দদগাঙৰ বিষয়ে দুআষাৰ
য়কচা কুলি
ধেমাজি
যোৱা ২০২৩ চনত আমাৰ ঘৰত মোৰ ভাই বোৱাৰীৰ দদগাং আছিল। প্ৰথমতে আলোচনা চলিল যে দদগাং পাতিবলৈ টকা পাঁচ লাখ লাগিব। মই ক’লো যে ইমান টকা কিয় লাগে? ভকত আৰু গাঁৱৰ তথা পৰিয়ালৰ জেষ্ঠ সকলে জনালে যে পেণ্ডেলত ইমান, গাহৰিত ইমান, আপঙত টিমান, আলু, ডালি, মাছ ইত্যাদি কৰি সৰ্বমুঠ পাঁচ লাখ পৰিব।
মই প্ৰথমেই ভকত সকলক সুধিলো যে মিচিং সকলে দদগাং কিয়, কেনেকৈ আৰু কেতিয়া পতা হয়? কোনো এজন ভকতে সদোত্তৰ দিব নোৱাৰিলে। মিচিং সকলৰ বিশ্বাস মতে দদগাঙৰ মাইথ’লজিৰ বিষয়েও একো ক’ব নোৱাৰিলে। আনকি আঃবাংবোৰত উল্লেখ কৰা মতে মিচিং সকলে কাক সন্তুষ্ট কৰিবৰ কাৰণে সকাম পাতে, ইয়াৰ মাইথ’লজিৰ বিষয়েও একো এটা উত্তৰ দিব নোৱাৰিলে। মই আৰু ভকত সকলক ক’লো যে আমি যদি পাঁচ নালাগে দহ লাখ টকা খৰচ কৰি দদগাং পাতো, তেন্তে মৰা মানুহজনী পুনৰ জী উঠিব নেকি? নাই তেখেত স্বৰ্গলৈ যাব? “আপোনালোকে যদি পুনৰ জী উঠাব পাৰিম বুলি নতুবা দদগাঙৰ জড়িয়তে স্বৰ্গলৈ পঠিয়াব পাৰিম বুলি দলিলত চহী কৰক।” সকলো নিমাত হ’ল । সিজনে ইজনৰ চকুলৈ চালে । কেৱলীয়া বা ভাগৱতীয়া ধৰ্ম গ্ৰন্থৰ কোনটো পৃষ্ঠাত মিচিঙৰ দদগাং কেনেকৈ পাতিব লাগে, কিয় পাতিব লাগে আৰু কেতিয়া পাতিব লাগে; ক’ৰবাত উল্লেখ আছে নেকি সুধিলো। তাকো কোনো এজন ভকতে ক’ব নোৱাৰিলে। জেষ্ঠ এজনে ক'লে যে যেনেকৈয়ে নাপাতি তেখেতে এক কুইন্টেল ওজনৰ গাহৰি এটা দিব । মই তেখেতক কলো যে মৃতকৰ নামত আপুনি পঞ্চাছ হেজাৰ খৰচ কৰিব পাৰে, কিন্তু মৃতকৰ সন্তানে ডাক্তৰ পঢ়ি আছে, অথচ তেওঁক কিতাপ এখন কিনি দিব নোৱাৰে? আপোনালোকৰ নিচিনা তথাকথিত শিক্ষিত মানুহবোৰেই মানৱ সম্পদ গঢ়াতকৈ এলান্ধুকলীয়া ৰীতি-নীতিৰ বিশ্বাসেৰে সমাজ খনক অৰ্থনৈতিকভাৱে দূৰ্বল কৰি তুলিছে। আপোনালোকে ‘একপ তাক্তৰ আঃবাং, লৃ:মৃৰ চ:ব আ:বাং, আগম মিগাং শ্ৰদ্ধাৰ নাহেন্দ্ৰ পাদুনদেৱৰ ‘মিবু-মিৰৃ আ:বাং’ বোৰ কিয় অধ্যয়ন নকৰে? সেইবোৰ অধ্যয়ন নকৰিলে মিচিঙৰ সৃষ্টিতত্ত্ব, আধ্যাত্মিক দিশ, মাইথ’লজি, উৎসৱ-পাৰ্বনবোৰ কেনেকৈ জানিব ? গু:মৃন-চ:য়ৃনৰ কথাবোৰ কেনেকৈ জানিব? মেট্ৰিক পাছ নকৰা আমাৰ ভকত সকলক কোনে বুজাব ? ভুলবোৰ কোনে আঙুলিয়াই সংস্কাৰৰ পথ মোকলাব? আমাৰ জানো দায়িত্ব নাই? নে অখিল গগৈৰ দৰে কেৱল যুক্তি আৰু অপিনিয়ন দিয়েই দায়িত্ব সামৰিম? নে গাঁৱৰ ভকত সকলৰ সৈতে একেলগে বহি সংস্কাৰৰ চিন্তা কৰিম ?
মিচিং সকলে বিভিন্ন ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ সম্পৰ্কে শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিক কাজিৰঙাৰ কঁহৰাত অনুষ্ঠিত কাব্যানুষ্ঠানত অৱগত কৰিছিলোঁ। তেখেতে কৈছিল যে দেখিবলৈ বেয়া বুলি শিৱদৌলক তাজমহলৰ দৰে বনাবগৈ নালাগে। ক’ৰবাত ফাটিলে বা ভাঙিলে পূৰ্বতকৈ অধিক মজবুতকৈ সজাব লাগে - শিৱদৌলক শিৱদৌলৰ দৰে ৰাখি।
পিছত সকলোৱে মিলি দদগাং পাতিলো দহ হেজাৰ টকাত। অত্যধিক খৰচৰ ভয়ত ৪০/৫০ বছৰে দদগাং পাতিব নোৱাৰা ১০/১২ ঘৰ পৰিয়ালে একে পদ্ধতিৰে পাঁচ/দহ হেজাৰত দদগাং পাতি খুউব শান্তিৰে আছে। আমাৰ এই গ্ৰুপত বহু স্বনামধন্য লেখক তথা শ্ৰদ্ধাৰ শিক্ষিত লোক আছে। আহক, আমি সকলোৱে নিজ নিজ অঞ্চললৈ গৈ ভকত তথা আয়োজক পৰিয়ালৰ সৈতে একেলগে বহি কথাবোৰ বিতংকৈ আলোচনা কৰো। ব্যয়বহুল (দদগাঙৰ) খৰচৰ পৰা জাতিটোক বচাও। দদগাঙৰ প্ৰকৃত পদ্ধতিৰ বিষয়ে সমাজ খনক অৱগত কৰো। সংস্কাৰৰ বাটেৰে হাতে হাতে ধৰি একেলগে আগুৱাওঁ।
Mising Anu Lutad, February, 2025