Type Here to Get Search Results !

জেপ

 


জেপ


            যতীন মিলি


মনৰ জপনা খুলি বজাৰমুৱা বাট বুলিলেই 

হাতৰ ডেউকাই পলকতে উৰা মাৰে জেপৰ নাভিলে’


জেপতে আছে সুখ জেপতে আছে দুখ 

জেপতে আছে শোক জেপতে আছে ভোক 


অন্তঃসত্বা জেপৰ বাবেই পৰিভ্ৰমণ কৰিব পাৰে

প্ৰত্যয়ৰ প্ৰাচুৰ্য সানি মনৰ দিগন্ত

উৰ্বৰ নিপোটল বক্ষত সংৰোপিত হয় নিটোল সপোন


কাৰোবাৰ বাবে জেপ সুখৰ মেটমৰা সাগৰ 

কাৰোবাৰ বাবে জেপ দুখৰ বিবৰ্ণ প্ৰহৰ 


ধনে-ধানে ভৰি ভৰি থকা মানুহবোৰে 

জেপৰ জোৰতেই নিৰ্মাণ কৰে-

সুউচ্চ ঘৰ, বিলাসী ফ্লেট কিম্বা অট্টালিকা


এই বসুন্ধৰাত আছে ভিন্নাৱয়বৰ জেপ 

ৰাশি ৰাশি ধনেৰে জেপৰ মেদ বঢ়াবলৈ

অনেকে টেবুলৰ তলে আঁকিছে দুৰ্নীতিৰ মেপ


জেপ নিৰ্ধনীৰ দুখৰ দিনৰ নিয়ত সংগী 


জেপৰ বাবেই মোৰ নিছলা আই পিতাইয়ে 

কাহানিও পঢ়ুৱাব নোৱাৰিলে নামী কলেজত

দুচকুত কাহানিও সানিব নোৱাৰিলে গোলাপৰ ৰং


ফাগুনৰ বতাহজাকত অলপ উৰিব খুজিলেও জাপ খাই যায়

মোৰ মনৰ ডেউকাখন


উদং জেপ উদং সপোন 

তথাপি বুকুত শিলৰ কলিজা পিন্ধি জিলিকাব লাগিব 

আমাৰ জীৱনৰ দাপোণ…


Mising Anu Lutad, February, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper