৰ্মবোৰ সম্পন্ন হয় হেনো! এগছি শলিতা চাকি, ধুপধুনা, কিছু ফলমূল আৰু এমুঠি মাহ প্ৰসাদেৰেই বোলে সম্পন্ন হৈ যায় সকলো শুদ্ধিকৰণ। কিমান যে কম খৰছী ধৰ্মাচাৰ!

   আমাৰ কেৱলীয়া সকল আক’ তিলনিৰ নামত, শুচিৰ নামত, দদগাঙৰ নামত কিমান যে অৰ্থ ব্যয় কৰিব লগা হয়। সকাম নিকামবোৰ কৰোঁতে কৰোঁতে পৰিয়ালৰ কঁকাল ভাগি যোৱা অৱস্থা! বেছি ব্যয়বহুল হোৱা বাবে বহুতে তিলনিৰ লগতেই শুচিও গাহৰি মাৰি একেলগে কৰি পেলায়। মৃতকক সৎকাৰ কৰা মাত্ৰ তিনিদিনাখনেই শুচিৰ নামত মাছ মাংসৰে ভোজ ভাত খোৱাতো কিমান সমীচিন?

  আগৰে পৰা চলি অহা পৰম্পৰাগত ৰীতি মতে তিলনিত মাত্ৰ কুকুৰা এটা মাৰি চাকি তাকি জ্বলাই ভকতে জাৰি দিয়া শান্তি পানীৰে ঘৰখনৰ চুৱাহে গুচোৱা হয়। বাকী মাহ পষেকৰ ভিতৰত আদ্যশ্ৰাদ্ধ বা শুচি সকাম কৰা হয় গাহৰি মাৰি, তাকো পৰিয়াল পৰিজনৰ লগতে কেৱল গাঁৱৰ ওচৰ পাজৰৰ মানুহেৰে সকাম সম্পন্ন কৰা হয়। আজিকালি তিলনিৰ পৰাই ভোজ ভাত আৰম্ভ হৈ শুচি আৰু দদগাঙলৈকে এলানি ব্যয়বহুল সকামৰ পৰ্ব। তিলনিৰ পৰাই মানুহৰ ভিৰ ভাৰ আৰম্ভ হৈ যায়।

   তেনে পৰিপ্ৰেক্ষিতত ভাগৱতীয়া সকলৰ সকামে তুলনামূলক ভাৱে অতি কম খৰছত সম্পন্ন হয়। ভাগৱতীয়া সকল কেনেদৰে সকাম নিকাম কৰে সেয়া আমি বৰকৈ নাজানো কিন্তু তেওঁবিলাকে পালন কৰা ধৰ্ম বৈজ্ঞানিক, যুক্তিসন্মত, ইকনমি আৰু উপযুক্ত যেন আমাৰ ধাৰণা হয়।

   তিলনি, শুচি আৰু দদগাঙৰ দৰে ধৰ্মীয় তথা মাংগলিক সকাম নিকাম সমূহ বৰ বেছি ব্যয়বহুল হোৱাতো কোনো পধ্যেই যুক্তিসংগত নহয়।

    মৃতকৰ পৰিয়াল আপোনজনক হেৰুৱাই এনেয়েও শোকত ম্ৰিয়মান হৈ থকাৰ লগতে দুৰ্দশাগ্ৰস্ত হৈ থাকে। তেনেস্থলত ভুতৰ ওপৰত দানহ পৰাৰ দৰে সিমান ব্যয়বহুলতাৰে মৃতকৰ সকাম কৰি শোক সন্তপ্ত পৰিয়ালে দুখৰ ওপৰি দুখ পোৱাতো মানৱীয় কৰ্মত নপৰে। কাজেই, মৃতকৰ সকাম নিকামসমূহৰ তৎকালীন সংস্কাৰৰ প্ৰয়োজনীয়তা আছে বুলি আমাৰ মনে ধৰে। তলত দিয়া কিছু নীতি নিৰ্দেশনা মানি চলিলে সকলো পৰিয়ালেই অৰ্থনৈতিক ভাৱে সকাহ পোৱাৰ লগতে পালন কৰিব লগীয়া মাংগলিক কৰ্মসমূহ সুকলমে সম্পন্ন হ’ব বুলি আমাৰ বিশ্বাস।


(১) মৃতকৰ সৎকাৰৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সমাজে ক্ৰয় কৰি কেৱল পৰিয়ালৰ ওপৰত ভাৰ নিদি সমাজে মিলি মেলি সৎকাৰ কাৰ্য সমাপন কৰিব লাগে।

(২) তিলনিৰ দিনা পৰিয়াল পৰিজন তথা ওচৰ চুবুৰীয়াই তিলনিৰ প্ৰয়োজনীয় সামগ্ৰীখিনি ৰাজহুৱা খৰছেৰে গোটাই মেলি মাংগলিক কাৰ্য সমাপন কৰিব লাগে।

(৩) আদ্যশ্ৰাদ্ধ বা শুচি সকামতো আত্মীয় স্বজন তথা গঞাই ৰেচন পাতি, মাছ মাংস আদি যোগাৰ কৰি যৎপৰোনাস্তি সাহাৰ্য প্ৰদান কৰিব লাগে শোক সন্তপ্ত পৰিয়ালক। শুচি সকাম পষেক বা মাহৰ ভিতৰত সম্পন্ন হ’ব লাগে।

(৪) দহাকাজ বা দদগাং ছমাহ বা বছৰৰ ভিতৰত সমাপন কৰিব লাগে। বেছি দেৰিকৈ ৰাখিব নালাগে। আমাৰ বহু পৰিয়ালে পৰিয়ালৰ ন দহ গৰাকী মৃতকৰ সকাম দহ পোন্ধৰ বছৰৰ মূৰত একেলগে পাতে। এয়া যুক্তি সংগতটো নহয়েই বিজ্ঞান সন্মতো নহয়। অৰ্থনৈতিক ভাৱেও সমৰ্থনযোগ্য নহয়। বহুদিন মৃতকৰ সকাম নকৰা বাবে পৰিয়ালৰ মূৰত অহৰহ বোজা এটা লাগি থাকে, মূৰত টেনচন এসোপা লৈ থকাৰ লগতে মৃতকৰ আত্মাই মুক্তি নাপাই বিচৰণ কৰি থকাৰ দৰে হয়। লোকবিশ্বাস মতে দহা/দদগাঙৰ পাছতহে আত্মাই চিৰকালৰ বাবে পৰিয়াল পৰিজনৰ পৰা বিছিন্ন হয়! গোট খুৱাই ৰখা দদগাঙৰ আৰু এটা সমস্যা হ’ল অধিক ব্যয়বহুল দদগাং। উদাহৰণ স্বৰূপে দহ গৰাকী মৃতকৰ দদগাঙৰ বাবে দহটাকৈ দঁতাল গাহৰি, মদৰ বাবে দহ কুইন্টল চাউল তথা খাদ্য সামগ্ৰী, টেন্ট হাউচ, অগণন আলহী অতিথিৰে পূৰ্ণ প:ৰাগ সদৃশ ভোজৰ আয়োজন অত্যন্ত ব্যয়বহুল পৰিয়ালটোৰ বাবে। ধনী পৰিয়ালে হয়তু সমাজক দেখুৱাই অনায়াসে কৰিব পাৰিব কিন্তু দুখীয়া নিচলা পৰিয়ালৰ বাবে এয়া যমৰ যন্ত্ৰনাহে। কাজেই, দহা সকামো নিৰ্দিষ্ট সময়ৰ ভিতৰত অৰ্থাৎ ছমাহ/বছৰৰ মূৰত কৰি পেলাব লাগে আৰু তাতো পৰিয়াল পৰিজনৰ লগতে ওচৰ চুবুৰীয়া সমাজে সামূহিকভাৱে ৰাইজৰ খৰছত সমাপন কৰিব লাগে। তেতিয়া মৃতকৰ পৰিয়ালে বহুত সকাহ পাব আৰু দুৰ্ভোগত নুভূগিব।

  অৱশ্যে আমাৰ পূৰ্বজ সকলে মৰা মৃতকৰ সকামবোৰ অকল বুঢ়া মেথা ভকত সাতোলাৰ দ্বাৰা সমজুৱা ভাৱে পাৰম্পৰিক ৰীতিৰে কৰি আহিছিল। আজিকালিহে আধুনিকতাৰ প্ৰভাৱত পৰি দদগাঙটো বিয়া সবাহৰ দৰে ভোজ ভাতৰ প্ৰতিযোগিতাৰ দৰে আয়োজন কৰা হৈছে, মেলামুখী কৰা হৈছে। তেনে কাৰ্যবোৰ এৰিবৰ হ’ল। এনেদৰে চলি থাকিলে মৃতকৰ দহা সকামবোৰ পৰিয়ালৰ মূৰৰ কামোৰণি হৈ পৰিব। তাকে নকৰি ইয়াক সংস্কাৰ কৰি ওপৰত দিয়া আৰ্হিৰে দদগাং পাতিলে সমাজখনে বহু পৰিমাণে সকাহ পাব আৰু পৰৱৰ্তী কাললৈ সামাজিকভাৱে এটা সুন্দৰ নিদৰ্শন হৈ ৰোৱাৰ লগতে পৰম্পৰাত পৰিণত হ’ব। আমি সমাজে দুখ নোপোৱা তেনে সংস্কাৰেই কৰিব লাগে যত সমাজৰ নি:কিন জনেও সকলো ধৰ্মীয় ৰীতি নীতি তথা বান্ধোনৰ পৰা অন্ততঃ বহু পৰিমাণে সকাহ পাব।


Mising Anu Lutad, February, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper