পঃৰাগ উৎসৱত মৃমবৃৰ-য়াঃমেৰ বিষয়বাব আৰু দায়িত্ব
মন্টুৰাম টাইদ
লখিমপুৰ
আৰম্ভণিতে উল্লেখ কৰিব লাগিব যে পঃৰাগত মৃমবৃৰ-য়াঃমে অৰ্থাৎ ডেকা-গাভৰু হ’ল এক অবিচ্ছেদ্য অংগ। মৃমবৃৰ য়াঃমে নাথাকিলে পঃৰাগ আধৰুৱা। পঃৰাগ মানেনো কি তাৰ তাৎপৰ্য সংক্ষিপ্তৰূপত তলত উল্লেখ কৰিলোঁ ।
বিশিষ্ট সাহিত্যিক চন্দ্রকান্ত লাচনৰ মতে - “পঃৰাগ” শব্দটো ‘আপং আগৰাগ্’ (Apong+Agrag=Po:rag) শব্দৰ পৰা আহিছে। মূল উৎসৱ আৰম্ভ হোৱাৰ আগে আগে “মিবু”ৰ দ্বাৰা ‘আপং আগৰাগ্লা লৌঃনাম’ (Apong Agragla Lé:nam) অৰ্থাৎ আপং আগবান্ধ কৰি থোৱা নিয়ম মিচিং সমাজৰ আছে আৰু তাৰ পৰাই ‘পঃৰাগ’ শব্দটো আহিছে বুলি তেখেতে অনুমান কৰিছে । সি যি কি নওক, পঃৰাগ উৎপত্তিৰ ক’ত, কেতিয়া হৈছিল সেই বিষয়লৈও বিদ্বৎ সমাজৰ পাৰ্থক্য দেখা যায় ।
মিচিঙৰ প্ৰথম বুৰঞ্জীবিদ সোনাৰাম পাঞাং কটকীয়ে তেখেতৰ “মিৰি জাতিৰ বুৰঞ্জী”ত লিখিছে- “ভৈয়ামলৈ অহাৰ পাছত অসমীয়া মানুহৰ দৰে ডেকা-গাভৰু সকলোৱে মিলি নৰাছিগা বিহু পাতিবলৈ ধৰিলে। ইয়াৰ অর্থ এয়ে যে আহিন কাতি মহীয়া আহু ধানৰ নৰা চিগে আৰু সেই ধান কামত লগায়। মিচিং ভাষাৰে ইয়াক পঃৰাগ বুলি কয়।
আগম মিগাং টাবুৰাম টাইদৰ মতে - পঃৰাগ হ’ল Lékoda ríksukunam gí:dí:sí:pí অৰ্থাৎ এটা পুনৰ মিলনৰ উৎসৱ । গাৱঁৰ পৰা বিবাহ সূত্রে অন্য গাঁৱলৈ আঁতৰি যোৱা জীয়ৰীক স-পৰিয়ালে পঃৰাগলৈ নিমন্ত্ৰণ কৰাটো পঃৰাগৰ এটা পৰম্পৰা । বিশেষকৈ এটা পঃৰাগৰ পৰা আনটো পঃৰাগলৈ যিমান কেইজনী ছোৱালী বিয়া হৈ যায় সেই আটাইকেইজনীকে নিমন্ত্ৰণ কৰাটো অত্যন্ত দৰকাৰী। তেওঁলোকে আমন্ত্ৰিত হৈ নিজৰ গাওঁ খনলৈ সহ-পৰিয়ালে ঘূৰি আহি একেলগে ডাঙৰ দীঘল হৈ দুৰ দূৰণিত বিয়া হৈ যোৱা লগৰীয়া বোৰক লগ পাই বিমল আনন্দ উপভোগ কৰে। পৰস্পৰে পৰস্পৰৰ পৰিয়ালৰ চা-চিনাকী হোৱাৰ এটাসোণালী সুযোগ পায় ।
পঃৰাগ একাংশ লোকৰ ভবাৰ দৰে কৃষি উৎসৱ হব নোৱাৰে। কোনো এখন গাঁৱৰ ডেকা-গাভৰুৱে নিজৰ সুবিধা আৰু সামর্থ অনুযায়ী যিকোনো বছৰ বা দিনত পঃৰাগ পাতিব পাৰে। ইয়াৰ কোনো নির্দিষ্ট দিন তাৰিখ নাই। সাধাৰণতে আহু খেতিক প্রাধান্য দিয়া মিচিং সকলৰ আজৰি সময় হ’ল শাওনৰ পৰা কাতি মাহলৈ। সেয়ে এই আজৰি সময়কণতে তেওঁলোকে আত্মীয়-স্বজন, মিতিৰ কুটুম সকলোকে একে লগে মাতি আপং আৰু মাংসৰ সৈতে নৃত্য গীতৰ উপভোগ কৰি দুখ-ভাগৰৰ অন্ত পেলায়।
পঃৰাগ আহোম শাসনতন্ত্ৰৰ প্রভাৱ ব্যাপক ভাৱে পৰা দেখা যায়। উৎসৱ পৰিচালনাৰ দায়িত্বত থকা বিষয়ববীয়া যেনে- ডেকা বৰা, তিৰি বৰা, পাটগিৰি, বৰাণী, টেকেলা, বৰ পোৱাৰী আদি পদবীবোৰ নিঃসন্দেহে আহোম শাসন পদ্ধতিৰে অংশ বিশেষ।
ধর্মীয়ভাৱে হিন্দুৰ প্রভাৱত সাধু-সাতোলাই মিচিঙৰ ‘মিবু’ ৰ ঠাই ললে। যেনেকৈয়ে নহওক পঃৰাগত মিচিং পৰম্পৰাগত ৰীতি-নীতি সৰ্বস্তৰতে বিদ্যমান। আজিৰ ডেকা বৰা, তিৰি বৰা তাহিনিৰ Ku:ri-Ku:mang আছিল। সাতোলাৰ কাম ‘মিবু’ হে কৰিছিল। তাৰোপৰি পঃৰাগৰ দৰে পতা সামাজিক অনুষ্ঠান আহোম সকলৰ মাজত দেখা নাযায়। গতিকে পঃৰাগ উৎসৱৰ উৎপত্তি ভৈয়ামৰ নহয়, ইয়াৰ ইতিহাস অতি প্ৰাচীন । পঃৰাগ উদযাপনৰ বাবে মুৰং অকুম অপৰিহাৰ্য । মিচিং সমাজত মুৰং অকুমৰ দৈনন্দিন ব্যৱহাৰ কমি আহিলেও সময়ে সময়ে মুৰং অকুমে মূৰ দাঙি উঠিব । ইয়াৰ প্ৰধান কাৰণ হ’ল পঃৰাগ ।
মুৰং ঘৰৰ মূলদ্বাৰ সম্মুখৰ চেপেটা চতিত অভিজ্ঞ লোকে জোন, বেলি, তৰাৰ লগতে ওঁৰ থকা ৰৌমাছৰ আকৃতিৰ দুটা প্রতিকৃতিও অংকণ কৰে। ইয়াক ‘বিৰি বিক্’ বোলে। আদী কিম্বদিন্তৰ মতে ই এক দ্বৈত দেৱতা শস্য আৰু মৎস্যৰ অধিকাৰী। মিচিংসকলে ইয়াক ‘কাজে-য়াংগ’ নামৰ ঐশ্বৰ্যৰ অধিকাৰী দেৱীৰ প্ৰতীক মচন্দিৰি'ৰ এক কাল্পনিক চিত্র বুলি কয়। আকৌ দুই এজনৰ মতে ই তীৰ্ব্বতত এৰি থৈ অহা দিনৰ কোনোবা ড্রেগনৰ মূৰ্ত্তিহে।
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মতে সমাজৰ বিভিন্ন প্রয়োজনত উত্তৰ পূৱ ভাৰতৰ জনগোষ্ঠী সমূহৰ মাজত থকা মুৰং বা মঃৰং অনুষ্ঠানৰ দৰে আফ্রিকা, দক্ষিণ আমেৰিকা, ফিলিপাইন, নিউজিলেণ্ড, বর্ণিঅ’ নিউগিনি আদিতো এনে সামাজিক অনুষ্ঠান আছে। অসমত থকা মুৰং সমূহৰ সামৰিক প্ৰয়োজনত সৃষ্টি হৈছে।
ওপৰৰ সংজ্ঞাসহ সংক্ষিপ্ত ৰূপত পঃৰাগৰ বিষয়ে ডাঙি ধৰিলো। এতিয়া আচল কথালৈ আহোঁ - যিকোনো এখন মিচিং গাঁৱত ডেকা-গাভৰু সকলৰ সমিতি থকাটো বাধ্যতামূলক। অৰ্থাৎ মিচিং গাঁও একোখনৰ সমস্ত ৰাজহুৱা কাম সমাপনৰ সামগ্ৰিক দায়িত্ব মৃমবৃৰ-য়াঃমেৰ। পঃৰাগ উৎসৱৰ পৰিপ্ৰেক্ষিতত বিচাৰ কৰি চালে দেখা যায় যে পঃৰাগ প্ৰস্ততিৰ প্ৰাকক্ষণত মৃমবৃৰ-য়াঃমেৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হয়। এক নিৰ্দিষ্ট গাঁৱৰ সমস্ত মানুহ মুৰং অকুমত একগোট হৈ মৃমবৃৰ-য়ামেৰ য়ামমিন বা বিষয়বাববোৰৰ বিতৰণ কৰা হয়। গাঁৱৰ সম্পূৰ্ণ দায়িত্ব পালনৰ ক্ষেত্ৰত দক্ষতা আৰু যোগ্যতা অনুসৰি ডেকা-গাভৰু সকলৰ মাজৰ পৰা য়ামমিন (উপাধি) বা বিষয়বাব প্ৰদান কৰা হয় । য়ামমিন সমূহ বিতৰণত কৰোতে গাঁৱৰ গুণী-জ্ঞাণী ব্যক্তিসকলে সমিতিটোৰ মুখ্য বিষয়বাববোৰ পাই মৃমবৃৰ-য়ামেক সঠিকভাৱে পৰিচালিত কৰিব পাৰে ।
দাগলৃগ বা মৃমবৃৰ-য়াঃমেৰ সামূহিক শ্রমদানৰ সময়ত যাতে সূচাৰু ৰূপে কর্ম সম্পাদন কৰিব পাৰে তেনে উদ্দেশ্য আগত ৰাখিয়েই গাঁৱৰ প্ৰত্যেককে একোটাকৈ বিষয়বাব প্ৰদান কৰা হয়। মৃমবৃৰ-য়াঃমেৰ এনে বিষয়বোৰত বয়সস্থ পুৰুকো সাঙুৰি লোৱা হয় যদিও পৰাপক্ষত বিবাহিত মহিলাক অন্তৰ্ভুক্ত কৰা নহয়। ঘৰুৱা কামৰ অতিৰিক্ত বোজাৰ বাবেই বোধহয় বিবাহিত মহিলাক অন্তৰ্ভুক্ত নকৰে ।
তলত মৃমবৃৰ-য়াঃমেৰ য়ামমিন (উপাধি) আৰু তেওঁলোকৰ দায়িত্ববোৰ চমুকৈ উল্লেখ কৰা হ’ল ।
১) মিগম বৰা (বৰুৱা) -
মৃমবৃৰ-য়াঃমেৰ প্ৰথম আৰু প্রধান বিষয়বাব। ই পুৰুষ য়ামমিন। এখন গাঁৱৰ সমাজপ্রিয় গুণী-জ্ঞানী তথা সু-বিবেচক বুলি পৰিচিত বয়সস্থ ব্যক্তিক এই উপাধি বা য়ামমিন প্রদান কৰা হয়। তেওঁৰ কাম হ’ল মৃমবৃৰ-য়াঃমেৰ যিকোনো ধৰণৰ বাদ-বিবাদ, ওজৰ আপত্তিৰ ক্ষেত্রত বা কোনো বিষয়ৰ আলোচনাত তেওঁ চূড়ান্ত সিদ্ধান্ত দিব পাৰে । কোনো য়ামমিনেই মিগম বৰাৰ সিদ্ধান্ত বা মতামতক অমান্য কৰিব নোৱাৰে ।
২) ডেকাবৰাঃ
ই পুৰুষ য়ামমিন আৰু মৃমবৃৰ-য়াঃমেৰ সমস্ত পুৰুষ য়ামমিনধাৰীসকলৰ সামূহিক পৰিচালনাৰ ভাৰ ডেকাবৰাৰ। তেওঁ সমস্ত পুৰুষ য়ামমিনৰ সামুহিক কামকাজ তদাৰক কৰে। মহিলা য়ামমিনক বাদ দি কোনো পুৰুষ য়ামমিনেই ডেকাবৰাৰ আদেশ সমান্য নকৰে ।
৩) তিৰি বৰাঃ
মহিলা য়ামমিনবোৰক পৰিচালনা কৰিবৰ বাবে মৃমবৃৰ-য়াঃমেত এগৰাকী তিৰিবৰা থাকে। তেওঁ হ'ল পুৰুষ য়ামমিন। তেওঁ মৃমবৃৰ-য়াঃমেৰ সকলো মহিলা য়ামমিনৰ পিতৃস্বৰূপ। তেওঁৰ আমন্ত্রণ অবিহনে পিতৃ-মাতৃয়ে নিশাও চঃমান আদি অনুষ্ঠানৰ বাবে নিজৰ জীয়ৰী ছোৱালীক ঘৰৰ পৰা নপঠিয়ায়। সেয়েহে তিৰিবৰাৰ বাবে অত্যন্ত ধৈর্যশীল তথা কষ্টসহিষ্ণু ব্যক্তিকহে মনোনীত কৰা হয় ।
৪) বৰাঃ
পুৰুষ য়ামমিন। ডেকাবৰা আৰু তিৰিবৰাৰ পৰামৰ্শদাতা, কামৰ তদন্তকাৰী আৰু দুয়োজন বৰাৰ সমন্বয় ৰক্ষক।
৫) ভূঞাঃ
মৃমবৃৰ-য়াঃমেৰ সমুহীয়া শ্রমদানৰ সময়ত কোনো কোনো য়ামমিনৰ মাজত তর্কবাদ হ’ব পাৰে। এনেবোৰ সৰু-সুৰা দোষৰ বাবে দোষীক কেনে ধৰণৰ শাস্তি প্রদান কৰা হ'ব এই দায়িত্ব ভূঞাৰ।
৬) গাওঁবুঢ়াঃ
পুৰুষ য়ামমিন। গাঁৱৰ বয়সস্থ লোকক মৃমবৃৰ-য়াঃমেৰ গাঁওবুঢ়াৰ বাবে মনোনীত কৰা হয়। ৰাজহুৱা শ্রমদানৰ সময়ত কোনো য়ামমিনৰ মাজত কিবা ওজৰ আপত্তি থাকিলে ভূঞাৰ বিধান মতে গাঁওবুঢ়াই দোষীৰ ওপৰত শান্তিৰ ৰায় দিব পাৰে। এই ক্ষেত্ৰত গাঁওবুঢ়াৰ ৰায়েই চূড়ান্ত। ৰাজজহুৱা আচাৰ অনুষ্ঠানৰ সময়ত গাঁওবুঢ়াই অনুশাসনৰ ওপৰত নজৰ ৰাখে।
৭) উদাৰুং -
পুৰুষ য়ামমিন। বিহুৰ চঃমানত তেওঁ পদ গাব লাগে। তদুপৰি মৃমবৃৰ-য়াঃমেৰ মাজত যিকোনো বিবাদ দেখা দিলে তেওঁ গোচৰীয়া আৰু অপৰাধী দুয়োপক্ষকে জেৰা কৰি প্ৰকৃত সত্য উদঘাটন কৰি লয়।
৮) হাজৰিকাঃ
কেবাজনো য়ামমিনৰ ওপৰত হাজৰিকাৰ দায়িত্ব আছে। অৱশ্যে মৃমবৃৰ-য়াঃমেৰ সকলো য়ামমিনৰ ওপৰত মাত্ৰ এগৰাকীহে হাজৰিকা পতা হয় আৰু ইয়াৰ বাবে পুৰুষকে অগ্রাধিকাৰ দিয়া হয়। মৃমবৃৰ-য়াঃমেৰ সুখ-দুখ, খাদ্য, স্বাস্থ্য ৰক্ষা আদি বিষয়ৰ ওপৰত হাজৰিকাই চকু দিয়ে। সেয়েহে শ্রমদানৰ অন্তত সকলো য়ামমিনে সমানে খাদ্য আৰু পানীয়ৰ ভাগ পোৱা নোপোৱাৰ ক্ষেত্ৰত তেওঁ যথেষ্ঠ সচেতনতাৰে চকু দিব লাগে।
৯) পাঞ্চনীঃ
প্ৰতি পাঁচজন য়ামমিনৰ ওপৰত পাঞ্চনিয়ে কতৃত্ব প্ৰয়োগ কৰিব পাৰে। গতিকে পুৰুষ আৰু মহিলা উভয়ে পাঞ্চনীৰ দায়িত্বভাৰ ল’ব লগা হয় ।
১০) শইকীয়াঃ
পুৰুষ বা মহিলা উভয়েই শইকীয়াৰ দায়িত্বভাৰ ল’ব পাৰে যদিও ইয়াৰ বাবে পুৰুষকহে অগ্রাধিকাৰ দিয়া দেখা যায়। তেওঁ মৃমবৃৰ-য়াঃমেৰ পুঁজিৰ হিচাপ ৰাখে।
১১) ধন ভড়ালীঃ
পুৰুষ য়ামমিন। শইকীয়াৰ হিচাপ নিকাচ অনুসৰি মৃমবৃৰ-য়াঃমেৰ সমস্ত ধন তেওঁ জমা ৰাখে। গাঁৱৰ বিত্তবান লোককে ধন ভড়ালীৰ বাবে বিবেচনা কৰা হয় যাতে লাগ বুলিলেই তেওঁ মৃমবৃৰ-য়াঃমেক টকা পইচাৰ যোগাৰ কৰি দিব পাৰে। ৰাইজৰ সিদ্ধান্ত অনুসৰি তেওঁৰ হাতত সংগৃহীত ধন তেওঁ মোকলাই দিব লাগে।
১২) ঢুলীয়াঃ
পুৰুষ য়ামমিন। য়াঃমে মৃমবৃৰৰ ঢোলবাদক। বিহু, গুমৰাগ আদিত তেওঁ ঢোল বজাই অনুষ্ঠান পৰিবেশন কৰে। চঃমানৰ নৃত্য গীতৰ পৰিচালক বা প্রশিক্ষকৰ দায়িত্ব তেওঁ পালন কৰে।
১৩) ঢোলাঘৰীয়াঃ
পুৰুষ য়ামমিন। মৃমবৃৰ-য়াঃমেৰ ঢোলবোৰ তেওঁ সংৰক্ষণ কৰি ৰাখে ।
১৪) তালুৱাইঃ
তাল বাদক, ঢুলীয়াৰ সংগী। তেওঁলোকৰ পাৰ্গতালিৰ গভীৰতাতে মৃমবৃৰ য়াঃমেৰ চঃমানৰ সৌন্দৰ্য বহু পৰিমাণে নিৰ্ভৰ কৰে।
১৫) চাকি চোৱা
উভয়লিংগী য়ামমিন। ৰান্ধনিয়ে প্রস্তুত কৰা খাদ্যৰ জুতি প্রথমে তেওঁৱেই পৰীক্ষা কৰি যথাবিহিত পৰামৰ্শ আগবঢ়ায়। খাদ্যৰ মান অনুসৰি সেই খাদ্য পৰিবেশন কৰিবলৈ দিয়া নিদিয়াৰ চূড়ান্ত ৰায় তেওঁ দিব পাৰে।
১৬) চেওতাঃ
উভয়লিংগী য়ামমিন যদিও পুৰুষ প্ৰধান হোৱা দেখা যায়। ৰাজহুৱা শ্রমদানৰ সময়ত কোনো য়ামমিনে গাফিলতি কৰিলে ভূঞা আৰু গাঁওবুঢ়াৰ ৰায় অনুসৰি দোষী য়ামমিনক তেওঁ সৌকাৰে কোবাব পাৰে।
১৭) জমাদাৰঃ
পুৰুষ য়ামমিন। য়াঃমে মৃমবৃৰৰ সা-সম্পত্তি তেওঁ সংৰক্ষণ কৰি ৰাখে। ঢোল তালৰ বাদে বিভিন্ন প্ৰকাৰৰ বাচন বৰ্তন, পুৰস্কাৰ, নথি-পত্ৰ আদি সংৰক্ষণৰ দায়িত্ব তেওঁৰ। লৗনং মাৰবাংবোৰো তেওঁৰ হাততে সংৰক্ষিত হৈ থাকে।
১৮) হুকুমদাৰীঃ
পুৰুষ য়ামমিন। হুকুমদাৰীৰ প্রত্যক্ষ আদেশ অবিহনে কোনো কামৰ আৰম্ভনি বা সামৰণি মৰা নহয়। ৰাজহুৱা শ্রমদানৰ সময়ত সকলো সভ্য একে শাৰীতে থিয় হৈ শেষ হ’লেহে তেওঁ শ্ৰম আৰম্ভ কৰিবলৈ হুকুম জাৰি কৰে। বিলনীয়াই খাদ্য পৰিবেশন কৰিবৰ বাবে হুকুমদাৰীৰ আজ্ঞা ল'ব লাগে।
১৯) পানীঅলাঃ
পানী যোগান ধৰোতা পুৰুষ য়ামমিন। ৰাজহুৱা শ্ৰমৰ সময়ত দিনে দুবাৰকৈ প্ৰত্যেকৰে ভাগত পৰাকৈ ক্ৰম অনুসৰি পানী যাচিব লাগে। কোনো য়ামমিন পদবীত ডাঙৰ বা বয়োজ্যেষ্ঠ বুলি কণিষ্ঠজনক ডেই যোৱা নাযায়। গাঁৱত পৰিয়ালৰ সংখ্যাৰ অনুপাতে পানী অলাৰ বাবে ছয় সাতজন সক্ষম পুৰুষক মনোনীত কৰা হয়।
২০) বাৰৃগ
বাৰৃগ গাঁৱৰ গুৰুত্বপূৰ্ণ পুৰুষ য়ামমিন। ৰাজহুৱা শ্রমদানৰ বাবে কোনো ঘৰৰ পৰা বৰুৱাৰ ঘৰত টোপোলা আগবঢ়ালেই টোপোলাৰ এক অংশ তামুলীলৈ ৰাখি আন অংশ বাৰৃগক দি শ্রমদানৰ আগনিশা য়াঃমে মৃমবৃৰক জনাই দিবৰ বাবে বাৰৃগে জান দিব লাগে। কোনো উপলক্ষত গাঁৱত গেনা বা আলোচনা থাকিলেও বাৰৃগে জান দিয়াৰ জৰিয়তে গাঁওবাসীক অৱগত কৰাব লাগে।
২১) টেকেলা
পুৰুষ য়ামমিন। তিৰিবৰাৰ সহকাৰী। তিৰিবৰাৰ অনুপস্থিতিত তেওঁ তিৰিবৰাৰ দায়িত্ব চম্ভালিব লাগে।
২২) গৃতৌঃ পঃয়ুপ (Gíté Po:yup)
পুৰষ য়ামমিন। য়াঃমে-মৃমবৃৰৰ শ্ৰমস্থানৰ পথ প্রদর্শক। ইয়াৰ অৰ্থ হ’ল - নিৰ্দিষ্ট স্থানত চালি বনাই থকা ।
২৩) কেমদাৰ
পুৰুষ য়ামমিন। মৃমবৃৰ-য়াঃমেৰ মাজলৈ কোনো পুৰুষ অতিথিৰ আগমন ঘটিলে তেওঁ তেনে অতিথিক সেৱা সৎকাৰ কৰিব লাগে। বৌদাৰ (Bédar) নামৰ পুৰুষ যামমিন ধাৰীজনে তেওঁৰ সহকাৰী হিচাপে কাম কৰে। পঃৰাগৰ মিনম (আলহী) আমন্ত্ৰণৰ সমস্ত দায়িত্ব তেওঁৰ। আনকি কোনখন গাঁৱক মিনম হিচাপে নিমন্ত্রণ কৰিব তাৰো ঠিকনা তেৱেঁই দিব লাগে।
২৪) ডাৰোগা
পুৰুষ য়ামমিন। মৃমবৃৰ-য়াঃমেৰ আৰক্ষী বিষয়া। ৰাজহুৱা শ্ৰমৰ সময়ত কোনো লোকে দোষ কৰিলে দাৰোগাই তেনে ব্যক্তিক ধৰি নি গাঁওবুঢ়াৰ ওচৰত চমজাই কি কি অপৰাধৰ বাবে আটক কৰা হ'ল তাৰ প্ৰতিবেদন দাখিল কৰিব লাগে ।
২৫) গুপ্ত পুলিচ
পুৰুষ য়ামমিন। মৃমবৃৰ-য়াঃমে সংক্রান্তীয় কোনো লোকৰ গুপ্ত কথা, কর্ম আদি অনুসন্ধান কৰি গোপনে গাঁওবুঢ়া বা দাৰোগাৰ ওচৰত তেওঁ তথ্য জনাই দিব লাগে।
২৬) মুন্সিফ
পুৰুষ য়ামমিন। ৰাজহুৱা শ্রমদানৰ অন্তত মৃমবৃৰ-য়াঃমেয়ে গৃহস্থৰ চোতালত সমবেত হোৱাৰ সময়তে মুন্সিফৰ নেতৃত্বত চোতালখন চাফ-চিকুণ কৰি তাত আসন আদিৰ ব্যৱস্থাৰ কৰা হয়।
২৭) কাণ মুছাই
পুৰুষ য়ামমিন। ৰাজহুৱা শ্রমদানৰ সময়ত কোনো য়ামমিনে গাফিলতি কৰি ধৰা পৰিলে গাঁওবুঢ়াৰ ৰায় অনুসৰি তেওঁ অপৰাধীৰ কাণত মুছৰি শাস্তি বিহে।
২৮) চাপৰাচি
পুৰুষ য়ামমিন। বৰুৱা, বৰা, ডেকা বৰা, তিৰি বৰা, শইকীয়া, ধন ভড়ালী, উদাৰুং, গাঁওবুঢ়া আদিৰ মাজত তথ্য সৰবৰাহ কৰাই তেওঁৰ কাম ।
২৯) তামূলী
পুৰুষ মহিলা উভয়কে এই য়ামমিন প্রদান কৰা হয়। দাগলৃগৰ কাম আৰম্ভ হোৱা, দুপৰীয়াৰ আহাৰ বিৰতি আৰু সন্ধ্যাৰ ভোজন পৰ্বৰ সময়ত মুঠতে ৰাজহুৱা শ্ৰমৰ দিনটোত তিনিবাৰকৈ তেওঁ ৰাইজক তামোল বিলাব লাগে।
৩০) বৰাণী
মহিলা য়ামমিন। গহীন গম্ভীৰ স্বভাৱৰ, ধীৰ-স্থিৰ মনোভাৱৰ ছোৱালীক বৰাণীৰ বাবে মনোনীত কৰা হয়। তেওঁ তিৰি বৰাৰ কাম কাজৰ তদাৰক কৰাৰ লগতে কেতিয়াবা তিৰিবৰাৰ সহায়কাৰী হিচাপেও কাম কৰিব পাৰে।
৩১) বৰপোৱাৰী
মহিলা য়ামমিন। তিৰিবৰা, টেকেলা আৰু চেওতাৰ অৱৰ্তমানত বৰপোৱাৰীয়ে মৃমবৃৰ-য়াঃমেৰ সমস্ত মহিলাক পৰিচালনা কৰিব লগা হয়। সেয়ে বয়সত জ্যেষ্ঠ গাভৰু ছোৱালীকহে এই পদৰ বাবে মনোনীত কৰা হয়। বৰাণীৰ দৰে বৰপোৱাৰীয়ে মহিলাসকলৰ পক্ষত থিয় দিয়ে।
৩২) চাকনি
মহিলা য়ামমিন। ৰাজহুৱা শ্রমদান, পঃৰাগ, আলি আঃয়ে লৃগাং আদি অনুষ্ঠানত তেওঁ প্রধানকৈ আপং (বিশেষকৈ নগজিন আপং) চকাৰ কাম কৰে। অৱশ্যে পঃবৰ দাগনামৰ দৰে কঠোৰ শ্ৰমজড়িত উপলক্ষত চাকনিক এৰাই চলা দেখা যায়।
৩৩) পকয়প
মহিলা য়ামমিন। বিভিন্ন জনৰ মাজত মিটি মিটি সিজনীৰ কথা ইজনীক, এজনৰ কথা আনজনক লগাই ধেমেলীয়া খং তোলাই হ'ল তেওঁৰ কাম। তেওঁৰ কৰ্মকাণ্ডই সভ্যসকলৰ মাজত হাঁহিৰ খোৰাক যোগাই ৰ’দে বৰষুণে পৰিশ্ৰম কৰাৰ অৱসাদ দূৰ কৰায়।
৩৪) য়ামকী
মহিলা য়ামমিন। মৃমবৃৰ-য়াঃমেৰ মঞ্চলৈ কোনো মহিলা আলহী অতিথি আহিলে তেওঁ তেনে অতিথিক সেৱা শুশ্রুষা কৰিব লাগে। অৱশ্যে পঃৰাগৰ মিনম আমন্ত্ৰণৰ প্রক্রিয়াত তেওঁৰ ভুমিকা নগণ্য হৈ পৰে।
৩৫) ৰৌমচুক Rémsuk)
মহিলা য়ামমিন। ৰৌমচুক শব্দৰ অৰ্থ হ’ল আৰৌম চুপুং বা লাঃপাক অর্থাৎ বাহি বাচন বর্তন চাফাই কাৰিণী। খাদ্য বিতৰণৰ সময়ত পাত বা বাচন বৰ্তন পৰিস্কাৰ কৰা কাম তেওঁৰ নেতৃত্বত সমাপন কৰা হয়। Rími, Rímki আদি য়ামমিনধাৰীসকলে তেওঁক সহায় কৰে ।
৩৬) নাচনী
মহিলা য়ামমিন। নাচৰ আঁত ধৰোতা। তেওঁৰ নেতৃত্বতে মৃমবৃৰ-য়াঃমেৰ নাচ পৰিচালিত হয়।
৩৭) নামতি
মহিলা য়ামমিন। সুকণ্ঠী গায়িকা। মৃমবৃৰ-য়াঃমেৰ চঃমানৰ সময়ত নামতিয়ে প্রথমে অই নিঃতমৰ অৱতাৰণা কৰি সংগীসকলক উৎসাহিত কৰিব লাগে।
৩৮) উদানী
মহিলা য়ামমিন। নামতী-নাচনীৰ সহকাৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিব পাৰে। মূলত মহিলা বিষয়ববীয়া সকলৰ মাজত বিবাদৰ সূত্রপাত ঘটিলে উদানীয়ে বিবাদীসকলক জেৰা কৰি প্ৰকৃত সত্য উদঘাটন কৰে।
৩৯) ভূঞানী
মহিলা য়ামমিন। উদানীৰ দ্বাৰা উদঘাটিত সত্যৰ আঁট ধৰি তেওঁ মহিলাসকলৰ বাদ বিবাদৰ মিমাংসা কৰি দিয়ে। ভূঞাৰ অৰ্বতমানত তেওঁ ভূঞাৰ কাৰ্যাৱলী পৰিচালনা কৰিব লাগে।
৪০) বিলনীয়া
উভয়লিংগী য়ামমিন। মৃমবৃৰ-য়াঃমেৰ খাদ্য সামগ্ৰীৰ বিতৰক। গাঁৱৰ জনসংখ্যাৰ অনুপাতে পানীঅলাতকৈ বিলনীয়াৰ সংখ্যা বেছি হয়। পানী বিতৰণৰ দৰেই ক্রম অনুসৰি শৃংখলাবদ্ধভাৱে খাদ্য সামগ্ৰী পৰিবেশন কৰিব লাগে। বিলনীয়া সকলে খাদ্য সামগ্ৰী পৰিবেশনৰ সময়তে নিজৰ ভাগৰ পাত পাৰি ভাগ ল’ব লাগে যাতে এৰেহাখিনিহে তেওঁলোকৰ ভাগত নপৰেগৈ।
ওপৰত বিৱৰণ দিয়া য়ামমিন সকলে পঃৰাগ উৎসৱতে আৱদ্ধ নহয় বিভিন্ন অনুষ্ঠান বা উৎসৱ-পাৰ্বণ যেনে আলি আঃয়ে লৃগাং, দদগাং, গোমৰাগ চঃমান, আদা দাঙাং, লক্ষ্মী দঃদে, গাৱৰ বিভিন্ন অনুষ্ঠানতে কিছু কিছু য়ামমিন প্ৰয়োজন হয় । বৰ্তমান সময়ত তদুপৰি কিছুমান য়ামমিন প্ৰয়োজন হয় যেনে - বেলি চোৱা, পুকচাই বৰা, খাব জনা, শুব জনা, মৃমবৃৰ টেকেলা ইত্যাদি ইত্যাদি। পঃৰাগ উৎসৱ শেষ হোৱা পিছত মৃমবৃৰ - য়াঃমেৰ য়ামমিন (উপাধি) সভাৰ জড়িয়তে ভংগ কৰে আৰু পুনৰ গঠন কৰা হয় ।
শেষত তৰুণ চন্দ্ৰ পামেগামৰ কথাৰে সামৰিলো - “পঃৰাগ উৎসৱে মিচিং সমাজলৈ আনি দিয়ে প্রেম-প্রীতি, মৰম-স্নেহ, কর্মতৎপৰতা, কর্তব্যপৰায়ণতা, সমাজ সেৱা, দায়িত্ববোধ আৰু বাধ্যতামূলক গুণ।”
সহায়ক গ্ৰন্থপঞ্জীঃ
মেদক, ৰামেশ্বৰঃ পঃৰাগ, গোগামুখ, ২০০৯ ।
Pa:yeng, Tuladoi & Noro, Dimbesor, (Nébíng Kumsu ) DÍRBÍ ARÍNG. 2018,
(উত্তৰ লখিমপুৰ বাংকে আগম কৗবাঙৰ পৰা সম্পা.)
আলোচনী - দলে, ৰঞ্জন (সম্পা.) পঃৰাগ - ২০২১
লেখকৰ ভ্ৰাম্যঃ ৯১২৭৪৬৯৪০৮
Mising Anu Lutad, February, 2025