Type Here to Get Search Results !

ৰাজনীতিৰ জংক পংক

 


ৰাজনীতিৰ জংক পংক


জাতিৰাম কামান


     খৰস্ৰোতা পানীক বালিভেটাৰে যেনেতেনে বাধা দি ৰখাৰ দৰে বিজেপিক ‘আপে’ দিল্লীত ভেটা দি ৰাখিছিল। বালিভেটাৰে কিমানিদিন ভেটি ৰাখিব প্ৰৱল বেগে ধাবিত জলধাৰাক? অৱশেষত এয়াই হল। দিল্লীত বিজেপি চৰকাৰ আহিল ত্ৰিশ বছৰৰ পাছত। কেজৰিৱালৰ আপৰ পতন ঘটিল। আচলতে কেজৰিৱালে নিৰ্বাচনৰ আগেয়েই নিজৰ ভৰিত কুঠাৰ মাৰিছিল ৰাহুলৰ পিঠিত ৰাম টাঙোন মাৰি। তাকে দেখি কংগ্ৰেছেও হলা গছত বাগি কুঠাৰ মাৰিলে আৰু বিজেপিয়ে চল চাই কঠিয়া পাৰিলে। এয়াই ৰাজনীতি।ক্ষমতা দখল কৰাৰ নীতি, কূটনীতি, কৌশল যিয়েই নকওক বিজেপিয়ে সকলোখিনি প্ৰয়োগ কৰি আহিছে প্ৰতিটো নিৰ্বাচনত। ক্ষমতা লাভৰ বাবে চানক্য নীতি সাম-দাম-দণ্ড-ভেদ একোৱেই বাদ দিয়া নাই বিজেপিয়ে। নিৰ্বাচনী যুদ্ধত জিকাৰ এয়াও এক অমোঘ মন্ত্ৰ!

   নিসন্দেহে অৰবিন্দ কেজৰিৱাল এগৰাকী নিকা ভাৱমূৰ্ত্তিৰ ৰাজনীতিক। তেওঁৰ সততাৰ প্ৰতি গভীৰ ভাৱে তেওঁ আত্মবিশ্বাসী যদিও তেওঁ বহু সহযোগীক বিশ্বাসত নলয় এয়া কেজৰিৱালৰ মাইনাচ পইন্ট। কুমাৰ বিশ্বাস, যোগেন্দ্ৰ যাদৱ আদিৰ দৰে অনুভৱী ৰাজনৈতিক সতীৰ্থক গতিয়াই দিয়াৰ দৰে এইবাৰ নিৰ্বাচনৰ আগে আগে ৰাহুল গান্ধীকো ঠেলি নৰেন্দ্ৰ মোদিৰ শাৰীত বহুৱাই থলে।সুযোগ সন্ধানী মোদীয়ে তাৰেই পূৰ্ণ সুযোগ গ্ৰহণ কৰিলে আৰু সাত্তা হাচিল কৰিলে।

    আপে কংগ্ৰেছৰ লগত মিত্ৰতা কৰা হলে আপ আৰু বিজেপিৰ চিট সমান সমান হলহেঁতেন অথবা বিজেপিতকৈ কিছু বেছি লাভ কৰিলেহেঁতেন। দিল্লী ইলেকচনৰ ৰিজাল্টে তাৰেই ইংগিত দিছে।যত যত আপ হাৰিছে তাতেই হৰা সংখ্যক অথবা তাতোকৈ সংখ্যাধিক্য ভোটত কংগ্ৰেছ প্ৰাৰ্থী গৰাকী নিৰ্ণায়ক ভোটত ভেটা দিছে আপক।ইয়াৰ পৰাই প্ৰতীয়মান হয় যে কেজৰিৱালৰ প্ৰি ইলেকচন অংকৰ খেলিমেলি হৈছে। কংগ্ৰেছৰ সতে মিত্ৰতা নকৰাৰ কুফল ভোগ কৰিছে।

    দিল্লী নিৰ্বাচনৰ পৰা বিৰোধীয়ে শিক্ষা নললে ২৬ ৰ অসম বিধান সভাৰ নিৰ্বাচনৰ গতিও একেই যে নহব তাক ন দি কব নোৱাৰি। ৰাহুল গান্ধী, মমতা বেনাৰ্জী, অৰবিন্দ কেজৰিৱাল, অখিলেশ যাদৱ, নিতিশ কুমাৰ, চন্দ্ৰবাবু নাইডু আদি একো একো গৰাকী সুপ্ৰতিষ্ঠিত ৰাজনৈতিক নেতা যদিও ৰাজনৈতিক চাতুৰ্যতাৰ অভাৱত সেই ৰাজনৈতিক নেতাসকল ৰাজনৈতিক ভাৱে পৰিপক্ক হৈ উঠা নাইকিয়া। ইয়াত নাইডু আৰু নিতিশক একাষৰীয়াকৈ থলো বাৰু। এই হালৰ ৰাজনীতি বেলেগ পৰ্য্যায়ৰ।

    ভাৰতবৰ্ষৰ দৰে এখন বিশাল গনতান্ত্ৰিক দেশত নিজৰ ৰাজনৈতিক ছাপ ৰাখিবলৈ অকল নিকা ভাৱমূৰ্তিয়েই যথেষ্ট নহয়, ইয়াৰ লগতে কিছু কূট কৌশলো অৱলম্বন কৰিব লাগিব ক্ষমতাৰ গাদী দখল কৰিবলৈ। অকল নিজৰ ব্যক্তিত্ব আৰু দলীয় ৰাজনৈতিক এজেণ্ডাক সাৱটি লৈ ক্ষমতা লাভ কৰিব নোৱাৰি, যিটো ৰাহুল গান্ধী সমন্বিতে বাকী সকলে কৰি আছে। নৰেন্দ্ৰ মোদিয়ে দেশৰ ক্ষমতাৰ বাঘজৰী ডাল হাতত লোৱাৰ আগতে তেওঁৰ প্ৰত্যাহ্বান ৰূপে থিয় দিব পৰা লাল কৃষ্ণ আদৱাণী, মুৰলী মনোহৰ যোশী, য়শৱন্ত সিনহা আদিৰ দৰে নেতাৰ পাখি কাটি অনুগামী সকলৰ সতে আগবাঢ়িল, যিসকলে কস্মিনকালেও তেওঁক ৰাজনৈতিক ভাৱে প্ৰত্যাহ্বান জনাব নোৱাৰে বা নোৱাৰিব!আৰু এয়াই ঘটি আছে। এতিয়া বিজেপিত যিসকল নেতা নৰেন্দ্ৰ মোদিৰ অন্ধ অনুগামী সেইসকলে জানে যে মোদি ক্ষমতাৰ পৰা খহি গলেই তেওঁবিলাকৰ ৰাজনৈতিক কেৰিয়াৰ শেষ হব,সান্দহ খোৱা বালি তল যাব।গতিকে তেওঁক অন্ধভাৱে চাপৰ্ট কৰি গৈ থকাৰ বাদে গত্যন্তৰ নাই। ৰাজনীতিত মজি থকাৰ এয়াই অন্তিম উপায়।

  ৰাজনৈতিক জীৱনত নৰেন্দ্ৰ মোদদীৰ ব্যক্তিগত ভাৱমূৰ্তি নিকা যদিও তেওঁৰ ইকনমিক পলিচী আৰু ফৰেইন পলিচী বৰ সুবিধাজনক নহয়।নিতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ কান্ধত ধৰি পেং ডাল লৈ যেনেতেনে খোজ দিয়াৰ দৰে চৰকাৰ খন চলাই আছে যদিও মোদি চৰকাৰৰ এটা পজিটিভ দিশ হল বিজেপি দলত আভ্যন্তৰীণ সংঘাত নাই! থাকিলেও মুখ খুলি কব পৰা পৰিৱেশ বিজেপিৰ ভিতৰ চ'ৰাত নাই, যিটো সচৰাচৰ কংগ্ৰেছ আৰু অন্য দল সমূহত দেখা যায়।

  কংগ্ৰেছ তথা অন্য ৰাজনৈতিক দলসমূহে সেই শিক্ষা বিজেপিৰ পৰা লব লাগিব।দলীয় অনুশাসন নাথাকিলে কোনো দলেই অধিক সময়ৰ বাবে তিষ্টি থাকিব নোৱাৰে, ক্ষমতা দখল কৰিব নোৱাৰে। অৱশ্যে কংগ্ৰেছৰ ৰাজনৈতিক অনুভৱ বিজেপিতকৈ বেছি।

   ঐতিহাসিক কংগ্ৰেছী ৰাজনীতিক পাইৰেছি কৰি বহু কষ্টৰে বিজেপিয়ে দেশৰ গাদী দখল কৰিছে আৰু খামোচ মাৰি ধৰি আছে আৰু ধৰি থাকিব যেতিয়ালৈকে চকীখন বেলেগ শক্তিয়ে বগৰাব নোৱাৰে।

  বিজেপিক বগৰাবলৈ হলে কংগ্ৰেছ তথা সহযোগী দল সমূহে একেলগে থিয় হৈ ৰাজনৈতিক অংক মিলাই যুঁজিব লাগিব তেহে কিবা এটা হবগৈ।নহলে বিজেপিৰ দুৰ্গ ভেদ কৰাতো কঠিন কাম।দিল্লী নিৰ্বাচনৰ দৰে যদি অপৰিপক্ক খেল খেলে তেন্তে অপজিচনৰ অংকত খেলিমেলিবোৰ হৈয়েই থাকিব, ৰাজনৈতিক অংক জংক পংক হৈয়ে থাকিব।

   দিল্লী নিৰ্বাচনত আপেতো ভুল কৰিলেই, লগতে কংগ্ৰেছ, সমাজবাদী, বাওঁপন্থী আদি ঘটক বিলাকো একেই ভুলত দায়ী।

  বিজেপিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়াৰ বিৰোধী ঐক্যৰ এটাই মাথোঁ অমোঘ মন্ত্ৰ হ’ব, এয়া হ’ল United We Stand, Divided we fall.


Mising Anu Lutad, February, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper