নালাগে মোক মৃত্যুৰ পিছত
হৰেন কপ্তাক
নালাগে মোক
তোমাৰ এধানি মৰম
মৃত্যুৰ পিছত
নালাগে মোক
তোমাৰ দুচকুৰ লোতক
মৃত্যুৰ পিছত
পাৰ যদি দলিয়াই দিবা
এমুঠি মাটি কবৰ স্থানত
যদিহে মনত পৰা
ঢাকি দিবা
বগা এখন কাপোৰ
কফিনৰ ভিতৰত
অন্ততঃ শান্তিৰে জিৰণিকণ ল’ম
কিন্তু নাপাতিবা
সোঁৱৰণী সভা
মৃত্যুৰ পিছত
বিজ্ঞাপন দি
উদযাপন নকৰিবা
মৃত্যু উৎসৱ,
মৃত্যুৰ শুভেচ্ছা বাণী
বিচাৰি দৌৰি নুফুৰিবা
যি বাণীয়ে
জী উঠাব নোৱাৰে
নিথৰ দেহ!
শ্ৰদ্ধাঞ্জলি কিম্বা
মৌন প্ৰাৰ্থনাৰ
অভিনয় দি নুফুৰিবা
ঘঁৰিয়ালৰ চকুপানীৰে
আৱেগিক কৰি নুতুলিবা আত্মীয়ক
জীয়াই থকা দিনকেইটিত
মিছা অপবাদেৰে
দিন নিয়ালা
আনকি নৰিয়া পাটিত
থকা সময়তো
আজৰি সময়কণ নাপালা
দেখা সাক্ষাত কৰিবলৈ!
চিকিৎসাৰ বাবদ
এপইচা দান বৰঙণিও
আবঢ়াবলৈ সমৰ্থ নহলা
কিন্তু মৃত্যুৰ পিছত
নালাগে নাম গুণ গাব
নালাগে সাজিব
অট্টালিকাৰ স্মৃতি সৌধ
মৃত্যু উৎসৱ-পাৰ্বন সকামৰ নামত
নালাগে ভোজ ভাতৰ প্ৰয়োভৰ
নালাগে মোক
তিলনি শুচি দদগাং
দহাৰ নামত
খৰচ নকৰিবা
অজস্ৰ ধন
যি ধনে পুনৰ
ঘূৰাই আনিব নোৱাৰে
নিথৰ দেহাটি
কাবৌ কৰিছো
নালাগে মোক
মৃত্যুৰ পিছত
স্মৃতি দিৱস
নালাগে কৰিব
মৰণোত্তৰ বঁটা
স্মৃতি গ্ৰন্থৰ নামত
নালাগে মোক সম্পাদনা সমিতি
কিন্তু প্ৰয়োজন আছিল
সাহাৰ্য্য ন্যাসৰ দৰে
চিকিৎসাৰ বাবে
শকত ধনৰ অভাৱত
সহায়ৰ হাত আগবঢ়োৱা
নিকা ভাবমুৰ্তিৰ এখন সমিতি
আশা আছিল
জীয়াই থকা দিনকেইটিত
হত্যা, হিংসা, পৰিহাৰ কৰি
হাতে-হাত ধৰি
শান্তিৰ নিজৰা বোৱাবলৈ
Mising Anu Lutad, February, 2025